ETV Bharat / state

চিৰাঙত আৰক্ষীৰ মহানুভৱতাৰ নিৰ্দশন

author img

By

Published : Sep 7, 2020, 12:05 AM IST

বৃদ্ধ জনৰ কান্ধৰ পৰা বিক্ৰীৰ বাবে লোৱা খৰিৰ বোজা নমাই লয় আৰু বৃদ্ধজনক সোধ পোছৰ অন্তত চাউল কিনি দিয়াৰ লগতে আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়ায় ৷

Chirang police helping hands
চিৰাঙত আৰক্ষীৰ মহানুভৱতাৰ নিৰ্দশন

চিৰাং,6 ছেপ্তেম্বৰঃ চিৰাঙত পোহৰলৈ আহিছে আৰক্ষীৰ মহানুভৱতা । দৰিদ্ৰজনক সহায়ৰ হাত আৰক্ষী বিষয়াৰ । দেওবাৰে দুপৰীয়া ৰৌমাৰীৰ এজন 70 উৰ্ধ বয়সস্থ ব্যক্তিয়ে বৰষুণত তিতি বুৰি খৰিৰ বোজা কান্ধত লৈ বিক্ৰীৰ বাবে গৈ থকা অৱস্থাত হঠাৎ চিৰাং জিলাৰ ৰৌমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিৰ্মল চন্দই প্ৰত‍্যক্ষ কৰে ।

Chirang police helping hands
চিৰাঙত আৰক্ষীৰ মহানুভৱতাৰ নিৰ্দশন

আৰক্ষী বিষয়াজনে লগে লগে বৃদ্ধজনৰ কান্ধৰ পৰা বিক্ৰীৰ বাবে লোৱা খৰিৰ বোজা নমাই লয় আৰু বৃদ্ধজনক সোধ পোছৰ অন্তত চাউল কিনি দিয়াৰ লগতে আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়ায় । বৃদ্ধ লোকজনে যাতে দোপাল পিটা বৰষুনৰ দিনত এইদৰে খৰি বিক্ৰীৰ বাবে ওলাবলগীয়া নহয় আৰু অন্তত কেইদিনমান ঘৰতে বহি খোৱাৰ সুবিধা লাভ কৰে তাৰ ব‍্যৱস্থা কৰে ৷

Chirang police helping hands
চিৰাঙত আৰক্ষীৰ মহানুভৱতাৰ নিৰ্দশন

আৰক্ষীৰ খাকী পোচাকৰ মাজতো মানৱতা লুকাই থকাৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰে আৰক্ষী বিষয়াজনে । এই সন্দৰ্ভত দাউখানগৰ আঞ্চলিক সমিতি এবিএমছুৰ সভাপতি নাছিৰ আলীয়ে কয় যে, এনে দৰিদ্ৰ বৃদ্ধক সহায় কৰি যি মহানুভৱতাৰ পৰিচয় দিলে আৰক্ষী বিষয়াজনে তাৰ প্ৰতি আমি নথৈ আনন্দিত হৈছো । আৰু এনে ধৰনৰ সৎ আৰক্ষী বিষয়াক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰে । লগতে তেওঁৰ ভবিষ্যত উজ্জ্বল কামনা কৰি কয় যে সমাজৰ প্ৰতিজন লোকেই এই ধৰনৰ দৰিদ্ৰ আৰ্তজনক সহায়ৰ বাবে আগবাঢ়ি আহিব লাগে । আচলতে এয়াই মানৱতা আৰু মানুহৰ মাজতেই লুকাই তাকে ভগৱান । লগতে অন‍্যান‍্য বিভিন্ন জনেই আজি আৰক্ষী বিষয়াজনৰ দৰিদ্ৰজনক কৰা সহায়ৰ শলাগ লয় ।

লগতে পঢ়কঃ বিধায়ক পদ্ম হাজৰিকাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত : কথমপি প্ৰাণ ৰক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.