চিৰাং, 21 ফেব্ৰুৱাৰী: চিৰাঙৰ বিভিন্ন ঠাইত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ প্ৰতিকৃতি দাহ । আজি আন্তৰ্জাতিক মাতৃ ভাষা দিৱসৰ লগত সংগতি ৰাখি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ পুত্তলিকা দাহ কৰে আদিবাসী চেংগেল অভিযানৰ ৰাজ্যিক নেতৃত্বই ৷
![চাউতাল ভাষাক স্বীকৃতি নিদিয়াত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-03-chirangjharkhandacmeffigyburn-vis-10012_21022021142751_2102f_1613897871_1071.jpg)
আদিবাসী জনগোষ্ঠী বহুল ৰাজ্য ঝাৰখণ্ডত আদিবাসী ভাষাক স্বীকৃতি প্ৰদান নকৰাৰ প্ৰতিবাদত আদিবাসী চেংগেল অভিযানৰ ৰাজ্যিক সংযোজক ডানিয়েল হেম্ব্ৰম আৰু চিৰাং জিলা সভাপতি সোম মাৰ্ডীৰ উদ্যোগত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ পুত্তলিকা দাহ কৰে ।
![চাউতাল ভাষাক স্বীকৃতি নিদিয়াত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-03-chirangjharkhandacmeffigyburn-vis-10012_21022021142751_2102f_1613897871_435.jpg)
উল্লেখ্য যে, ২০০৩ চনৰ ২২ ডিচেম্বৰ তাৰিখে ভাৰত চৰকাৰে আদিবাসী অলচিকি লিপিক স্বীকৃতি প্ৰদান কৰিছিল যদিও আদিবাসী জন বহুল ৰাজ্য ঝাৰখণ্ডত আজিলৈ মান্যতা প্ৰদান নকৰাৰ প্ৰতিবাদত দেওবাৰে মুখ্যমন্ত্ৰী গৰাকীৰ পুত্তলিকা দাহ কৰে ।
লগতে পঢ়ক:বছৰৰ তৃতীয়টো অসম ভ্ৰমণত প্ৰতিবাদৰ সন্মুখীন হ’ব নেকি মোডী !