ETV Bharat / state

চিৰাঙত লালন উৎসৱ উদযাপন - বাউল সংগীত

চিৰাঙৰ ছাতিপুৰৰ দৰগাহত অনুষ্ঠিত লালন উৎসৱত বাউল সংগীতৰ অনুষ্ঠান । লোকে লোকাৰণ্য অনুষ্ঠানস্থলী । জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো লোকৰ অংশগ্ৰহণ এই অনুষ্ঠানত । হোলীৰ সৈতে সংগতি ৰাখি অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।

চিৰাঙত লালন উৎসৱ উদযাপন
চিৰাঙত লালন উৎসৱ উদযাপন
author img

By

Published : Mar 29, 2021, 5:00 PM IST

চিৰাং, ২৯ মাৰ্চ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চিৰাঙতো উদযাপন কৰা হয় ৰঙৰ উৎসৱ হোলী । হোলীৰ লগত সংগতি ৰাখি চিৰাঙৰ ছাতিপুৰত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে সদৌ অসম লালন উৎসৱ । এই উৎসৱত বাউল সংগীতৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয় । এই উৎসৱত সকলো জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো লোকে অংশগ্ৰহণ কৰে ।

চিৰাঙত লালন উৎসৱ উদযাপন

লক্ষ্যণীয় বিষয় এইটোৱে যে, এই অনুষ্ঠানৰ আয়োজন কৰে মুছলমান সম্প্ৰদায়ৰ লোকে । অসম তথা পশ্চিমবংগৰ পৰা অহা কেইবাজনো বাউল সংগীতৰ শিল্পীসকলে অনুষ্ঠানত বাউল সংগীত পৰিৱেশন কৰে । বাউল মন সেৱা সমিতিয়ে আয়োজন কৰে এই অনুষ্ঠানৰ । লোকে লোকাৰণ্য হৈ পৰা অনুষ্ঠানত উপস্থিত হয় মন্ত্ৰী চন্দন ব্ৰহ্ম । ব্ৰহ্মই অনুষ্ঠানত উপস্থিত হৈ আয়োজক সমিতিৰ শলাগ লয় কয় যে, এই বাউল সংগীতৰ অনুষ্ঠানত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰে । এই অনুষ্ঠানে অঞ্চলটোত ভাতৃত্ববোধ আৰু শান্তি-শৃঙ্খলা ৰখাত অৰিহণা যোগাইছে বুলিও মন্তব্য কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই ।

লগতে পঢ়ক: মৰাণৰ বেজদলৰ বাকৰিত বিহুৰ আখৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.