ETV Bharat / state

বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত 50 খন গাঁৱৰ ৰাইজ

author img

By

Published : Jul 4, 2020, 7:04 PM IST

চিৰাঙত ১৫ দিন ধৰি বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত ৰাইজ ৷ ইতিমধ্যে বঞ্চিত লোক সকলে নিজেই স্থাপন কৰিলে বিদ্যুতৰ খুটা ।

Chirang public work for electricity
চিৰাঙত চৰকাৰলৈ বাট নেচাই ওলাই আহিল ৰাইজ

চিৰাং, 4 জুলাইঃ চিৰাং জিলাৰ আই নদীৰ উত্তৰ পাৰৰ প্ৰায় ৫০ খন গাঁৱৰ লোক বঞ্চিত হৈ আছে বিদ্যুৎ সেৱাৰ পৰা ৷ দীৰ্ঘ দিন ধৰি উক্ত অঞ্চলটো বিদ্যুৎ সংযোগৰ পৰা বঞ্চিত হৈ থকাৰ বাবে এতিয়া চৰকাৰলৈ বাট নেচাই ৰাইজে স্থাপন কৰিলে বিদ্যুতৰ খুটা ৷

চিৰাঙত চৰকাৰলৈ বাট নেচাই ওলাই আহিল ৰাইজ

চিৰাং জিলাৰ চিদলী বিধান সভা সমষ্টিৰ অন্তৰ্গত এই অঞ্চল সমূহ বিটিচি গঠন হোৱা ১৭ টা বছৰে সম্পূৰ্ণ হ'ল যদিও এই অঞ্চলত বিদ্যুৎ সেৱাকে ধৰি কৰি কোনো উন্নয়ণৰ কাম নকৰা বুলি অভিযোগ কৰে প্ৰায় ৫০ খন গাঁৱৰ ৰাইজে । উল্লেখ্য যে, বিদ্যুতৰ সমস্যা সমাধানৰ উদ্দেশ্যে বিটিচি চৰকাৰে আই নদীৰ মাজত এটা বৈদ্যুতিক টাৱাৰ স্থাপন কৰিছিল ৷ ফলত নদীৰ মাজত থকা বিদ্যুতৰ খুটা আই নদীৰ বাঢ়নি পানীয়ে প্ৰতি বছৰেই উটুৱাই নিয়ে ৷ ফলত অন্ধকাৰ জীৱন অতিবাহিত কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৰাইজৰ মাজত ৷

আনহাতে প্ৰতি বছৰে ৰাইজৰ দান বৰঙনিৰে নিজেই বিদ্যুৎ সংযোগৰ কাম কৰিবলগীয়া হয় বুলি সাংবাদিকৰ আগত অভিযোগ কৰে ৰাইজে । তাৰোপৰি বিদ্যুৎ বিভাগে কোনো সহায়- সহযোগ নকৰে যদিও প্ৰতিমাহে বিদ্যুৎ বিল ঠিকেই লয় বুলিও অভিযোগ কৰে ৰাইজে । বিগত বৰ্ষৰ দৰে এইবাৰো একেই অৱস্থা সৃষ্টি হৈছে ৷ প্ৰায় ১৫ দিনৰে পৰা বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে স্থানীয় ৰাইজে ৷ অৱশেষত নিজেই কৰিবলগীয় হৈছে বিদ্যুৎ সংযোগৰ কাম । বিদ্যুৎ বিভাগৰ পৰা দুটাকৈ বৈদ্যুতিক খুটা ক্ৰয় কৰি শনিবাৰে এইদৰে ৰাইজে নদীৰ মাজত খুটা স্থাপন কৰে । উক্ত ঘটনাক কেন্দ্ৰ কৰি আগন্তক বিটিচি নিৰ্বাচনত এই কামৰ প্ৰভাব পৰাটো নিশ্চিত বুলি ক্ষোভ প্ৰকাশ কৰে স্থানীয় লোক সকলে ।

লগতে পঢ়ক- বৰপানী নৈৰ বানত গৃহহাৰা কামপুৰৰ কেইবাটাও পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.