চিৰাং, ৩ ফেব্ৰুৱাৰী: হাতী দাঁতৰ চোৰাং ব্যৱসায় কৰি আৰক্ষীৰ জালত পৰিল মিন্টু চৌধুৰী নামৰ এজন লোক । বুধবাৰে পুৱা চিৰাঙৰ ঢালিগাঁৱৰ পদ্মপুৰৰ পৰা হাতীৰ দাঁতসহ মিন্টু চৌধুৰীক আটক কৰে আৰক্ষীৰ অভিযানকাৰী দলে । ভাৰত চৰকাৰৰ বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যু'ৰ, বন বিভাগ আৰু চিৰাং আৰক্ষীৰ যৌথ অভিযানত জব্দ হয় ৬টা হাতী দাঁত । চিৰাঙত হাতীৰ দাঁতৰ চোৰাং ব্যৱসায় চলি থকাৰ বিষয়ে পোৱা গোপন তথ্যৰ ভিত্তিত অভিযান চলাইছিল দলটোৱে ।
জব্দকৃত হাতী দাঁতকেইটাৰ ওজন ১০ কেজি বুলি জনাইছে বন বিভাগৰ বিষয়াই । ধৃত লোকজন বঙাইগাঁৱৰ পৰিবহণ বিভাগৰ বাছ আস্থানৰ ওচৰত বিগত কিছুদিন ধৰি আছিল যদিও তেওঁ প্ৰকৃততে গুৱাহাটীৰ বিৰুবাৰীৰ বাসিন্দা । বিগত কিছুদিন ধৰি চিৰাঙৰ বিভিন্ন ঠাইৰ পৰা বহুকেইটা হাতী দাঁত জব্দ হোৱাৰ লগতে কেইবাটাও চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ হৈছে ।
ভাৰত-ভূটান সীমান্তৰে হাতী দাঁতৰ আন্তৰ্জাতিক চোৰাং ব্যৱসায়ী চক্ৰই চিৰাঙত প্ৰৱেশ কৰি হাতী দাঁতৰ চোৰাং ব্যৱসায় চলোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী আৰু বন বিভাগে । এই সন্দৰ্ভত চিৰাং বন সংমণ্ডলৰ বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে জনায় যে, হাতী দাঁত জব্দ কৰা সন্দৰ্ভত মিন্টু চৌধুৰীক জেৰা কৰা অন্তত বিতং তথ্য পোহৰলৈ আহিব ।
লগতে পঢ়ক:যোৰহাটত বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ প্ৰতিবাদ