ETV Bharat / state

সাংসদ নৱ শৰণীয়া নিচাসক্ত লোকঃ প্ৰমীলাৰাণী ব্ৰহ্ম - দৈজিং মহোৎসৱ

শনিবাৰে দৈজিং মহোৎসৱৰ বাকৰিত উপস্থিত হয় মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম ৷ ব্ৰহ্মই দৈজিং সম্পৰ্কে সাংসদ নৱ কুমাৰ শৰণীয়াই কৰা মন্তব্যৰ কঠোৰ সমালোচনা কৰে ৷ উল্লেখ্য যে, ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা ১২ দিনীয়া দৈজিং মহোৎসৱ বৰ্জনৰ আহ্বান জনাইছিল সাংসদ শৰণীয়াই ৷

দৈজিং মহোৎসৱ 2019
12 দিনীয়া কাৰ্যসূচীৰে দৈজিং মহোৎসৱ
author img

By

Published : Dec 28, 2019, 11:18 PM IST

চিৰাং,28 ডিচেম্বৰঃ শনিবাৰে দৈজিং মহোৎসৱৰ দ্বিতীয় দিন ৷ আই নদীৰ পাৰত অনুষ্ঠিত হোৱা এই মহোৎসৱৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি তেনেই সেৰেঙা পৰিলক্ষিত হয় ৷ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই শনিবাৰে দৈজিঙৰ বাকৰিত উপস্থিত হয় ৷ ব্ৰহ্মই দৈজিং সম্পৰ্কে সাংসদ নৱ কুমাৰ শৰণীয়াই কৰা মন্তব্যৰ কঠোৰ সমালোচনা কৰে ৷ উল্লেখ্য যে,২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা ১২ দিনীয়া দৈজিং মহোৎসৱ বৰ্জনৰ আহ্বান জনাইছিল সাংসদ শৰণীয়াই ৷ লগতে সমীপৱৰ্তী মানাহৰ পৰা অনা হৰিণা মাংসৰ ভোজ চলা বুলি অভিযোগ উত্থাপন কৰিছিল সাংসদ গৰাকীয়ে ৷ মুকলিকৈ সুৰা বিক্ৰী আৰু জুৱাৰ আড্ডা চলাৰ কথাও উল্লেখ কৰিছিল নৱ শৰণীয়াই । একে অভিযোগ উত্থাপন কৰিছিল এবছুৰ চিৰাং জিলা সমিতিৰ সভাপতি খনীন্দ্ৰ বসুমতাৰীয়ে ৷

12 দিনীয়া কাৰ্যসূচীৰে দৈজিং মহোৎসৱ
দৈজিং মহোৎসৱ 2019
দৈজিং মহোৎসৱ 2019

ইপিনে সাংসদ গৰাকীৰ কথাত খড়্গহস্ত হৈ পৰে মন্ত্ৰী ব্ৰহ্ম ৷ সকলো অভিযোগ নসাৎ কৰি ব্ৰহ্মই কয়, "সাংসদ নৱ শৰণীয়া নিচাসক্ত লোক, পূৰ্বে হাবিত থাকোতে হৰিণা মাৰি খাইছে আৰু এতিয়া কাউৰীয়ে গাখীৰত গা ধুই বগা হোৱাৰ দৰে নিজকে শুদ্ধ বুলি ভাবিবলৈ লৈছে "৷ দৈজিং উৎসৱ বিগত বৰ্ষৰ তুলনাত এইবাৰ ভাল হোৱা বুলি মন্ত্ৰীগৰাকীয়ে কয় ৷

দৈজিঙৰ বাকৰিত মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম

অসম তথা বিশ্বক পৰিচয় কৰাই দিব পৰাকৈ আই নদীৰ বালিচৰত আকৰ্ষণীয়ভাৱে দৈজিং মহোৎসৱ অনুষ্ঠিত কৰা হৈছে ৷ দ্বিতীয় দিনাৰ কাৰ্যসূচী হিচাপে নিশা সাংস্কৃতিক সন্ধিয়া আয়োজন কৰা হৈছে । অসম আৰু বি টি চি পৰ্যটন বিভাগৰ সহযোগত চিৰাং জিলা প্ৰশাসনে আয়োজন কৰা এই উৎসৱত বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা,সংস্কৃতি আৰু খাদ্যসম্ভাৰৰ ব্যৱস্থা ৰখা হৈছে ৷ নামনি অসম বিশেষকৈ বি টি চি ৰ পৰ্যটন বিভাগক বিশ্ব দৰবাৰত তুলি ধৰাৰ উদ্দেশ্যে এই দৈজিং উৎসৱ আয়োজন কৰা হৈছে ৷

লগতে চাওকঃপৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত গোলাঘাটৰ চৌকানা বিল

Intro:নৱ শৰনীয়া মদাৰু মানুহ, জংগলত থাকি হৰিনা মাৰি খাইছে__প্ৰমিলা ৰানী ব্ৰহ্ম। চিৰাঙৰ দৈজিং উৎসৱত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম । 

Body:কোকৰাঝাৰ লোক সভা সমষ্ঠীৰ সাংসদ নৱ কুমাৰ শৰণীয়া মদাৰু, জংগলত থাকোতে হৰিনা মাৰি খাইছে আৰু এতিয়া কাউৰীয়ে গাখীৰত গা ধুই বগা হোৱাৰ দৰে নিজকে ভাৱিবলৈ লৈছে বুলি চিৰাঙৰ দৈজিং উৎসৱত আহি কলে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই । চিৰাঙত ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা ১২ দিনীয়া দৈজিং উৎসৱ বৰ্জনৰ আহ্বান জনাইছিল সাংসদ শৰনীয়াই । তেওঁ অভিযোগ কৰিছিল দৈজিঙত মানাহৰ পৰা হৰিনা মাৰি মাংসৰে ভোজ চলে বুলি লগতে কৈছিল মুকলি ভাৱে মদ বিক্ৰী আৰু জুৱা চলে ।একেদৰেই চিৰাং জিলা সমিতি এবছুৰ সভাপতি খনিন্দ্ৰ বসুমতাৰীয়েও অভিযোগ কৰিছিল দৈজিঙত মদ,জুৱাৰ দৰে অসামাজিক কাৰযকলাপ  মুকলি ভাৱে চলে বুলি । আজি সেয়ে মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্মই দৈজিং উৎসৱ ভ্ৰমনলৈ আহি কয় যে দৈজিং উৎসৱ এইবাৰ যোৱা বছৰৰ তুলনাত বহু ভালদৰে কৰা হৈছে । বিগত সময়বোৰতকৈ অধিক বৃহৎ আকাৰে কৰা হৈছে । বিগত সময়বোৰত যান জটৰ সৃষ্টী হৈছিল কিন্ত এইবাৰ সেয়া নহব । সেয়ে দৈজিং আয়োজক সকলৰ লগতে দৈজিং ভ্ৰমনলৈ অহা লোকক ধন্যবাদ জনোৱাৰ লগতে সকলোকে আগন্তক নৱ বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে । অসম তথা বিশ্ব বাসীক দেখুৱাই দিব পৰাকৈ আই নদীৰ বালিৰ চৰত অতি সুন্দৰকৈ দৈজিং অনুষ্টিত কৰা হৈছে যাতে ইয়াৰ পৰা অসমৰ অইন অঞ্চলৰ লোকেও নিজৰ ঠাইত এই ধৰনৰ উৎসৱৰ আয়পজনৰ ক্ষেত্ৰত অনুপ্ৰেৰনা লাভ কৰে বুলিও কয় । কাৰন চেষ্টা কৰিলে সকলোতে এই ধৰনৰ অনুষ্টান পাতিব পৰা যায় । নাগৰিকত্ব সংশোধনি আইনে বিটিচিত প্ৰভাৱ নেপেলায় বাবে ইয়াত আন্দোলনৰ কোনো প্ৰভাৱ নপৰে । অৱশ্যে কিছু প্ৰভাৱ পৰিব পাৰে বুলি স্বিকাৰ কৰিলে মন্ত্ৰীজনে । তেওঁ দৈজিং সন্দৰ্ভত সাংসদ শৰনীয়া সন্দৰ্ভত প্ৰতিক্ৰীয়া প্ৰকাশ কৰি কয় যে নদীৰ পাৰত অনুষ্টিত উৎসৱত আহি কোনোবাই যদি আনন্দত কিবা খাইছে তাৰ বাবে দোষী আমি নেকি বুলি কোৱাৰ লগতে কয় যে এয়া জিলা প্ৰশাসনে আয়োজন কৰিছে আৰু ইয়াত আমি কি সেইবোৰ প্ৰেৰনা দিছো নেকি বুলিও প্ৰশ্ন কৰে । তাৰ পিচতে কয় যে আচলতে নৱ শৰনীয়া নিজেই মদাৰু , অস্ত্ৰধাৰী ব্যাক্তি আৰু উগ্ৰপন্থি হৈ থাকোতে জংগলত হৰিনা মাৰি খাইছিল । মই নৱ শৰনীয়াৰ বাবে হাৰা নাছিলো । আচলতে মোৰ মানুহে মই জিকাটো নিশ্চিত বুলি ভাৱি পৰিশ্ৰম কৰা নাছিল আৰু বিৰোধীয়ে ফেচবুকযোগে মোৰ বিৰুদ্ধে বিভিন্ন ষৰযন্ত্ৰ কৰিছিল বাবেই মানুহে শৰনীয়াক ভোট দি জিকাইছে । মইহে জিকা মানুহ আছিলো । অলপ ভোটতহে হাৰিছিলো বুলিও কয় মন্ত্ৰী  প্ৰমিলা ৰানী ব্ৰহ্মই ।

বাইট : প্ৰমিলা ৰানী ব্ৰহ্ম, মন্ত্ৰী অসম চৰকাৰ ।  

Conclusion:অন্যান্য বছৰৰ তুলনাত সেমেকি থাকিল দৈজিঙৰ দ্বিতীয় দিনৰ কাৰ্য্যসুচি। মানুহৰ উপস্থিতি সেৰেঙা পৰিলক্ষিত হল । অৱশ্যে লক্ষ্যনীয় হব নিশা অনুষ্টিত হব লগীয়া সাংস্কৃতিক সন্ধীয়াৰ কাৰ্য্যসুচি । অসম আৰু বিটিচি পৰ্য্যটন বিভাগৰ সহযোগত চিৰাং জিলা প্ৰশাসনে আয়োজন কৰা এই দৈজিং উৎসৱত বিভিন্ন জাতী-জনগোষ্টীৰ কলা,সংস্কৃতি আৰু খাদ্য সম্ভাৰ তথা নামনি অসম বিশেষকৈ বিটিচিৰ পৰ্যটন বিভাগটো বিশ্ব দৰবাৰত তুলি ধৰাৰ উদ্দেশ্যে এই দৈজিং উৎসৱ আয়োজন কৰা বুলি ইতিমধ্যেই আয়োজক সকলে প্ৰকাশ কৰিছে । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.