ETV Bharat / state

চিৰাঙৰ কদমতলিত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদক আদৰণি - ৰাজ্যৰ স্বাস্থ্য বিভাগ

জাতীয় স্বাৰ্থত পুনৰ হাগ্ৰামা মহিলাৰী বিটিচিৰ প্ৰধান হোৱাটো বিচাৰে আক্ৰাছুৱে। কোচ-ৰাজবংশী সকলৰ জনজাতি কৰণ সন্দৰ্ভত চলিত মাহৰ শেষৰপিনে অনুষ্ঠিত হ’বলগীয়া মন্ত্ৰী গোটৰ বৈঠকত চুড়ান্ত সিদ্ধান্ত লোৱা হ'ব : চন্দন ব্ৰহ্ম ৷

Chirang KAC felicitation AKRSU
চিৰাঙৰ কদমতলিত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদক আদৰণি
author img

By

Published : Sep 20, 2020, 4:07 PM IST

চিৰাং,20 ছেপ্তেম্বৰঃ ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰ জটিল পৰিস্থিতিৰ কাৰণে বিটিচি পৰিষদীয় নিৰ্বাচন স্থগিত ৰখাৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ পৰা নিৰ্বাচন আয়োগক লিখিত ভাবে জনোৱা হৈছে ৷ শনিবাৰে সংবাদ মাধ্যম যোগে অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়াৰ পিছত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসমৰ পৰ্যটন আৰু ভৈয়াম জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্মই ৷ বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰা সন্দৰ্ভত নিৰ্বাচন আয়োগেই ল'ব চূড়ান্ত সিদ্ধান্ত । বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰা নকৰা বিষয়টো দীঘলীয়া হোৱাৰ বাবেই বিটিচি বাসী ৰাইজৰ উন্নয়ন একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে । সেয়ে অঞ্চলটোৰ দ্ৰুত উন্নয়নৰ স্বাৰ্থত অতিশীঘ্ৰে বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাটো উচিত । ক’ৰণা মহামাৰীৰ মাজতে যদি নিৰ্বাচন আয়োগে ৰাজস্থানত পঞ্চায়ত নিৰ্বাচন আৰু মিজোৰামত ভিলেজ কাউঞ্চিলৰ নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰে তেন্তে বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰাৰ কোনো যুক্তিযুক্ততা থাকিব নোৱাৰে বুলি অসমৰ কেবিনেট মন্ত্ৰী চন্দন ব্ৰহ্মই তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে । ইপিনে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে লগতে কয় যে , চলিত মাহৰ শেষৰ ভাগত অনুষ্ঠিত হ’ব মন্ত্ৰী গোটৰ বৈঠক আৰু ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ সেয়া কাৰ্যকৰী কৰণৰ বাবে প্ৰেৰণ কৰিব ।

চিৰাঙৰ কদমতলিত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদক আদৰণি

শনিবাৰে কদমতলা স্থিত চিলাৰায় সমন্বয় ক্ষেত্ৰত জিলা খনৰ বিভিন্ন ঠাইৰ পৰা অহা কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত কোচ ৰাজবংশী সন্মিলনীৰ উপ-সভাপতি গনেশ ৰায়ৰ সভাপতিত্বত এখনি আদৰণি সভা অনুষ্ঠিত হয় । আদৰণি সভা খনত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা ( আক্ৰাছু ) ৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে নিজ ভাষণ প্ৰসংগত কয় যে, হাগ্ৰমা মহিলাৰী নেতৃত্বাধীন বিটিচি চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ইতিমধ্যে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক এন অ' চি প্ৰদান কৰিছে । নতুন কোনোৱা দলে পৰিষদটোত চৰকাৰ গঠন কৰিলে ইয়াৰ ন্যায্যতা নাৰাখিবও পাৰে । যি কাৰণৰ বাবে কাৰ্বি আংলং আৰু ডিমা হাচাওত বসবাস কৰা বড়ো লোকসকলে আজিলৈকে জনজাতিকৰণৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হোৱা নাই । সেয়ে জাতীয় স্বাৰ্থত আক্ৰাছুৱে পুনৰ হাগ্ৰামা মহিলাৰীক বিটিচিৰ চীফ হোৱাটো বিচাৰে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

ইপিনে আক্ৰাছু নেতা গৰাকীয়ে লগতে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনত বিশেষ ভূমিকা লোৱা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক তথা ভৈয়াম আৰু জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্মক বিশেষভাৱে ধন্যবাদ জনায় । কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন সন্দৰ্ভত উক্ত গুৰুত্বপূৰ্ণ সম্বৰ্ধনা সভাখনত আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ে কোচ-ৰাজবংশী সকলৰ জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে কাৰ্যকৰী হোৱাকৈ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় । উক্ত আদৰণি সভাত কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পূৰবী সৰকাৰ , চিলাৰায় সেনাৰ সেনাধ্যক্ষ নৃপেন ৰাজবংশী , কোচ ৰাজবংশী জাতীয় মহাসভাৰ কাৰ্যকৰি সভাপতি নিৰ্মল কুমাৰ ৰায় , বিটিচি কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি ৰঞ্জিৎ বৰ্মন উপস্থিত থাকে ।

লগতে পঢ়কঃ গোলাঘাট আৰক্ষীৰ জালত চাৰি ড্ৰাগছ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.