ETV Bharat / state

চিৰাং জিলাৰ উপায়ুক্তৰ পত্নী-জীয়ৰী কৰ’ণা পজিটিভ

গুৱাহাটীৰ পৰা অহা চিৰাং জিলা জিলা উপায়ুক্তৰ পত্নী আৰু জীয়ৰী কৰ’ণা আক্ৰান্ত । শুকুৰবাৰে এগৰাকী চিকিৎসক সহ মুঠ 12 জন লোক আক্ৰান্ত চিৰাঙত ।

author img

By

Published : Jul 3, 2020, 11:47 PM IST

চিৰাং জিলাৰ উপায়ুক্তৰ পত্নী-জীয়ৰী কৰ’ণা পজিটিভ
চিৰাং জিলাৰ উপায়ুক্তৰ পত্নী-জীয়ৰী কৰ’ণা পজিটিভ

চিৰাং, 3 জুলাইঃ চিৰাং জিলাৰ উপায়ুক্ত গৌতম তালুকদাৰৰ পত্নী আৰু জীয়ৰী কৰ’ণা পজিটিভ ৷ উপায়ুক্তগৰাকীৰ পত্নীৰ নাম হৈছে এন্টী দাস তালুকদাৰ আৰু জীয়ৰীৰ নাম হৈছে দিগংগনা কাশ্যপ ৷ দুয়োগৰাকীয়ে গুৱাহাটীৰ পৰা তিনিদিন পূৰ্বে চিৰাঙলৈ আহিছিল । কোভিড ৰোগৰ লক্ষণ দেখা দিয়াৰ পিচতো চিৰাঙত নিজৰ বাংলোত একেলগে ৰাখি নিয়মিত ভাৱে চিৰাং জিলা উপায়ুক্ত গৌতম তালুকদাৰে চলাই গৈছিল কাৰ্যালয়ত নিজৰ কাম কাজ ।

এই বাতৰি বিয়পাৰ লগে লগে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰী সকলৰ মাজত এতিয়া সৃষ্টি হৈছে এক আতংকময় পৰিৱেশৰ । চিৰাং জিলা সদৰ কাজলগাঁওৰ জে এচ বি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক আলাউদ্দিন আহমেলকো শুকুৰবাৰে কৰ’ণা ভাইৰাছত আক্ৰান্ত পোৱা যায় ৷ চিৰাং জিলাত শুকুৰবাৰৰ দিনটোচ মুঠ 12 জন লোকৰ দেহত ধৰা পৰিছে কোভিডৰ অৱস্থিতি ৷

ৰাজ্যিক স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি চিৰাং জিলাত বৰ্তমানলৈকে 52 জন লোক কোভিড-19 ত আক্ৰান্ত হৈছে ৷ জিলাখনত আটাইকেইটা ঘটনাই বৰ্তমানে সংক্ৰিয় হৈ আছে ৷

লগতে চাওক-নাহৰকটীয়াত জব্দ দুখনকৈ চোৰাং কাঠৰ কুণ্ডাভৰ্তি ট্ৰাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.