ETV Bharat / state

"আগন্তক বিটিচি নিৰ্বাচনত বিপিএফ দলৰেই বিজয় নিশ্চিত"-হাগ্ৰামা মহিলাৰী

author img

By

Published : Sep 30, 2019, 6:13 AM IST

চিৰাঙৰ বিজনীত দলীয় সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী । নৱ শৰনীয়াৰ সৈতে ইউপিপিএলৰ আলোচনা হৈছে বিপিএফৰ লগত হোৱা নাই-হাগ্ৰামা ।

চিৰাঙৰ বিজনীত দলীয় সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী

চিৰাং,29ছেপ্টেম্বৰঃ "অবড়ো আমাৰ কাৰণে কোনো ফেক্টৰ নহয় । গতিকে কোনে কি কয় কওক মুঠতে বিটিচিত আমিয়েই জিকিম ৷ আমাক কোনেও একো কৰিব নোৱাৰে ৷"-দেওবাৰে এখন দলীয়া সভাত এই মন্তব্য বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ ৷

চিৰাঙৰ বিজনীত দলীয় সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী

ৰাজ্যত 4 সমষ্টিৰ উপনিৰ্বাচনৰ সমান্তৰালকৈ বিটিচিৰ পৰিষদীয় নিৰ্বাচনো সমাগত । যাৰ বাবে ৰাজনৈতিক তৎপৰতা বাঢ়িছে সকলো দল-সংগঠনৰ । দেওবাৰে চিৰাঙৰ বিজনীত বিজনী জিলা বিপিএফৰ দলীয় সভাত অংশগ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে আগন্তক বিটিচি নিৰ্বাচনত বিপিএফ দলৰেই বিজয় নিশ্চিত ৷ মাথো বিপিএফৰ সকলো কৰ্মকৰ্তাৰ সক্ৰিয় অংশগ্ৰহণৰ প্ৰয়োজন বুলি সভাত মহিলাৰীয়ে মন্তব্য কৰে । ইপিনে অবড়ো নেতা তথা সাংসদ শৰণীয়াই কোৱাৰ দৰে বিটিচিৰ পৰা কোনো গাঁও কৰ্তন নহয় বুলিও জনায় হাগ্ৰামা মহিলাৰীয়ে । বৰঞ্চ ৯৫ খন গাঁও বিটিচিত সোমাবহে বুলি জনায় হাগ্ৰামাই । তেওঁ লগতে কয় যে ইউ পি পিএল আৰু এৱছুৰ লগত তেওলোকৰ কোনো আলোচনা চূড়ান্ত হোৱা নাই । দেওবাৰে বিজনী বিপিএফৰ এই দলীয় সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ লগতে বিজনী সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰী আৰু এম চি এল এ সকলৰ লগতে কেবাশ দলীয় কৰ্মকৰ্তা উপস্থিত থাকে ।

Intro:চিৰাঙৰ বিজনীত দলীয় সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী । শৰনীয়াৰ সৈতে ইউপিপিএলৰ আলোচনা হৈছে বিপিএফৰ লগত হোৱা নাই___হাগ্ৰামা ।

Body:বিটিচিৰ পৰিষদীয় নিৰ্ব্বাচন সমাগত । সকলো দল সংগঠনৰ ৰাজনৈতিক তৎপৰতা তুঙ্গত । ৰাজনৈতিক ভাৱে হতাশাগ্ৰস্থ বিপিএফ নেতৃত্ব । আজি চিৰাং জিলাৰ বিজনীত বিজনী জিলা বিপিএফৰ দলীয় সভাত অংশগ্ৰহন কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে আগন্তক বিটিচি নিৰ্ব্বাচনত বিপিএফ দলৰেই বিজয় হব । মাথো বিপিএফৰ কৰ্মকৰ্তা সকলৰ সক্ৰীয় অংশগ্ৰহনৰ প্ৰয়োজন । আমি প্ৰথমে বিটিচিৰ সকলো জাতী-জনগোষ্টীৰ লোকৰ মাজত সৌহাৰ্ধপুৰ্ণ পৰিৱেশৰ সৃষ্টী কৰিব লাগিব । কাৰন এনডিএফবিৰ কথা শুনিলেই আদীবাসী,গোৰ্খা, মুছলিম,ৰাজবংশী আদি লোকে ভয় কৰে । গতিকে মানুহৰ মনৰ পৰা আমি ভয় আতৰ কৰিব লাগিব আৰু সকলোৰে মাজত মিলা-প্ৰিতি অধিক কৰিব লাগিব । অবড়ো নেতা তথা সাংসদ শৰণীয়াই কোৱাৰ দৰে বিটিচিৰ পৰা কোনো গাঁও কৰ্তন নহয় । বৰঞ্চ ৯৫ খন গাঁও বিটিচিত সোমাবহে বুলি জনায় হাগ্ৰামাই । তেওঁ আৰু কয় যে ইউ পি পিএল আৰু এৱছুৰ লগত আমাৰ কোনো আলোচনা চুড়ান্ত হোৱা নাই । এতিয়া কিছুমান ইউপিপিএলৰ নেতাই কৈ আছে যে এইবাৰ হাগ্ৰামা শেষ হব,বিপিএফ হাৰিব । ইউপিপিএলৰ লগত অবড়ো সংগঠনৰ লগত আলোচনা হৈছে তাৰ মানে শৰনীয়াৰ লগত আলোচনা হৈছে । ইফালে আমাৰ লগতো আলোচনা কৰিব বিচাৰে আৰু সিফালে শৰনীয়াৰ লগতো । ক্ষমতাৰ বাবে সিঁহতে সকলো কৰিব পাৰে বুলিও কয় হাগ্ৰামাই । এই বিলাক ভয়ানক । অবড়ো আমাৰ কাৰনে কোনো ফেক্টৰ নহয় বুলিয়ো কয় । গতিকে কোনে কি কয় কওক মুঠতে আমিয়েই জিকিম বিটিচিত কোনেও একো কৰিব নোৱাৰে আমাক এই দৰে দলীয় কৰ্মকৰ্তাক শাসহ প্ৰদান কৰে হাগ্ৰামা মহিলাৰীয়ে ।

Conclusion:আজি বিজনী বিপিএফৰ এই দলীয় সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ লগতে বিজনী সমষ্টীৰ বিধায়ক কমল সিং নাৰ্জাৰী আৰু এম চি এল এ সকল লগতে কেবাশ দলীয় কৰ্মকৰ্তা উপস্থিত থাকে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.