চিৰাং, ৩১ জানুৱাৰী: চিৰাঙৰ কাজলগাঁৱৰ মংলাগাঁৱত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । তীব্ৰবেগী স্কুটীৰ খুন্দাত নিহত হয় এগৰাকী মহিলা ।
ঘটনা অনুসৰি, শনিবাৰে বিয়লি ভাগত কল্পনা সৰকাৰ নামৰ মহিলাগৰাকীয়ে (৪৫) চুবুৰীৰে এঘৰ মানুহৰ ধৰ্মীয় অনুষ্ঠানলৈ যোৱাৰ পথতে পিচফালৰ পৰা আহি থকা এখন তীব্ৰবেগী স্কুটীয়ে প্ৰচণ্ড জোৰে খুন্দিয়াই কল্পনাক । ফলত গুৰুত্বৰভাৱে আহত হোৱাত বঙাইগাঁৱৰ নাৰ্চিং হোমত ভৰ্তি কৰায় যদিও দেওবাৰে চিকিৎসকে মৃত ঘোষণা কৰে কল্পনা সৰকাৰক ।
মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁও জেএচবি অসামৰিক চিৎসালয়লৈ প্ৰেৰণ কৰে মহিলাগৰাকীৰ মৃতদেহ । সম্প্ৰতি ঘটনা সন্দৰ্ভত চিৰাং আৰক্ষীয়ে প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক:কামপুৰত মে-ডাম-মে-ফি উদযাপন