ETV Bharat / state

বিশ্ব যক্ষ্মা দিৱস : চিৰাঙত ৫৮০ গৰাকী ৰোগীৰ চিকিৎসা

author img

By

Published : Mar 25, 2021, 2:20 PM IST

চিৰাঙত বিশ্ব যক্ষ্মা দিৱস উদযাপন । যক্ষ্মা ৰোগৰ সজাগতাৰ বাবে আয়োজিত কাৰ্যসূচীত চাৰি গৰাকী স্বাস্থ্যসেৱাৰ লগত জড়িত ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় । জিলা যক্ষ্মা নিয়ন্ত্ৰণ কোষৰ মতে চিৰাঙত বিগত বছৰত যক্ষ্মা ৰোগ ধৰা পৰা ৫৮০ গৰাকী ৰোগীৰ চিকিৎসা এতিয়াও অব্যাহত আছে ।

চিৰাঙত ৫৮০ গৰাকী যক্ষ্মা ৰোগীৰ চিকিৎসা অব্যাহত আছে

চিৰাং,২৫ মাৰ্চ: মঙলবাৰৰ দিনটোত সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হয় বিশ্ব যক্ষ্মা দিৱস । চিৰাং জিলা যক্ষ্মা ৰোগ কোষৰ উদ্যোগতো বিশ্ব যক্ষ্মা দিৱস উদযাপন কৰা হয় । জিলা সদৰ কাজলগাঁৱস্থিত এছআইপিআৰডিৰ সভাকক্ষত দিৱস উপলক্ষে এক সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হয় ।

বিগত বছৰটোত কামৰ পাৰদৰ্শিতাৰ ওপৰত কাজলগাঁও জে এছ বি অসামৰিক চিকিৎসালয়ৰ পৰিচালন সঞ্চালক ডা০ আলালউদ্দিন, লেবৰেটৰী টেকনিছিয়ান চন্দনা ৰায়, শান্তিপুৰ স্বাস্থ্য কেন্দ্ৰৰ কৰ্মী গণেশ বড়ো আৰু দেওশ্ৰীৰ আশাকৰ্মী সৰলা ছেত্ৰীক সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানত জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ৰাতুল চন্দ্ৰ বৰদলৈ, জিলা যক্ষ্মা বিষয়া ডাঃ কুমুদ ডেকা, কাজলগাঁৱৰ জ্যেষ্ঠ চিকিৎসক ডাঃ ৰঞ্জিত মৌপিয়া, চিদলীৰ জ্যেষ্ঠ চিকিৎসক ডাঃ ইউ কে বিশ্বাসসহ বহু চিকিৎসক আৰু বিষয়া উপস্থিত থাকে ।

চিৰাঙত যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ আৰু বিভাগে কৰি অহা কাম কাজৰ ওপৰত মন্তব্য আগবঢ়ায় উপস্থিত বিশিষ্ট ব্যক্তিসকলে । চিৰাঙৰ যক্ষ্মা ৰোগ বিষয়া ডাঃ কুমুদ ডেকাই প্ৰকাশ কৰা মতে, জিলাখনত বিগত বৰ্ষত মুঠ যক্ষ্মা ৰোগীৰ সংখ্যা ৫৮০ গৰাকী আছিল । ইয়াৰ ভিতৰত ১০ গৰাকী ৰোগী জটিল বুলি কোৱা হৈছে । ৰোগী সকলৰ চিকিৎসা এতিয়াও অব্যাহত আছে ।

চিকিৎসক গৰাকীয়ে প্ৰকাশ কৰা মতে, যক্ষ্মা ৰোগত আক্ৰান্ত ৰোগীসকলক পুষ্টিকৰ খাদ্যৰ নামত ডি বি টি আঁচনিৰ জৰিয়তে ২০২০ বৰ্ষত মুঠ ২২.৪৩ লাখ টকা প্ৰদান কৰা হৈছে । ইয়াৰ উপৰিও ১১৭ জন ৰোগীক ৮৭,৭৫০ টকা জনজাতি মাননী, ২২১ গৰাকী আশাকৰ্মীক ২,৬০,০০০ টকা ডটছ লোৱাসকলৰ বাবে প্ৰদান কৰা হয় । ২০২৫ চনৰ ভিতৰত এখন যক্ষ্মামুক্ত ভাৰত গঢ়াৰ লক্ষ্য আগত ৰাখি চিৰাঙত জিলা যক্ষ্মা নিয়ন্ত্ৰণ কোষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা অৱগত কৰে বিষয়াগৰাকীয়ে ।

কাৰ্যসূচীত স্বাস্থ্য বিভাগৰ বিষয়া, কৰ্মচাৰী, আশাকৰ্মী, আশা ছুপাৰ ভাইজাৰ, চেণ্ট আগষ্টাইন হাস্পতালৰ নাৰ্চিং শিক্ষাৰ্থী আদিৰ লগতে অঞ্চলটোৰ বহু লোক উপস্থিত থাকে ।

লগতে পঢ়ক:বিজেপি নেতাৰ পৰিয়ালেও এইবাৰ কংগ্ৰেছক ভোট দিব : ৰকিবুল হুছেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.