চিৰাং,19 চেপ্তেম্বৰঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা গোৰ্খা সকলৰ নাম বাদ পৰাৰ বাবে বিনা চৰ্তে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ দাবীত আগছু আৰু গোৰ্খা সন্মিলনৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে বৃহস্পতিবাৰে চিৰাঙত। এন আৰ চিত অসমৰ গোৰ্খা সকলৰ নাম কৰ্তন,গোৰ্খা সকলক "ডি" ভোটাৰ সজাই হাৰাশাস্তি কৰা তথা বিনাচৰ্তে এন আৰ চিৰ পৰা বাদ পৰা গোৰ্খা সকলৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰাৰ দাবীত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসুচী ৰূপায়ণ কৰে সংগঠন দুটাই । অসমত গোৰ্খাসকলে কাইটীয়া তাঁৰ পাৰ হৈ অহা নাই । অসমত গোৰ্খা সকল ভূমিপুত্ৰ। গোৰ্খাসকল বিদেশী বাংলাদেশী নহয়। এন আৰ চিৰ পৰা গোৰ্খা সকলৰ নাম বাদ দিয়াত অসম চৰকাৰ আৰু এন আৰ চিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাক গৰিহণা জনোৱাৰ লগতে সকীয়াই দিয়ে। আজিৰ অৱস্থান ধৰ্মঘটৰ পিচতে জিলা উপায়ুক্তৰ জৰীয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক প্ৰদান কৰিব।
বৃহস্পতিবাৰে চিৰাং জিলা সদৰ কাজলগাঁওত দুপৰীয়া ১২ বজাৰ পৰা ৰূপায়ণ কৰা এই দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অসম গোৰ্খা ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতি,অসম গোৰ্খা সন্মিলনৰ প্ৰায় পাঁচ শতাধিক কৰ্মকৰ্তা,সমৰ্থকে অংশগ্ৰহণ কৰে ।