ETV Bharat / state

চিৰাঙৰ চৰকাৰী বিদ্যালয়ৰ পুতৌ লগা ছবি - BTAD

চিৰাঙৰ শিক্ষাবিভাগৰ চকুত নপৰা এখন বিদ্যালয় ৷ 70 জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে নাই উপযুক্ত আন্তঃগাঠনি ৷ 5 বছৰ পূৰ্বে নাঙলভাঙা নৈৰ পানীয়ে ক্ষতিসাধন কৰা বিদ্যালয়খন এতিয়া অস্তিত্বৰ সংকটত ৷ শীঘ্ৰে বিদ্যালয়খন পুনৰ নিৰ্মাণ বা স্থানান্তৰণৰ দাবী নাঙলভাঙাবাসীৰ ৷

চিৰাঙৰ চৰকাৰী বিদ্যালয়ৰ পুতৌ লগা ছবি
author img

By

Published : May 10, 2019, 6:41 PM IST

চিৰাং,10মে': শিক্ষা বিভাগৰ অভিলাসী আঁচনিয়ে ঢুকি নোপোৱা এখন বিদ্যালয় ৷ এই বিশেষ বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে নাই আন্তঃগাঠনি ৷ চিৰাঙৰ নাঙলভাঙাৰ ৬৮২ নম্বৰ শিশুবাৰী প্ৰাথমিক বিদ্যালয়খনৰ দুৰৱস্থা উদঙাই দিছে চৰকাৰী বিদ্যালয়ৰ ফোপোলা স্বৰূপ ৷ নাঙলভাঙা নৈৰ পাৰত অৱস্থিত বিদ্যালয়খনত যোৱা 5 বছৰ ধৰি ভগ্ন অৱস্থাতেই ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলগীয়া হৈছে । যোৱা 5 বছৰ পূৰ্বেই নাঙলভাঙা নৈৰ বাঢ়নি পানীত বিধস্ত হৈছিল বিদ্যালয়খন ৷ কিন্তু বিগত সময়ত বিটিচি কতৃপক্ষৰ লগতে জিলা প্ৰাথমিক শিক্ষা বিষয়াকো বহুবাৰ আবেদন জনোৱাৰ পিচত কোনো ধন মোকলাই নিদিলে বিদ্যালয়খন পুনৰ নিৰ্মাণ তথা স্থানান্তৰিত কৰাৰ বাবে। ইপিনে বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ মতে দুবছৰ পূৰ্বে বিটিচিৰ পৰা এখন মঞ্জুৰি পত্ৰ দিয়ে দায়িত্ব সামৰিলে শিক্ষা বিভাগে।

চিৰাঙৰ চৰকাৰী বিদ্যালয়ৰ পুতৌ লগা ছবি

কিন্তু বৰ্তমান 70 জন ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি থকা বিদ্যালয়খনৰ এনে দুৰৱস্থাই প্ৰত্যেক দিনাই শংকা কঢ়িয়াই আনিছে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকললৈ ৷ কাৰণ যিকোনো মুহুৰ্ততেই ভগ্ন বিদ্যালয় গৃহ খহি সংঘটিত হ'ব পাৰে ভয়ানক দুৰ্ঘটনাৰ। যাৰ বাবে এতিয়া বিদ্যালয়খন পুনৰ নিৰ্মাণ অথবা স্থানান্তৰণৰ ব্যৱস্থাৰ দাবী স্থানীয় ৰাইজৰ ৷

Intro:এয়া চিৰাং জিলাৰ নাঙলভাঙাৰ ৬৮২ নম্বৰ শিশুবাৰী প্ৰাথমিক বিদ‍্যালয় । যোৱা ২০১৪ চনৰ পৰা এই দৰে নদীৰ পাৰতে আছে বিদ‍্যালয় খন । শিক্ষা বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ। নাঙলভাঙা নদীৰ পাৰত অৱস্থিত এইখন বিদ‍্যালয়। যোৱা পাঁচ টা বছৰে এই দৰেই ভগ্ন অৱস্থাত ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলগীয়া হৈছে । বানপানীৰ সময়ত নদীৰ পানী বাঢ়ি আহিলে বিদ‍্যালয় খনত পানী সোমায় । বিদ‍্যালয় খনৰ প্ৰধান শিক্ষক আব্দুল হাইয়ে জনায় যে যোৱা বছৰ এজন ছাত্ৰ নদীৰ বাঢ়নি পানীত পৰিছিল । কোনোমতে লগে লগে শিক্ষকে পানীৰ পৰা উদ্ধাৰ কৰে ছাত্র জনক । যিকোনো মুহুৰ্তত সংঘটিত হব পাৰে ভয়ানক দুৰ্ঘটনা । আকৌ বানপানী আহিল কিন্ত বিদ‍্যালয় খনৰ কোনো ব‍্যৱস্থা নকৰিলে শিক্ষা বিভাগে । বৰ্তমানেও বিদ‍্যালয় খনৰ ছাত্ৰ -ছাত্ৰীৰ সংখ‍্যা ৭০ জন ।

বাইট : ছাত্ৰ,শিক্ষক,ডিএল ।

বিটিচি কতৃপক্ষ লৈয়ো লিখিত আবেদন জনাইছিল বিদ‍্যালয়ৰ শিক্ষকে, জিলা প্ৰাথমিক শিক্ষা বিষয়াকো বহুবাৰ আবেদন জনোৱাৰ পিচত দুবছৰ পুৰ্বে বিটিচিৰ পৰা এটা মঞ্জুৰি পত্ৰ দিয়ে সামৰিলে । কোনো ধন মোকলাই নিদিলে বিদ‍্যালয় খন পুনৰ নিৰ্মান তথা স্থানান্তৰিত কৰাৰ বাবে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট : ছাত্ৰ,শিক্ষক,ডিএল ।

Conclusion:বিটিচি কতৃপক্ষ লৈয়ো লিখিত আবেদন জনাইছিল বিদ‍্যালয়ৰ শিক্ষকে, জিলা প্ৰাথমিক শিক্ষা বিষয়াকো বহুবাৰ আবেদন জনোৱাৰ পিচত দুবছৰ পুৰ্বে বিটিচিৰ পৰা এটা মঞ্জুৰি পত্ৰ দিয়ে সামৰিলে । কোনো ধন মোকলাই নিদিলে বিদ‍্যালয় খন পুনৰ নিৰ্মান তথা স্থানান্তৰিত কৰাৰ বাবে ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.