চিৰাং, ৪ ডিচেম্বৰ: নিৰ্বাচনৰ সময়ত কূটাঘাত সংঘটিত হোৱাৰ আশংকাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ পিছতো চিৰাঙত সংঘটিত হৈছে এটাৰ পিছত আনটো অপ্ৰীতিকৰ ঘটনা । বৃহস্পতিবাৰে সন্ধিয়া ৰৌমাৰীত সংঘৰ্ষত লিপ্ত হৈ ইউ পি পি এল দলৰ দুজনকৈ লোক আহত হোৱাৰ পিছত নিশা বি পি এফৰ কাৰ্যালয় লণ্ডভণ্ড কৰে অজ্ঞাত লোকে ।
জিলাখনৰ ১৫নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ ডাংতল বজাৰস্থিত বি পি এফ দলৰ শিমলাগুৰি নিৰ্বাচনী কাৰ্যালয় মাজ নিশা ইউ পি পি এল দলৰ সদস্যই তচনচ কৰাৰ অভিযোগ উত্থাপন কৰিছে বি পি এফৰ কৰ্মকৰ্তাই ।
আনহাতে, বৃহস্পতিবাৰে সন্ধিয়া একেটা সমষ্টিৰে ৰৌমাৰীস্থিত ইউ পি পি এলৰ কাৰ্যালয়ত প্ৰৱেশ কৰি বি পি এফৰ সমৰ্থকে মাৰ-পিট কৰাৰ অভিযোগ উত্থাপিত হৈছে । এই ঘটনাত আহত হৈ এতিয়াও দুজন লোক চিকিৎসাধীন হৈ আছে ।
পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলৰ একাংশ সমৰ্থক আক্ৰমণাত্মক হৈ পৰা পৰিলক্ষিত হৈছে । শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসন আৰু নিৰ্বাচনী আয়োগে কৰা সকলো পৰিকল্পনা অসাৰ কৰাৰ বাবে উঠি-পৰি লাগিছে এইসকল সমৰ্থকে ।
লগতে পঢ়ক:কয়লা মাফিয়া সত্যনাৰায়ণ আগৰৱালাৰ বাসগৃহত আয়কৰ বিভাগৰ তালাচী