ETV Bharat / state

চিৰাঙত খহনীয়াৰ ভয়াৱহ ৰূপ - বানপানী

ইতিমধ্যে ডাবাবিল গাঁৱৰ মুঠ ১৪ খন ঘৰ আই নদীৰ গৰাখহনীয়াত জাহ গৈছে । আনহাতে ক্ৰমাৎ খহিব ধৰিছে আই নদীৰ বান্ধ ফলত প্ৰশাসন বা চৰকাৰে অতি শীঘ্ৰে ইয়াৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহন নকৰিলে আই নদীৰ পানীয়ে উতুৱাই নিব  ২০/২৫ খন গাঁৱৰ লগতে ভাৰতীয় তেল নিগমৰ অধীনত থকা বঙাইগাঁও শোধনাগাৰ ।

গৰাখহনীয়াই ভয়াবহতা কঢ়িয়াইছে চিৰাংবাসীলৈ
author img

By

Published : Jul 15, 2019, 11:08 AM IST

চিৰাং, 15 জুলাইঃ চিৰাঙত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও জিলা প্ৰশাসনৰ অৱহেলাৰ বাবে দিনে দিনে ভয়াৱহৰূপ লৈছে আই নদীৰ গৰাখহনীয়াই ৷ লগতে অধিক জটিল হৈছে অঞ্চলটোৰ পৰিৱেশ । বিগত 7 দিনৰ পৰা বানপানীত ককবকাই থকা বিভিন্ন অঞ্চলৰ লোকক উদ্ধাৰ অভিযান তথা সাহাৰ্য সামগ্ৰী বিতৰণৰ নামত জিলা প্ৰশাসনৰ অৱহেলাৰ অভিযোগ উত্থাপন কৰিছে বানপীড়িতসকলে । ডাবাবিল, মাদাৰপুৰ আদি অঞ্চলৰ ভুক্তভোগী লোকে যোগাযোগ কৰাৰ পিচতো জিলা প্ৰশাসনে বৰ্তমানলৈ খবৰ লোৱা নাই বুলিও অভিযোগ কৰিছে গাঁওবাসীয়ে ।

গৰাখহনীয়াই ভয়াবহতা কঢ়িয়াইছে চিৰাংবাসীলৈ

ইতিমধ্যে ডাবাবিল গাঁৱৰ মুঠ ১৪ খন ঘৰ আই নদীৰ গৰাখহনীয়াত জাহ গৈছে । আনহাতে ক্ৰমাৎ খহিব ধৰিছে আই নদীৰ বান্ধ ফলত প্ৰশাসন বা চৰকাৰে অতি শীঘ্ৰে ইয়াৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহন নকৰিলে আই নদীৰ পানীয়ে উটুৱাই নিব ২০/২৫ খন গাঁৱৰ লগতে ভাৰতীয় তেল নিগমৰ অধীনত থকা বঙাইগাঁও শোধনাগাৰ । আনহাতে চিৰাঙত বিগত সময়ছোৱাত বিটিচি প্ৰশাসনে বহুবাৰ গৰাখহনীয়া ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সকলো ফোটোকাৰ ফেন । দুবছৰ পূৰ্বে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও চিৰাং জিলা ভ্ৰমণ কৰি গৰাখহনীয়া ৰোধৰ স্থায়ী পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস দিছিল যদিও আজিলৈ সেই আশ্বাস বাস্তবত পৰিণত নহ'ল ৷

Intro:চিৰাঙত আই নদীৰ গৰাখহনিয়াৰ ভয়াবহ ৰূপ । আই নদীৰ গৰাখহনিয়া বঙাইগাঁও শোধনাগাৰৰ বাবে ভাৱুকি কঢ়িয়াইছে । আধা খহালে ছোটো নিলিবাৰী আই নদীৰ বান্ধৰ আধা খহালে । বিভাগীয় কতৃপক্ষ তথা চৰকাৰ প্ৰশাসনৰ ভুমিকা সুন্য । Body:চিৰাঙত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও জিলা প্ৰশাসনৰ অৱহেলাৰ বাবে অধিক জটিল হৈছে পৰিৱেশ । যোৱা সাত দিনৰ পৰা বানপানীত ককবকাই থকা বিভিন্ন অঞ্চলৰ লোকক উদ্ধাৰ অভিযান তথা সাহাৰ্য্য সামগ্ৰি বিতৰনৰ নামত জিলা প্ৰশাসনৰ অৱহেলাৰ অভিযোগ উত্থাপন হৈছে । ডাবাবিল,মাদাৰপুৰ আদি অঞ্চলত জিলা প্ৰশাসনৰ কোনো লোকে এতিয়ালৈ খবৰ লোৱা নাই । ভূক্তভোগী লোকে যোগাযোগ কৰাৰ পিচতো কোনো গুৰুত্বপ্ৰদান কৰা নাই বুলি অভিযোগ কৰিছে গাঁওবাসীয়ে । ইয়াৰোপৰি গৰাখহনিয়াই ভয়াবহ ৰূপ ধাৰন কৰিছে । আজি ডাবাবিল গাঁওৰ মুঠ ৭৬ ঝন ঘৰৰ ১৪ খন ঘৰ আই নদীৰ গৰাখহনিয়াত জাহ যায় । এচ ডি আৰ এফে নদী পাৰ হৈ যাব নোৱাৰে । গাঁওখনৰ জেষ্ট নাগৰিক ধিৰেন ৰায়ে জনায় যে জিলা প্ৰশাসনে আমাক বেয়া পাইছে নেকি ? নহলে আমাৰ গাঁওৰ খেতি পথায়ঋ ধ্বংশ হোৱাৰ লগতে কাৰো ঘৰতে থকাৰ পৰিৱেশ নাই । প্ৰতিটো ঘৰত পানী সোমাই গাত বনাইছে । পানী আৰু বালি আৰু বালি সমগ্ৰ গাঁওখন । তাৰ পিচতো জিলা প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান নকৰাত আচৰ্য্য প্ৰকাশ কৰে । আই নদীৰ পাৰৰ বহু কেইখন গাঁওত গৰাখহনিয়াই ভয়ানক ৰূপ ধাৰন কৰিছে ।
ইপিনে ছোটো নিলিবাৰীত থকা আই নদীৰ বান্দখনো আধা ভাঙিছে । এই বান্দখন ভাঙিব লগীয়া হলে আই নদীৰ পানীয়ে ২০/২৫ খন গাঁওৰ ক্ষতি কৰাৰ লগতে ভাৰতীয় তেল নিগমৰ অধিনত থকা বঙাইগাঁও শোধনাৰৰ বাবেও ভাৱুকি হৈ পৰিব । কাৰন আই নদী পানী পোনে পোনে বঙাইগাঁও শোধনাগাৰত সোমাব । এই ক্ষেত্ৰত চিৰাং জিলা প্ৰশাসন,বিটিচি প্ৰশাসন বা অসম চৰকাৰৰ কোনেও একো ব্যৱস্থা নকৰাৰ ফলত আজি স্থানীয় লোকে গছৰ ডাল কাটী বান্ধৰ গৰাখহনিয়া ৰোধৰ চেষ্টা চলায় । বিটিচিৰ প্ৰাক্তন অধ্যক্ষ পানীৰাম ব্ৰহ্ম ৰাইজৰ সৈতে থাকি গছৰ ডাল কাটি গৰাখহনিয়া ৰোধৰ চেষ্টা চলোৱা পৰিলক্ষিত হল ।অৱশ্যে বিয়লিৰ ভাগত আই নদীৰ পানী কমি অহাত গৰাখহনিয়াৰ প্ৰকোপ উক্ত ঠাইত কিছু কম পৰিলক্ষিত হয় । যিকোনো মুহুৰ্ততে এই বান্ধ ভাঙিলে বঙাইগাঁও শোধনাগাৰৰ লগতে প্ৰায় ৩৫/৩০ খন গাঁওলৈ অমানিশা নামিব যে সেয়া নিশ্চিত । কিন্ত তাৰ পিচতো গা লৰা নাই শোধনাগাৰ কতৃপক্ষ,জিলা প্ৰশাসনৰ ।

বাইট : স্থানীয় দুজন যুৱকৰ লগতে বিটিচিৰ প্ৰাক্তন অধ্যক্ষ পানীৰাম ব্ৰহ্মৰ বাইট দিলো ।Conclusion:চিৰাঙত বিগত সময়ছোৱাত বিটিচি প্ৰশাসনে বহু বাৰ প্ৰতিশ্ৰুতি দিছিল গৰাখহনিয়া ৰোধ কৰিব বুলি । দুবছৰ পুৰ্ব্বে মাননীয় মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱাল নিজেও চিৰাং জিলাৰ এই অঞ্চল ভ্ৰমন কৰি গৰাখহনিয়া ৰোধৰ স্থায়ী পদক্ষেপ গ্ৰহন কৰাৰ আস্বাস দিছিল যদিও সেয়াও ফুটুকাৰ ফেনত পৰিনত হল । প্ৰতিবছৰেই বান পানী,গৰাখহনিয়াত সৰ্ব্বশ্ৰান্ত চিৰাং জিলাৰ নৈ পৰীয়া হেজাৰ হেজাৰ লোক ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.