চিৰাং, 23 ছেপ্তেম্বৰঃ চিৰাঙত জব্দ চোৰাং কাঠ সৰবৰাহ কৰা বাহন ৷ জিলাখনত দীৰ্ঘদিনৰে পৰা চলি অহা অবৈধ খয়েৰ কাঠ সৰবৰাহৰ তথ্য লাভ কৰিছিল বন বিভাগে ৷ এই তথ্যৰ ভিত্তিতে অভিযান চলাই জিলাখনৰ চিদলী থানাৰ অন্তৰ্গত বামুনগাঁৱৰ পৰা এখন 14 চকীয়া বাহন জব্দ কৰে বন বিভাগে ৷ বাহনখনে পানবাৰী থানাৰ অন্তৰ্গত আলুখুন্দাৰ পৰা বামুনগাঁৱলৈ খয়েৰ কাঠ নিবলৈ অহা সময়তেই জব্দ কৰা হয় ৷ আনহাতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাহনখনৰ চালক ৷
চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে কয় যে, উত্তৰ পূৰ্বাঞ্চলৰ পৰা ভাৰতৰ অইন ৰাজ্যলৈ যিকোনো কাঠ সৰবৰাহৰ বাবে কেৱল ৰে’লপথহে ব্যৱহাৰ কৰাৰ অনুমতি আছে ; ট্ৰাকেৰে সৰবৰাহৰ কোনো অনুমতি নাই । এনে অৱস্থাত ট্ৰাকখনে নাগালেণ্ডৰ ডিমাপুৰৰ পৰা টিপি বনাই আনিছে যদিও অসমত প্ৰৱেশৰ সময়ত কোনো ধৰনৰ পৰ্যবেক্ষণ কৰাৰো কোনো নথি নাই। কিদৰে নাগালেণ্ডৰ পৰা টিপি আনি চিৰাং জিলাত এনেদৰে অবৈধ ভাৱে চোৰাং কাঠৰ ব্যৱসায় চলাব পাৰে তাকে লৈ সৃষ্টী হৈছে চাঞ্চল্যৰ । ইয়াৰ পূৰ্বে চিৰাঙৰ চিদলী থানাত এখন আৰু বিজনী থানা আৰক্ষীয়ে পৃথকে পৃথকে দুখন চোৰাং খয়েৰ ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছিল ৷
লগতে পঢ়ক-চলিত মাহতেই কৃষক মুক্তিয়ে গঠন কৰিব ৰাজনৈতিক দলঃ ভাস্কো ডি শইকীয়া