ETV Bharat / state

চিৰাঙত চৰকাৰী চাউল বিতৰণক কেন্দ্ৰ কৰি উত্তেজনা - চিৰাঙত চৰকাৰী চাউল বিতৰণক কেন্দ্ৰ কৰি উত্তেজনা

লকডাউনৰ মাজতে প্ৰধান মন্ত্ৰীয়ে দৰিদ্ৰ লোকসকলক প্ৰদান কৰা চাউলক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে একাংশ হিতাধিকাৰীৰ বিৰুদ্ধে আত্মসাতৰ অভিযোগ উত্থাপন কৰিছে ৷

As_Chg_04_Chirang PDS scam alledge_vis_10012
চিৰাঙত চৰকাৰী চাউল বিতৰণক কেন্দ্ৰকৰি উত্তেজনা
author img

By

Published : May 18, 2020, 11:05 AM IST

চিৰাং,18মেঃ প্ৰধানমন্ত্ৰী দৰিদ্ৰ খাদ্য যোজনাক কেন্দ্ৰ কৰি চিৰাঙৰ বাসুগাঁৱত হুলুস্থুলীয়া পৰিবেশ । দৰিদ্ৰসীমা ৰেখাৰ তলৰ লোকসকলক প্ৰদান কৰা ৰেচনৰ চাউল আত্মসাতৰ অভিযোগ ৷ পূৰ্বে নিৰ্ধাৰিত স্থান বাসুগাঁও টাউন জে. বি. স্কুলৰ পৰিবৰ্তে বাসুগাঁও সমবায় সমিতিৰ কাষত উক্ত খাদ্য সামগ্ৰীসমূহ স্থানান্তৰ কৰাক কেন্দ্ৰ কৰি একাংশ হিতাধিকাৰী আৰু সৰ্বসাধাৰণ ৰাইজৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ৷

চিৰাঙত চৰকাৰী চাউল বিতৰণক কেন্দ্ৰকৰি উত্তেজনা

অভিযোগকাৰী সকলৰ মতে, খাদ্য সামগ্ৰীখিনি একাংশ দালাল শ্ৰেণীৰ লোকে গোপনে আত্মসাৎ কৰাৰ উদ্দেশ্যে পূৰ্বে নিৰ্ধাৰিত ঠাইৰ পৰা উলিয়াই লৈ গৈছিল । আনহাতে, পূৰ্বৰ ঠাইত পানী জমা হোৱা কাৰণে নতুন ঠাইলৈ স্থানান্তৰ কৰা হয় বুলি উল্লেখ কৰে অভিযোগ উত্থাপিত লোকসকলে । যদি আত্মসাৎ কৰাৰ মানসিকতা থাকিল হয় ৰাতিৰ আন্ধাৰতে খাদ্যসামগ্ৰী গোপনে উলিয়াই আনিলো হয় বুলি তেওঁলোকে জানিবলৈ দিয়ে ৷

উল্লেখযোগ্য যে, বিটিচিত নিৰ্বাচনী আচৰন বিধি বলবৎ হৈ থকা সময়ত বিপিএফৰ ৱাৰ্ড কমিচনাৰৰ সৈতে মিলি এই ৰেচনৰ সামগ্ৰী বিতৰণ কৰাৰো গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়কঃ শিল্পী বিষ্ণু তামুলীলৈ 'কলংপৰীয়া চহা শিল্পী বঁটা'

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.