চিৰাং, 27 জুলাইঃ অসমৰ বান সমস্যাৰ মূল কাৰণ চৰকাৰৰ সোপাঢিলা নীতি ৷ শনিবাৰে চিৰাঙৰ বানাক্ৰান্তৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি এনেদৰে মন্তব্য কৰিলে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ লগতে কয়, একাংশ মন্ত্ৰী বিধায়কে বান সাহাৰ্য প্ৰদান কৰিবলৈ গৈ ভোট কাক দিছে প্ৰশ্ন কৰে ৷ নামনি অসম তথা বিশেষকৈ কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিভিন্ন অঞ্চল যি ধৰণে বান সমস্যাই সাধাৰণ লোকক ক্ষতি কৰিছে তাত চৰকাৰৰ অৱহেলা মূলত দায়ী বুলিও মন্তব্য কৰে । চৰকাৰৰ দীৰ্ঘম্যাদী পৰিকল্পনা নথকাৰ বাবে বান তথা গৰাখহনীয়া সমস্যাৰ সমাধান হৈ উঠা নাই বুলি কয় সাংসদ গৰাকীয়ে ৷ যাৰ বাবে এহেজাৰ কোটি টকাৰ বান সাহায্য বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখে বুলিও মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷
এহাজাৰ কোটি বান সাহাৰ্য বিচাৰি প্ৰধান মন্ত্ৰীলৈ পত্ৰ নৱ কুমাৰ শৰণীয়াৰ - assam news
চৰকাৰৰ অৱহেলাৰ বাবেই নামনি অসম তথা বিশেষকৈ কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিভিন্ন অঞ্চলত বান সমস্যাই বিধ্বংসী ৰূপ ধাৰণ কৰা বুলি মন্তব্য কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই
![এহাজাৰ কোটি বান সাহাৰ্য বিচাৰি প্ৰধান মন্ত্ৰীলৈ পত্ৰ নৱ কুমাৰ শৰণীয়াৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3963323-thumbnail-3x2-ooooo.jpg?imwidth=3840)
চিৰাং, 27 জুলাইঃ অসমৰ বান সমস্যাৰ মূল কাৰণ চৰকাৰৰ সোপাঢিলা নীতি ৷ শনিবাৰে চিৰাঙৰ বানাক্ৰান্তৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি এনেদৰে মন্তব্য কৰিলে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ লগতে কয়, একাংশ মন্ত্ৰী বিধায়কে বান সাহাৰ্য প্ৰদান কৰিবলৈ গৈ ভোট কাক দিছে প্ৰশ্ন কৰে ৷ নামনি অসম তথা বিশেষকৈ কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিভিন্ন অঞ্চল যি ধৰণে বান সমস্যাই সাধাৰণ লোকক ক্ষতি কৰিছে তাত চৰকাৰৰ অৱহেলা মূলত দায়ী বুলিও মন্তব্য কৰে । চৰকাৰৰ দীৰ্ঘম্যাদী পৰিকল্পনা নথকাৰ বাবে বান তথা গৰাখহনীয়া সমস্যাৰ সমাধান হৈ উঠা নাই বুলি কয় সাংসদ গৰাকীয়ে ৷ যাৰ বাবে এহেজাৰ কোটি টকাৰ বান সাহায্য বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখে বুলিও মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷
Body:চিৰাঙৰ বিজনীৰ বান বিদ্ধস্থ অঞ্চল ভ্ৰমন কোকৰাঝাৰ লোকসভা সমষ্টীৰ সাংসদ নৱ কুমাৰ শৰনীয়াৰ । অসমৰ বান সমস্যাৰ মুল কাৰন চৰকাৰৰ সোপাঢিলা নীতি । চৰকাৰে বিচাৰে একাংশলোক এই ধৰনৰ অসুবিধাৰ মাজতে থাকক যাৰ কাৰনেই এনে হয় । বানসাহাৰ্য্য প্ৰদান কৰিবলৈ আহি কয় তেওঁলোকে কাক ভোট দিছে বা দিয়া নাই । যি সময়ত এইবোৰ কথা উঠিবই নালাগে । আচলতে নামনি অসম তথা বিশেষকৈ কোকৰাঝাৰ লোকসভা সমষ্টীৰ বিভিন্ন অঞ্চলত যি ধৰনে বান সমস্যাই সাধাৰন।লোকক ক্ষতি কৰিছে তাত চৰকাৰৰ অৱহেলা মুলত দায়ী । কাৰন চৰকাৰত দীৰ্ঘম্যাদি এক পৰিকল্পনা নথকাৰ বাবে বান তথা গৰাখহনিয়া সমস্যাৰ সমাধান হৈ উঠা নাই বুলি কয় কোকৰাঝাৰ লোক সভা সমষ্টীৰ সাংসদ নৱ কুমাৰ শৰনীয়াই । সেয়ে তেওঁ প্ৰধান মন্ত্ৰীলৈ পত্ৰ লিখিছে । সাংদৰ জিৰো আৱাৰত অসমৰ বান সমস্যাৰ বিষয় উত্থাপন কৰিব বিচাৰিছিলো যদিও বিলৰ কাৰনে নোৱাৰিলে । সেই কাৰনে এহেজাৰ কোটী টকাৰ দাবী জনোৱা হৈছে বান সমস্যা সমাধানৰ বাবে । প্ৰতি বছৰে অসমত দহ হেজাৰ কোটী টকাতকৈ অধুক পৰিমানৰ ক্ষতি হয় । অসমত বহু ঠাইত প্ৰধান মন্ত্ৰী সড়ক যোজনাৰ পথ নিৰ্মানৰ সুবিধা থকাৰ পিচতো হৈ উঠা নাই কাৰন এই ক্ষেত্ৰত চৰকাৰৰ সদিচ্ছা নাই । সেয়ে আমি বিটিচি দখলৰ কথা কৈছো । আমি বিটিচিৰ দ্বায়িত্ব লাভ কৰিলে এই অঞ্চলৰ বান গৰাখহনিয়াৰ লগতে পথৰ আৰু যাতায়াতৰ সমস্যা সমাধান কৰিব পাৰিম । আজি চিৰাং জিলাৰ বিজনী বিষ্ণুপুৰ, চিকাঝোৰা, ২নং বিষপানী আদি অঞ্চলৰ বান বিধ্বস্ত কৰা পথ তথা অঞ্চল পতিদৰ্শন কৰি কোকৰাঝাৰ লোক সভা সমষ্টীৰ সাংসদ নৱ কুমাৰ শৰণীয়াই এই দৰেই কয় ।
বাইট : নৱ কুমাৰ শৰণীয়া,কোকৰাঝাৰ লোক সভা সমষ্টীৰ সাংসদ ।
Conclusion:বান-গৰাখহনিয়াৰ দৰে সকলো সমস্যা সমাধান কৰিব নৱ শৰনীয়াই বিটিচি দখল কৰিব পাৰিলে । আজি চিৰাঙৰ বানাক্ৰান্ত বিভিন্ন অঞ্চল ভ্ৰমনৰ পিচত এই দৰেই কলে সাংসদ জনে ।
চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।