ETV Bharat / state

দূৰ্বিত্তই বিহ দি নিধন কৰিলে লাখ-লাখ মাছ - মাছ

চিৰাঙৰ পানবাৰী ভূটীয়া পাৰাত পুখুৰিত বিহ দি কেইবালাখ টকাৰ মাছ নষ্ট কৰিলে দুৰ্বৃত্তই । চিৰাং জিলাৰ পানবাৰীৰ ভূটীয়া পাৰাৰ ১ নং গোৰৱদাৰাত পুখুৰীত বিহ দি তিনিটাকৈ পুখুৰীত কেইবালাখ টকাৰ মাছ নিধন কৰিলে দুৰ্বৃত্তই ।

চিৰাঙত বিহ দি লাখ-লাখ মাছ নিধন দুৰ্বৃত্তৰ
author img

By

Published : May 24, 2019, 10:22 PM IST

চিৰাং, 24 মে’: চিৰাঙত দুৰ্বৃত্তৰ অসৎ কাৰ্য ৷ এটা দুটা নহয় মীন পালক সৰ্বেশ্বৰ বসুমতাৰী নামৰ লোকজনৰ তিনিটাকৈ প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰীত বিহ দি নিধন কৰিলে প্ৰায় ১৫ কুইন্টলৰ মাছ ৷ যাৰ বজাৰ মূল্য কেইবা লাখ টকা হ’ব বুলি জানিবলৈ দিয়ে বসুমতাৰীয়ে । আচলতে কোনে কিয় এইদৰে পুখুৰীত বিহ দি মাছ নিধন কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷

ETV BHARAT
চিৰাঙত বিহ দি লাখ-লাখ মাছ নিধন দুৰ্বৃত্তৰ

এই সন্দৰ্ভত জিলা মিন বিষয়াক অৱগত কৰাৰ লগতে পানবাৰী থানাত এখন এজাহাৰ দাখিল কৰিছে সৰ্বেশ্বৰ বসুমতাৰীয়ে । অৱশ্যে মৰা মাছ সমূহ উদ্ধাৰ কৰি কিছু বিক্ৰী কৰে যদিও অধিকাংশ মাছ গাঁওবাসীৰ মাজত বিলাই দিয়ে । প্ৰায়বোৰ মাছৰ পেটতেই কনি আছিল । আনহাতে পুখুৰী কেইটাৰ বীমা কৰোৱা হোৱা নাছিল যাৰ বাবে এই বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হোৱাত এতিয়া হতাশাত ভূগিছে মীন পালক জন ৷ এতিয়া একমাত্ৰ সহায়ৰ বাবে বাট চাইছে জিলা মীন বিভাগ তথা চৰকাৰৰ পৰা মীনপালক সৰ্বেশ্বৰ বসুমতাৰীয়ে ।

Slug : As_Chg_24th_May_807_Chirang_fish_killing_poision_at_pond_vis_Abdul_Maleque_Ahmed. 

Send by ftp. 

চিৰাঙৰ পানবাৰী ভূটীয়া পাৰাত পুখুৰিত বিষ দি কেবালাখ টকাৰ মাছ ধ্বংশ কৰিলে দুৰবৃত্তই । চিৰাং জিলাৰ পানবাৰীৰ ভূটীয়া পাৰাৰ ১নং গোৰৱদাৰাত পুখুৰিত বিষ দি তিনিটাকৈ পুখুৰীত কেবালাখ টকাৰ মাছ ধ্বংশ কৰিলে দুৰবৃত্তই । গাঁওখনৰ মীন পালক সৰ্বেশ্বৰ বসুমতাৰী নামৰ লোক জনৰ তিনিটা প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী ক্ৰমে দহ বিঘাৰ পুখুৰী এটা,ছয় বিঘাৰ পুখুৰী এটা আৰু আনটো তিনি বিঘাৰ পুখুৰীত যোৱা নিশা দুৰবৃত্তই বিষ দি  প্ৰায় ১৫ কুইন্টল মাছ যাৰ মুল্য প্ৰতি কেজিত ৩০০ টকাকৈ হয় কেইবা লাখ টকাৰ মাছ ধ্বংশ কৰে বুলি জনায় বসুমতাৰীয়ে । আচলতে কোনে কিয় এই দৰে পুখুৰীত বিষ দি মাছ নিধন কৰিলে সেয়া ৰহস্যজনক হৈ আছে । এই সন্দৰ্ভত জিলা মিন বিষয়াকো অৱগত কৰিছে মীন পালক জনে । এই সন্দৰ্ভত পানবাৰী থানাত এজাহাৰ দিছে সৰ্বেশ্বৰ বসুমতাৰীয়ে । আজি ৰাতিপুৱা যেতিয়া পুখুৰীত বিষ দিয়াৰ কথা জানিব পাৰে তেতিয়াই হুৱ দুৱা লাগে । মৰা মাছ সমুহ উদ্ধাৰ কৰি কিছু বিক্ৰী কৰে যদিও অধিকাংশ মাছ গাঁওবাসীৰ মাজত বিলাই দিয়ে । কৃষক জনে আৰু জনায় যে আচলতে যাওন(বিধান)  দিয়াৰ বাবেহে এই মাছ সমুহ ৰাখিছিল। প্ৰায় প্ৰতিটো মাছৰ পেটত কনি আছিল । আচলতে গ্ৰামাঞ্চল সমুহত এই ধৰনে উপকৃত হোৱা কৃষক সকলক উৎসাহিত কৰিবলৈ সকলোৱে সহযোগিতা কৰিব লাগে কিন্ত তাৰ বিপৰিত ছবিহে দেখিবলৈ পোৱা যায় । চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ পানবাৰী ভূটীয়া পাৰা গাঁওৰ এই জন মীনপালক সৰ্বেশ্বৰ বসুমতাৰীৰ যি অপুৰনীয় ক্ষতি হল সেয়া কোনে পুৰন কৰিব । যিহেতু কৃষক জনৰ পুখুৰী সমুহৰ বীমা কৰোৱা নাছিল বুলিও জনায় তেওঁ । জিলা মীন বিভাগ তথা চৰকাৰৰ সহায় বিচাৰিছে মীনপালক সৰ্বেশ্বৰ বসুমতাৰীয়ে ।  

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.