চিৰাং, 22 ফেব্ৰুৱাৰী : চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত বল্লামগুৰী গাঁৱত দেওবাৰে নিশা সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা ৷ নিশাই সংঘটিত হোৱা এই অগ্নিকাণ্ডত জাহ যায় 7টাকৈ পৰিয়ালৰ বাসগৃহ ৷
প্ৰাপ্ত তথ্য অনুসৰি, এই অগ্নিকাণ্ডৰ ফলত জুইত জাহ যোৱা 7টা পৰিয়ালৰে বহু টকাৰ সা-সামগ্ৰী, বহু গুৰুত্বপূৰ্ণ নথি পত্ৰৰ লগতে পশু ধনৰো ক্ষতি সাধন হয় ৷ এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ১০ লক্ষাধিক টকাৰ সা সামগ্ৰী ভস্মীভূত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে ৷
এই অগ্নিকাণ্ডৰ সূত্ৰপাত কেনেকৈ হৈছে এই সন্দৰ্ভত এতিয়াও জানিব পৰা হোৱা নাই যদিও বিজনী থানাৰ অন্তৰ্গত বল্লামগুৰী গাঁৱৰ ইদ্ৰিছ আলীৰ ঘৰৰ পৰাই নিশা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে ৷ ইফালে পৰৱৰ্তী সময়ত এই ঘটনাৰ বুজ ল’বলৈ ঘটনাস্থলীত সমাজকৰ্মীৰ এটা দল উপস্থিত হৈ ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালৰ কাষত ঠিয় হয় ৷
লগতে পঢ়কঃ মানৱ সেৱাৰ বাবে ৰাজপথত নামিল আৰক্ষী অধীক্ষকৰ পত্নী