ETV Bharat / state

বঙাইগাঁও আৰু চিৰাঙত বাতিল ঈদ উল ফিতৰৰ সমূহীয়া নামাজ

author img

By

Published : May 20, 2020, 1:07 PM IST

কৰ'ণাৰ বাবে বঙাইগাঁও চহৰ মুছলিম সমাজ আৰু চিৰাং জিলাৰ ঢালিগাঁওৰ ঈদগাহ পৰিচালনা সমিতিৰ আদৰনীয় প্ৰদক্ষেপ ৷

কৰ'ণাৰ বাবে বাতিল নামাজ
কৰ'ণাৰ বাবে বাতিল নামাজ

চিৰাং, 20 মেঃ বঙাইগাঁও চহৰ মুছলিম সমাজৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত বাতিল কৰিলে ঈদগাহত আগন্তক ঈদ উল ফিতৰৰ সমূহীয়া নামাজ । লক ডাউন আৰু কৰ'ণা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত গ্ৰহণ । দেশত কৰ'ণা মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এইদৰে ঈদৰ সমূহীয়া নামাজ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে মুছলমান সমাজে । বঙাইগাঁও চহৰৰ মুছলিম সমাজৰ সভাপতি ছৈয়দ নুৰ মহম্মদে এই কথা প্ৰকাশ কৰিছে ৷

কৰ'ণাৰ বাবে বাতিল নামাজ

একেদৰে চিৰাং জিলাৰ ঢালিগাঁওৰ বৰতালোৱাত ঈদ উল ফিতৰৰ সমুহীয়া নামাজো বাতিল কৰিছে ঈদগাহ পৰিচালনা সমিতিয়ে । লগতে ঈদৰ নামত অযথা বজাৰ কৰিবলৈ গৈ বজাৰত ভিৰ নকৰিবলৈ আহ্বান জনায় ঈদগাহ সমিতিৰ সভাপতি কাজিমুদ্দিন আকন্দই । মুঠতে দেশত মহামাৰী কৰ'ণা যাতে বিয়পিব নোৱাৰে তাৰ বাবে চলি থকা ৰাষ্ট্ৰীয় লক ডাউন সফল কৰিবলৈ ইছলাম ধৰ্মীয় লোকসকলক পৱিত্ৰ ঈদ উল ফিতৰৰ সমুহীয়া নামাজ বাতিল কৰি সাৱধান আৰু সজাগ হৈ থাকিবলৈ কয় আকন্দই ৷

লগতে পঢ়কঃ পুণৰ গুৱাহাটীত দুটাকৈ স্থান কন্টেইনমেন্ট জ'ন ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.