চিৰাং/লখিমপুৰ,14আগষ্ট : সমাগত দেশৰ 73নং স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱসৰ বাবে কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ ঠায়ে-ঠায়ে আৰম্ভ হৈছে এই স্বাধীনতা দিৱসৰ প্ৰস্তুতি ৷ এই স্বাধীনতা দিৱস উপলেক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে একতা আৰু সম্প্ৰীতিৰ দৌৰ ৷ এইবাৰ চিৰাঙত তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হ'ব দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বুধবাৰে আয়োজন কৰা হয় একতা আৰু সম্প্ৰীতিৰ দৌৰ ৷ য'ত অংশগ্ৰহণ কৰে কণ-কণ শিশুৰ পৰা বৃদ্ধলৈকে ৷
লখিমপুৰতো লখিমপুৰ আৰক্ষীয়ে আয়োজন কৰে 'Run for unity' শীৰ্ষক এখন দৌৰ ৷ এ.টিম ফিল্ডৰ পৰা নগৰৰ মাজ-মজিয়াৰে গৈ এ.টিম ফিল্ডত সমাপ্ত হয় এই দৌৰ প্ৰতিযোগিতা ৷ লখিমপুৰ জিলাৰ উপায়ুক্ত,আৰক্ষী অধীক্ষকৰ লগতে এই দৌৰত অংশ লয় প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ লগতে আৰক্ষী জোৱানে ৷