ETV Bharat / state

চিৰাঙত ধৰ্ষণকাৰীক ৰক্ষণাবেক্ষণ আৰক্ষী আৰু চিকিৎসকৰ - আৰ এছ এছ

চিৰাং, ১৩ ফেব্ৰুৱাৰী: চিৰাঙৰ আৰ এছ এছ নেতাৰ ধৰ্ষণ কাণ্ডই সৃষ্টি কৰিছে নতুন বিতৰ্কৰ। ধৰ্ষণকাৰী আৰ এচ এচ নেতা বিমল বৰ্মণক ৰক্ষণাবেক্ষণ দিবলৈ আৰক্ষী আৰু চিকিৎসকে মিলি ধৰ্ষিতাৰ মেডিকেল ৰিপৰ্ট গাপ দিয়াৰ অভিযোগ তুলিছে ধৰ্ষিতা মহিলা আৰু স্বামীয়ে।

চিৰাঙত ধৰ্ষণকাৰীক ৰক্ষণাবেক্ষণ আৰক্ষী আৰু চিকিৎসকৰ
author img

By

Published : Feb 13, 2019, 5:27 AM IST

চিৰাঙত ধৰ্ষণকাৰীক ৰক্ষণাবেক্ষণ আৰক্ষী আৰু চিকিৎসকৰ
ভুক্তভোগী মহিলাগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, ঘটনা সংঘটিত হোৱাৰ চাৰিদিনৰ পাচত পুনৰ মেডিকেল পৰীক্ষা কৰিবলৈ ধৰ্ষিতা মহিলাগৰাকীক হেঁচা দিছে আৰক্ষীয়ে। আনহাতে আৰ এছ এছে ভুক্তভোগী মহিলাগৰাকীৰ লগতে পৰিয়ালৰ লোকক থানাৰ পৰা গোচৰ উঠাই লোৱাৰ লগতে ঘটনাৰ মিমাংসা নকৰিলে হত‍্যা কৰাৰ লগতে ঘৰ জ্বলাই দিয়াৰ ভাবুকি দিয়ে।
undefined

ভুক্তভোগী মহিলাগৰাকীয়ে বৰ্তমান ভয়তে ঘৰ এৰি আন ঠাইত থাকিবলগীয়া হৈছে। মহিলাগৰাকীয়ে ন‍্যায় নাপালে স্বামী-স্ত্ৰী একেলগে থানাৰ সন্মুখতে আত্মহত‍্যা কৰাৰ হুংকাৰ দিয়ে। আনহাতে মেডিকেল ৰিপোৰ্ট হেৰুৱাৰ কথা স্বীকাৰ কৰে কাজলগাঁও জে এছ বি অসামৰিক চিকিৎসালয়ৰ অধ‍্যক্ষ চিকিৎসক ড০ মনোজ কুমাৰ দাসে। দাসে সমগ্ৰ ঘটনাৰ বাবে দায়ী কৰে এজন হোমগাৰ্ডক। মহিলাগৰাকীৰ মেডিকেল পৰীক্ষা কৰিছিল চিকিৎসক অনিতা ৰায়ে ।

আক্ৰাছুৰ চিৰাং জিলা সমিতিৰ সভাপতি প্ৰাঞ্জল ৰায়ে আৰ এচ এচ নেতা হোৱা বাবে বিগত চাৰিদিনে বিমল বৰ্মনক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰি সোধপোচ কৰাৰ নাটক ৰচিছে বুলি অভিযোগ কৰে। তেওঁ মেডিকেল ৰিপোৰ্ট হেৰুৱাটোও আৰ এছ এছৰ চতুৰালি বুলি উল্লেখ কৰে‌।

Intro:চিৰাঙৰ আৰ এচ এচ নেতাৰ ধৰ্ষন কাণ্ডই নতুন বিতৰ্কৰ সুচনা কৰিছে । ধৰ্ষক আৰ এচ এচ নেতা বিমল বৰ্মনক ৰক্ষনাবেক্ষন দিবলৈ গৈ গাপ দিলে মেডিকেল ৰিপৰ্ট । আৰক্ষী আৰু চিকিৎসকে মিলি ধৰ্ষিতাৰ মেডিকেল ৰিপৰ্ট গাপ দি আজি চাৰিদিনৰ মুৰত আকৌ মেডিকেল পৰীক্ষা কৰিবলৈ ধৰ্ষিতা মহিলাক আৰক্ষীৰ হেচা । আৰ এচ এচে থানাৰ পৰা গোচৰ ওঠাবলৈ আৰু মিমাংসা হবলৈ হেচা দিয়াৰ ওপৰি হত‍্যা তথা ঘৰ জ্বলাই দিয়াৰ ভাৱুকি দিয়াৰ কথাও সংবাদ মাধ‍্যমক জনালে ধৰ্ষিতা মহিলাজনীয়ে । ভয়তে ঘৰ এৰি অইন ঠাইত থাকিব লগীয়া হোৱাৰ কথাও জনালে ধৰ্ষিতাই । ন‍্যায় নাপালে স্বামী-স্ত্ৰী একেলগে থানাৰ সন্মুখতে আত্মহত‍্যা কৰিব বুলিও জনায়। বাইট : ৮০৯

চিৰাং জিলা সমিতি আক্ৰাছুৰ সভাপতি প্ৰাঞ্জল ৰায়ে কয় যে আজি এই ধৰ্ষক জন আৰ এচ এচ নেতা হোৱা বাবে যোৱা চাৰিদিনে গ্ৰেপ্তাৰ নকৰি সোধপোচ কৰাৰ নাটক ৰচিছে আৰক্ষীয়ে। মেডিকেল ৰিপোৰ্ট হেৰুৱাটো তেওঁ লোকৰ চতুৰালি বুলিও কয় ‌। এয়া কোনো দিনে মানি লোৱা নহব বুলিও কয় । আৰ এচ এচৰ হেচাত আজি নিৰাপত্তা হীনতাত পৰীয়াল টি । বাধ‍্যত পৰি আত্মহত‍্যাৰ কথা কৈছে । এয়া সচাই দুখলগা ঘটনা । আইনৰ প্ৰতি থকা আস্থা উঠিগলে আমি আন্দোলন কৰিবলৈ বাধ‍্য হম বুলিও কয় ছাত্ৰ নেতা জনে । বাইট : ৮১০

মেডিকেল ৰিপোৰ্ট হেৰুৱাৰ কথা স্বীকাৰ কৰিলে চিকিৎসকে । চিকিসক অনিতা ৰায়ে কৰিছিল মেডিকেল । আজি কাজলগাঁও জে এচ বি অসামৰিক চিকিৎসালয়ৰ অধ‍্যক্ষ চিকিৎসক ড°মনোজ কুমাৰ দাসে নিৰ্লজ‍্য ভাৱে মেডিকেল ৰিপোৰ্ট হেৰুৱাৰ কথা কোৱাৰ লগতে ইয়াৰ বাবে দায়ী কৰিলে সাধাৰণ এজন হোমগাৰ্ডক । বাইট : ৮১১

এইদৰেই চলিছে বিজেপি নেতৃত্বাধীন চৰকাৰৰ বেটি বচাও বেটি পঢ়াও আ‍ঁচনি । আৰক্ষী আৰু চিকিৎসকে মিলি আৰ এচ এচ নেতাক সুৰক্ষা দিয়াৰ বাবেই এই দৰে ধৰ্ষনৰ গুৰুত্বপূৰ্ণ নথি মেডিকেল ৰিপোৰ্ট নোহোৱা কৰি দিছে বুলি সৰ্ব্বত্ৰে অভিযোগ উত্থাপন হৈছে । খোদ আৰক্ষীয়ে ধৰ্ষিতাৰ ন‍্যায় প্ৰদানত খেলা কৰিছে।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:তিনিটা বাইট দিলো ক্ৰমে ৮০৯ ধৰ্ষিতা মহিলা, ৮১০ আক্ৰাছুৰ চিৰা‌ং জিলা সভাপতি প্ৰাঞ্জল ৰায় আৰু ৮১১ কাজলগাঁও জে এচ বি চিকিৎসালয়ৰ অধ‍্যক্ষ ড°মনোজ কুমাৰ দাস।

Conclusion:এইদৰেই চলিছে বিজেপি নেতৃত্বাধীন চৰকাৰৰ বেটি বচাও বেটি পঢ়াও আ‍ঁচনি । আৰক্ষী আৰু চিকিৎসকে মিলি আৰ এচ এচ নেতাক সুৰক্ষা দিয়াৰ বাবেই এই দৰে ধৰ্ষনৰ গুৰুত্বপূৰ্ণ নথি মেডিকেল ৰিপোৰ্ট নোহোৱা কৰি দিছে বুলি সৰ্ব্বত্ৰে অভিযোগ উত্থাপন হৈছে । খোদ আৰক্ষীয়ে ধৰ্ষিতাৰ ন‍্যায় প্ৰদানত খেলা কৰিছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.