ETV Bharat / state

চিৰাঙৰ কাজলগাঁৱত নাৰী দিৱস উপলক্ষে সমদল - চিৰাঙৰ কাজলগাঁও পৌৰসভাৰ ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান মিচনৰ উদ‍্যোগত নাৰী দিৱস

কাজলগাঁও পৌৰসভাৰ ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান মিচনৰ উদ‍্যোগত নাৰী দিৱস উপলক্ষে এক সমদল ।

চিৰাঙৰ কাজলগাঁওত নাৰী দিৱস উপলক্ষে সমদল
চিৰাঙৰ কাজলগাঁওত নাৰী দিৱস উপলক্ষে সমদল
author img

By

Published : Mar 7, 2020, 2:43 PM IST

Updated : Mar 7, 2020, 4:12 PM IST

চিৰাং, 7 মাৰ্চ: চিৰাঙৰ কাজলগাঁও পৌৰসভাৰ ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান মিচনৰ উদ‍্যোগত নাৰী দিৱস উপলক্ষে বাহিৰ কৰা হয় সমদল । কাজলগাঁও পৌৰ সভাৰ কাৰ্যালয় ছাপাগুৰীৰ পৰা সমদল বাহিৰ কৰি ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ একত্ৰিত হয় ছাপাগুৰীৰ চকস্থিত পথাৰত ।

চিৰাঙৰ কাজলগাঁওত নাৰী দিৱস উপলক্ষে সমদল
চিৰাঙৰ কাজলগাঁৱত নাৰী দিৱস উপলক্ষে সমদল

তাৰ পিচতে এক সভাৰ আয়োজন কৰা হয় য’ত বিশেষকৈ আন্তৰ্জাতিক নাৰী দিৱস আৰু নগৰীয়া জীৱিকা অভিযান মিছনৰ বিভিন্ন বিষয়ৰ কাৰ্য প্ৰণালীৰ বিষয়ে বিতং ব‍্যাখ‍্যা আগবঢ়ায় কাজলগাঁও পৌৰসভাৰ নগৰীয়া জীৱিকা অভিযান মিছনৰ বিষয়াদ্বয় ক্ৰমে ভাশ্বতী হালৈ আৰু অনিতা বসুমতাৰীয়ে ।

পৌৰসভাৰ ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান মিচনৰ উদ‍্যোগত নাৰী দিৱস উপলক্ষে এক সমদল

তাৰ পিচতে কাজলগাঁও পৌৰ সভাৰ অন্তৰ্গত বিভিন্ন মহিলা আত্মসহায়ক গোট সমূহে উৎপাদন কৰা সামগ্ৰীৰ বিক্ৰী কেন্দ্ৰ এটিৰ শুভাৰম্ভ কৰে ছাপাগুৰিত। কাজলগাঁও পৌৰসভাৰ তৰফৰ পৰা নগৰীয়া জীৱিকা অভিযান মিছনৰ দ্বাৰা মহিলা আত্মসহায়ক গোট সমূহৰ লগতে বিভিন্ন দিশত অহৰহ কাম কৰি থকা পৰিলক্ষিত হয় । নগৰীয়া জীৱিকা অভিযানৰ অন্তৰ্গত নিৱনুৱা সকলৰ বিভিন্ন বিষয়ৰ বিনামূলীয়াকৈ কাৰিকৰী প্ৰশিক্ষণৰ ব‍্যৱস্থা দিয়াৰ লগতে বিভিন্ন কাম হাতত লোৱা হৈছে ৷

Last Updated : Mar 7, 2020, 4:12 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.