ETV Bharat / state

চিৰাঙত পথ সুৰক্ষা মাহ পালন - চিৰাঙত পথ সুৰক্ষা মাহ পালন

৩২ সংখ্য়ক ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি চিৰাং জিলাত সজাগতামূলক কাৰ্যসূচী পালন । সজাগতামূলক সমদলত অংশ লয় জিলা প্ৰশাসনৰ বহু বিষয়া, আৰক্ষীৰ লগতে শিক্ষাৰ্থীসকলে ।

চিৰাঙত পথ সুৰক্ষা মাহ পালন
চিৰাঙত পথ সুৰক্ষা মাহ পালন
author img

By

Published : Feb 9, 2021, 5:45 PM IST

চিৰাং,৯ ফেব্ৰুৱাৰী: সমগ্ৰ দেশজুৰি ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে ৩২ সংখ্য়ক ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ । অসমতো পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি সজাগতামূলক বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । তাৰ অংশস্বৰূপে চিৰাং জিলাত মঙলবাৰে পুৱা উলিওৱা হয় এক বিশেষ সমদল । জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত পথ সুৰক্ষা মাহৰ কাৰ্যসূচীত উপায়ুক্ত গৌতম তালুকদাৰে পথ সুৰক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে বৰ্ণনা কৰাৰ লগতে পথ সুৰক্ষা বিষয়ক শপত বাক‍্য পাঠ কৰোৱাই উপস্থিত ৰাইজক । তাৰপিছতে জিলা উপায়ুক্তই পথ সুৰক্ষা সজাগতা সমদলৰ উদ্বোধন কৰে । সমদলত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

চিৰাঙত পথ সুৰক্ষা মাহ পালন

উপায়ুক্ত কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই সজাগতা সমদল জিলা সদৰ কাজলগাঁৱৰ পৰা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথেৰে কাজলগাঁও বজাৰ হৈ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত সমাপ্ত হয় । সমদলত ভাগ লৈ জিলা পৰিবহণ বিষয়া অপূৰ্ব দাসে পথ সুৰক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী তথা আন লোকসকলক সজাগ হ'বলৈ বিশেষভাৱে আহ্বান জনায় । এই সজাগতামূলক কাৰ্যসূচীত জিলা প্ৰশাসনৰ কেইবাগৰাকী বিষয়াৰ লগতে আৰক্ষী, জিলা ক্ৰীড়া বিষয়াসহ স্থানীয় লোকসকল উপস্থিত থাকে ।

লগতে পঢ়ক: অসমৰ ভূমিত মিজো আৰক্ষীৰ শিবিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.