চিৰাং, ২১ জানুৱাৰী : চিৰাঙ জিলাত পুনৰ বনৰীয়া হাতীৰ প্ৰৱেশ জনবসতি অঞ্চলত । বুধবাৰে নিশা মানাহ অভয়াৰণ্য়ৰ পৰা ওলাই অহা এটা বৃহৎ হাতীৰ জাকে উপদ্ৰৱ চলাই বিজনীৰ ২ নং দৈলংঝাৰত । অঞ্চলটোৰ কেইবাটাও ঘৰ ভাঙি লণ্ড ভণ্ড কৰে হাতীৰ জাকটোৱে । লগতে ঘৰত থকা চাউল খাই আৰু ঘৰৰ বিভিন্ন সামগ্ৰী বিনষ্ট কৰে বনৰীয়া হাতীয়ে ।
![চিৰাঙত বন্য়হস্তীৰ উপদ্ৰৱ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-01-chirangwildelephantdestroy-vis-10012_21012021155130_2101f_1611224490_229.jpg)
অঞ্চলটোৰ নিৰেন বৰ্মন নামৰ লোকজনৰ ঘৰ ভাঙি লণ্ড ভণ্ড কৰাত পৰিয়ালটোৰ আশ্ৰয় নোহোৱা হয় । ইফালে গাওঁখনৰ প্ৰভাত বৰ্মনৰ বাগানৰ ১০০ ৰো অধিক তামোল গছ ভাঙি পেলাই । ঘটনাৰ পিছতে দিশহাৰা পৰিয়ালকেইটাই চৰকাৰক ক্ষতিপূৰণৰ দাবী জনায় ।
![চিৰাঙত বন্য়হস্তীৰ উপদ্ৰৱ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-01-chirangwildelephantdestroy-vis-10012_21012021155130_2101f_1611224490_231.jpg)
বিভিন্ন সময়ত এনেদৰে হাতীয়ে উপদ্ৰৱ চলাই আহিছে অঞ্চলটোত । কিন্তু বন্য়হস্তীৰ উপদ্ৰৱৰ কথা বাৰে বাৰে বন বিভাগক জনোৱা হৈছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ ।
লগতে পঢ়ক : বৰপেটাৰ চেঙা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত COVID-১৯ৰ টীকাকৰণ আৰম্ভ