চিৰাং,10 মাৰ্চঃ বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসকীয় বিপিএফ দলৰ তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । বিগত ১৭টা বছৰে নকৰা কামো বিটিচি নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ আগে আগে পূৰ্ণগতিত চলা দেখা হৈছে । সকলোৰে লক্ষ্য বিটিচি পৰিষদীয় নিৰ্বাচন । মঙলবাৰে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ খুংগ্ৰিং দৈগুদুং গাঁৱত অনুষ্ঠিত সভাত ১৫খন গাঁৱৰ প্ৰায় ১,১০০ পৰিয়ালক ভূমি পাট্টা প্ৰদান কৰা হয় ৷ ইয়াৰ পিছত বেংতল স্বছৰফাং আদিবাসী বস্তিত ৩০জনক আৰু সীমান্তৰ দালগিৰিত ৬খন গাঁৱৰ ৫৯০ জন লোকক ভূমিপট্টা প্ৰদান কৰে মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু বিটিচি উপ মুখ্য প্ৰধান খাম্পা বৰগয়াৰীয়ে । উক্ত অনুষ্ঠানত মন্ত্ৰী ব্ৰহ্ম আৰু বিটিচি উপ মুখ্য প্ৰধান বৰগয়াৰীক সংগ প্ৰদান কৰে জিলা প্ৰশাসন,বনবিভাগৰ লগতে বিপিএফ-ৰ দলীয় নেতৃবৰ্গয়ে ৷
ভূমিপাট্টা প্ৰদান কৰি মন্ত্ৰী চন্দন ব্ৰহ্ময়ে কয় যে,"এবছুৰ সভাপতি হৈ থাকোতে প্ৰমোদ বড়োয়ে ৰাইজক দিয়া প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰা নাছিল । গতিকে এতিয়া ৰাজনীতিত যোগদান কৰি ৰাইজৰ কাম কৰিব পাৰিব বুলি মই নাভাবো"৷ বিটিচিৰ উপমুখ্য প্ৰধান খাম্পা বৰগয়াৰীয়ে দেহে-কেহে ৰাইজৰ কাম কৰা লোকেহে ৰাজনীতিত তিষ্ঠি থাকিব পাৰে বুলি উল্লেখ কৰে । বিগত সময়ছোৱাত কাম নকৰা বিটিচিৰ শাসকীয় দলটোৰ নেতৃবৰ্গয়ে নিৰ্বাচনৰ আগে আগে কৰা এই কামৰ বাবে যথেষ্ঠ সমালোচনাৰ সন্মুখীন হৈছে ৷ ইফালে,দীৰ্ঘদিনৰ পৰা বনগাঁৱত বসবাস কৰা লোকসকলে ভূমিপট্টা লাভ কৰি আনন্দত ফটকা ফুটোৱা দেখা যায় ।
লগতে চাওকঃকৰ’ণা ভাইৰাছৰ আতংকক নেওচি তিনি বন্ধুৰ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ