ETV Bharat / state

চিৰাঙত বিটিআৰ ধৰ্মীয় সংখ‍্যালঘু পৰিষদৰ সংবাদমেল

author img

By

Published : Jan 27, 2021, 9:50 PM IST

Updated : Jan 27, 2021, 10:27 PM IST

বিটিআৰ সচিবে শেষতীয়াকৈ জাৰী কৰা ট্ৰাইবেল বেল্ট ব্লকত উচ্ছেদৰ বিষয়ে নিৰ্দেশনা লৈ বিটিআৰ ধৰ্মীয় সংখ‍্যালঘু পৰিষদৰ সংবাদমেল। স্থিতি স্পষ্ট কৰাৰ আহ্বান ইউপিপিএল চৰকাৰক ৷

chirang-rmc-pressmeet-on-tribal-belt-block-eviction
চিৰাঙত বিটিআৰ ধৰ্মীয় সংখ‍্যালঘু পৰিষদৰ সংবাদমেল

চিৰাং, 27 জানুৱাৰী : বিটিআৰ ধৰ্মীয় সংখ‍্যালঘু পৰিষদ চমুকৈ আৰ এম চিয়ে বুধবাৰে চিৰাঙৰ কাজলগাঁৱত এক সংবাদমেলৰ আয়োজন কৰে । যোৱা ২৫ জানুৱাৰীত বিটিআৰৰ সচিব ডি ডি বড়োৱে জাৰী কৰিছিল ট্ৰাইবেল বেল্ট ব্লকত উচ্ছেদৰ নিৰ্দেশনা । উক্ত নিৰ্দেশনাক লৈ সংবাদমেলত বিটিআৰ ধৰ্মীয় সংখ‍্যালঘু পৰিষদৰ সভাপতি আব্দুল আওৱাল মণ্ডলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

তেওঁ এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি কয় যে, বিটিচি নিৰ্বাচনৰ পৰৱৰ্তী সময়ত আৰু অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এই নিৰ্দেশনাৰ জৰিয়তে ৰাজনীতি কৰিব বিচাৰিছে নেকি ইউপিপিএল নেতৃত্বাধীন বিটিআৰ প্ৰশাসনে ।

আব্দুল আওৱাল মণ্ডলে লগতে কয় যে, " বিটিচি চুক্তিত উল্লেখ আছে যে, ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীৰ পৰা বসবাস কৰা সকলো লোকে বিটিচিত ভুমিৰ অধিকাৰৰ পৰা আৰম্ভ কৰি সকলো অধিকাৰ লাভ কৰিব । গণ সুৰক্ষা পাৰ্টি আৰু ইউপিপিএল দলে বিটিচিৰ নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰা ধৰণে বিটিচিৰ লোক সকল যিয়ে য‘ত বসবাস কৰি আছে তাক তাতেই ভুমিপট্টা বা সংস্থাপিত কৰি থকাৰ সুবিধা কৰিব লাগে । "

তদুপৰি বিটিচি চুক্তিক ভেঙুচালি কৰি উচ্ছেদ কৰিলে আন্দোলন কাৰ্যসূচী হাতত লোৱাৰ কথাও জনায় সভাপতিজনে । উক্ত সংবাদমেলত উপস্থিত থাকে ধৰ্মীয় সংখ‍্যালঘু পৰিষদৰ সভাপতি আব্দুল আৱাল মণ্ডলৰ লগতে সম্পাদক আইনাল হক, কোষাধ‍্যক্ষ আতোৱাৰ ৰহমান লগতে চিৰাং জিলা সম্পাদক আব্দুছ ছাত্তাৰ আহমেদ।

লগতে পঢ়ক: কাৰাগাৰত বন্দী হৈ থকা এনডিএফবি সদস‍্যৰ পৰিয়ালৰ ধৰ্ণা

Last Updated : Jan 27, 2021, 10:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.