ETV Bharat / state

চিৰাঙত ২০ জনকৈ লোকক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত - চোৰাং তেলৰ ব্যৱসায়

চিৰাঙত জিলা সত্ৰ ন্যায়াধীশৰ আদালতত বিশ বছৰ পুৰণি হত্যাকাণ্ডৰ গোচৰত ২০ জনকৈ লোকক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত। চোৰাং তেলৰ ব্যৱসায়ক কেন্দ্ৰ কৰি হোৱা কাজিয়াত মৃত্যু হৈছিল কেবাজনো লোকৰ ৷ সুদীৰ্ঘ বিশ বছৰৰ অন্তত আজি ৰায়দান দিয়ে আদালতে ৷

চিৰাঙত ২০ জনকৈ লোকক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত
চিৰাঙত ২০ জনকৈ লোকক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত
author img

By

Published : Dec 18, 2019, 7:59 PM IST

চিৰাং,18 ডিচেম্বৰঃ বুধবাৰে চিৰাং জিলা সত্ৰ ন্যায়াধীশ আদালতে প্ৰদান কৰে এক গুৰুত্বপূৰ্ণ ৰায়দান। সত্ৰ ন্যায়াধীশ দিব্যজ্যোতি মহন্তৰ আদালতে জিলাখনৰ ঢালিগাঁও থানাত ৰুজু হোৱা গোচৰ নং 83/ 2000 মতে বিশ বছৰ পুৰণি এটা হত্যাৰ গোচৰত হত্যাকাণ্ডৰ সৈতে জড়িত ২০ জনকৈ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। এইখিনিতে উল্লেখ্য যে,যোৱা ২০০০ চনত তেতিয়াৰ বঙাইগাঁও জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত বৈখুনগাঁৱত হোৱা এটা পৰিয়ালকেন্দ্ৰিক সংঘাতৰ ফলত হত্যাৰ বলি হৈছিল কেবাজনো লোক ৷

Chirang murder accused 20 person lifetime imprisonment asaam etv bharat
২০ জনকৈ লোকক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ পিচত কাৰাগাৰলৈ নিক্ষেপ
চোৰাং তেলৰ ব্যৱসায়ক কেন্দ্ৰ কৰি হোৱা কাজিয়াত আব্বাছ আলী মণ্ডল নামৰ এজন ব্যাক্তিক বাট আগচি ধৰি চোকা অস্ত্ৰৰে হত্যা কৰাৰ পিচত উক্ত হত্যাকাণ্ডৰ সন্দেহত শিশু আৰু মহিলাসহ চাৰিজন নিৰীহ লোকক চোকা অস্ত্ৰৰে নৃশংস ভাৱে হত্যা কৰি মৃতদেহ জ্বলাই দিয়াৰ উপৰিও ঘৰ জ্বলাই দিছিল অপৰাধী কেইজনে। এই ঘটনাৰ সম্পূৰ্ণ বিশ বছৰ অন্তত দীৰ্ঘদিন আদালতত বিচাৰ চলাৰ পিচত সত্ৰ ন্যায়াধীশৰ আদালতে এই ঐতিহাসিক ৰায়দান কৰে। চৰকাৰী পক্ষৰ অধিবক্তা ডেনুয়েল দাসে জনোৱা অনুসৰি গোচৰটোৰ ৰায়দানত যাৱৎজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা অপৰাধী কেইজন হৈছে১. একাব্বৰ আলী মণ্ডল ( ৪৮),

২. নায়েব আলী (৪৯)

৩.আব্দুল গফুৰ (৫৬)

৪. মজিবুৰ ৰহমান (৫৪)

৫. আয়েত মণ্ডল (৪৬)

Chirang murder accused 20 person lifetime imprisonment asaam etv bharat
চিৰাং জিলা সত্ৰ ন্যায়াধীশৰ আদালত

৬. আহাত আলী (৪৪)

৭. ৰহম আলী (৪৫)

৮. ছামাদ আলী (৩৮)

৯. চামচুল আলী (৩২)

১০. ইমান আলী মণ্ডল (৬১)

১১. আনোৱাৰ আলী শিকদাৰ (৪৫)

১২. আমজাদ আলী মণ্ডল (৭০)

Chirang murder accused 20 person lifetime imprisonment asaam etv bharat
যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান দিয়াৰ পিচত আদালত চৌহদত ৰাইজৰ ভিৰ

১৩. আনোৱাৰ আলী মণ্ডল (৩৫)

১৪. আব্দুল ৰহিম মণ্ডল (৪১)

১৫. ৱাজেদ আলী মণ্ডল (৫৭)

১৬. নবাব আলী মণ্ডল (৫৬)

১৭. তাহেৰ আলী মণ্ডল (৩৫)

১৮. ছাদেক আলী মণ্ডল (৪৭)

১৯. ৰিয়াজুদ্দিন আলী আহমেদ (৪৯)

২০. ৰহমত আলী (৪৮)

চিৰাঙত ২০ জনকৈ লোকক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

উল্লেখ্য যে বুধবাৰে চিৰাং জিলা সত্ৰ ন্যায়াধীশৰ আদালতে দিয়া এই ৰায়দানত সেই সময়ৰ হত্যাকাণ্ডত জড়িত দুজনকৈ নাবালককো সমান শাস্তি প্ৰদান কৰিছে । যোৱা ২০০০ চনত সংঘটিত এই হত্যাকাণ্ডৰ সময়ত চামচুল আলী নামৰ অপৰাধীজনৰ বয়স ১২ বছৰ আছিল যাৰ বয়স বৰ্তমান ৩২ বছৰ আৰু তাহেৰ আলী মণ্ডলৰ বয়স আছিল তেতিয়া ১৫ বছৰ ৷ কিন্তু তাহেৰ আলি মণ্ডলৰ বৰ্তমান বয়স ৩৫ বছৰ ৷

ইফালে আনোৱাৰ আলী মণ্ডলৰ বয়স তেতিয়া ১৫ বছৰ আছিল যদিও বৰ্তমান বয়স ৩৫ বছৰ। এই সকলৰ ক্ষেত্ৰত আদালতত নাবালক বুলি প্ৰমাণিত কৰিব নোৱাৰাৰ বাবে সমান শাস্তি প্ৰদানৰ কথা জনায় চৰকাৰী পক্ষৰ অধিবক্তা ডেনিয়েল দাসে। আদালতৰ ৰায়দানৰ পিচতে বিয়লি আটাইকেইজনক কটকটীয়া নিৰাপত্তাৰ মাজত কাৰাগাৰলৈ প্ৰেৰণ কৰে।

Intro:চিৰাঙত জিলা সত্ৰ ন্যায়াধিশৰ আদালতত বিশ বছৰ পুৰনি হত্যাকাণ্ডৰ গোচৰত ২০ জনকৈ লোকক আজি জাৱজ্জীৱন কাৰাদণ্ড । 

Body: চিৰাং  জিলা সত্ৰ  ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান ।  সত্ৰ ন্যায়াধীশ দিব্যজ্যোতি মহন্তৰ আদালতে আজি জিলাখনৰ ঢালিগাঁও থানাৰ গোঁচৰ নং 83/ 2000 মতে বিশ বছৰ পুৰনি হত্যাৰ গোচৰত হত্যাকাণ্ডৰ সৈতে জড়িত ২০ জনকৈ আচামীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে। এইখিনিতে উল্লেখ্য যে যোৱা ২০০০ চনত তেতিয়াৰ বঙাইগাঁও জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত বৈখুনগাঁৱত মামা-ভাগিনৰ পৰিয়ালৰ মাজত সম্পত্তি তথা

চোৰাং তেলৰ ব্যৱসায় কেন্দ্ৰীক কাজিয়াত আব্বাছ আলী মণ্ডল নামৰ এজন ব্যাক্তিক বাটত আগচি চোকা অস্ত্ৰৰে হত্যা কৰাৰ পিচত উক্ত হত্যাকাণ্ডৰ সন্দেহত প্ৰতিশোধ মূলক ভাৱে শিশু আৰু মহিলা সহ চাৰিজন নিৰিহ লোকক চোকা অস্ৰৰে নৃশংস ভাৱে হত্যা কৰি মৃতদেহ জুইত পেলাই দিছিল,ঘৰ জ্বলাইছিল ।  আজি বিশ বছৰ পিচত দীৰ্ঘদিন আদালতত বিচাৰ চলাৰ পিচত সত্ৰ ন্যায়াধিশৰ আদালতে এই ঐতিহাসিক ৰায়দান কৰে । এই গোচৰত চৰকাৰী পক্ষৰ অধিবক্তা ডেনুয়েল দাসে জনোৱা অনুসৰি আজিৰ এই ঐতিহাসিক ৰায়দানত যাবৎজ্জীৱন কাৰাদণ্ড লাভ কৰা আচামী কেইজন ক্ৰমে .....

১) একাব্বৰ আলী মণ্ডল  ( ৪৮),  ২) নায়েব আলী (৪৯) , ৩) আব্দুল গফুৰ (৫৬)  ,৪) মজিবুৰ ৰহমান (৫৪),  ৫) আয়েত মণ্ডল (৪৬) , ৬) আহাত আলী (৪৪)  , ৭) ৰহম আলী (৪৫),  ৮) ছামাদ আলী ( ৩৮),  ৯) চামচুল আলী (৩২) , ১০) ইমান আলী মণ্ডল  (৬১),  ১১) আনোৱাৰ আলী শিকদাৰ ( ৪৫),  ১২) আমজাদ আলী মণ্ডল  ( ৭০),  ১৩) আনোয়াৰ আলী মণ্ডল ( ৩৫)  , ১৪) আব্দুল ৰহিম মণ্ডল  (৪১) , ১৫) ৱাজেদ আলী মণ্ডল  ( ৫৭) , ১৬) নবাব আলী মণ্ডল (৫৬), ১৭) তাহেৰ আলী মণ্ডল (৩৫),   ১৮) ছাদেক আলী মণ্ডল (৪৭),  ১৯) ৰিয়াজুদ্দিন আলী আহমেদ (৪৯) , ২০) ৰহমত আলী (৪৮)। 

বাইট : ডেনিয়েল দাস,চৰকাৰী অধিবক্তা ।

Conclusion:উল্লেখ্য যে আজি চিৰাং জিলা সত্ৰ নৎায়াধিশৰ আদালতে দিয়া এই ৰায়দানত তেতিয়া হত্যাকাণ্ডৰ সময়ত দুজনকৈ নাবালককো সমান শাস্তি প্ৰদান কৰিছে । যোৱা ২০০০ চনত সংঘটিত এই হত্যাকাণ্ডৰ সময়ত চামচুল আলী (১২) বছৰ আছিল যাৰ বয়স বৰ্তমান ৩২ আৰু  তাহেৰ আলী মণ্ডল তেতিয়া (১৫) আৰু বৰ্তমান তেওঁৰ ৩৫ বছৰ, আনোয়াৰ আলী মণ্ডল ৰ বয়স তেতিয়া (১৫) বছৰ আছিল আৰু এতিয়া ৩৫ বছৰ । এই সকলৰ ক্ষেত্ৰত আদালতত নাবালক বুলি প্ৰমানিত কৰিব নোৱাৰাৰ বাবে সমান শাস্থি প্ৰদানৰ কথা জনায় চৰকাৰী পক্ষৰ অধিবক্তা ডেনিয়েল দাসে ।  আদালতৰ ৰায়দানৰ পিচতে বিয়লি আটাই কেইজনক কটকটীয়া নিৰাপত্তাৰ মাজত জেললৈ প্ৰেৰন কৰে । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.