চিৰাং, ২৩ জানুৱাৰী: সমগ্ৰ দেশ তথা অসমৰ ভিন্ন প্ৰান্তৰ লগতে শনিবাৰে নগাঁও জিলাৰ ৰূপহীহাটতো ১২৫ সংখ্যক সুভাষ চন্দ্ৰ বসু জন্মজয়ন্তী পালন কৰা হয় । ৰাষ্ট্ৰজুৰি স্বাধীনতা সংগ্ৰামৰ মহান বীৰ গৰাকীক শ্ৰদ্ধা জনাবলৈ 'পৰাক্ৰম দিৱস' হিচাপে উদযাপন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহবান জনোৱাৰ সমান্তৰালকৈ চিৰাঙৰ বিজনী বটতলা কালিবাড়ীৰত নেতাজীৰ জন্মজয়ন্তী পালন কৰা হয় ।
পুৱা ১০ বজাত বিজনীৰ মহকুমাধিপতি ধ্ৰুৱজ্যোতি দাসে নেতাজী সুভাষচন্দ্ৰ বসুৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে । ১০.৩০ বজাত বিজনীৰ কেওত জনগোষ্ঠীৰ প্ৰতিনিধি প্ৰদীপ কুমাৰ বায়নে জাতীয় পতাকা উত্তলন কৰে আৰু বিজনী সংগীত শিল্পীসকলে ৰাষ্ট্ৰিয় সংগীত পৰিবেশন কৰে ।
আজিৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিজনীৰ মহকুমাধিপতি ধ্ৰুৱজ্যোতি দাসৰ লগতে উপস্থিত আছিল বিজনীৰ ১৯ নং থুৰিবাড়ী সমষ্টিৰ এম.চি.এল.এ অভিৰাম মহানায়ক, বিজনীৰ কেওত জনগোষ্ঠীৰ প্ৰতিনিধি প্ৰদীপ কুমাৰ বায়ন, বিজনীৰ ১৭ নং সুপাইঝাৰ সমষ্টিৰ প্ৰাক্তন এম.চি.এল.এ গুনেশ্বৰ গয়াৰী, বিজনীৰ বিশিষ্ট সমাজ সেৱক সুবিৰ দাস, বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অনিল কুমাৰ ভৌমিক আৰু বিজনীবাসী ৰাইজ উপস্থিত থাকে ।
লগতে পঢ়ক:অভয়াপুৰীত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰাক