ETV Bharat / state

চিৰাঙত দৈজিং উৎসৱৰ যুদ্ধংদেহি প্ৰস্তুতি

author img

By

Published : Dec 20, 2019, 11:58 PM IST

পূৰ্ণগতিত চলিছে দৈজিং উৎসৱৰ কাম ৷ ডিচেম্বৰৰ 27ৰ পৰা 7 জানুৱাৰীলৈ চিৰাঙত অসম পৰ্যটন বিভাগৰ সহযোগত আৰু বিটিচিৰ পৰ্যটন বিভাগৰ উদ্যোত অনুষ্ঠিত হ'ব দৈজিং উৎসৱ ।

চিৰাঙত দৈজিং উৎসৱৰ যুদ্ধংদেহি প্ৰস্তুতি
চিৰাঙত দৈজিং উৎসৱৰ যুদ্ধংদেহি প্ৰস্তুতি

চিৰাং, 20 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্য উত্তাল হৈ থকাৰ বিপৰীতে চিৰাঙৰ আই নদীৰ পাৰত চলিছে দৈজিং উৎসৱৰ যুদ্ধংদেহি প্ৰস্তুতি ৷ চিৰাঙত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আই নদীৰ পাৰত ৷ বাৰ দিনীয়াকৈ অনুষ্ঠিত হ'ব লগীয়া এই দৈজিং উৎসৱৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে দিনে নিশাই ৷ ডিচেম্বৰৰ 27ৰ পৰা 7 জানুৱাৰীলৈ চিৰাঙত অসম পৰ্যটন বিভাগৰ সহযোগত আৰু বিটিচিৰ পৰ্যটন বিভাগৰ উদ্যোত অনুষ্ঠিত হ'ব দৈজিং উৎসৱ । চিৰাং জিলা প্ৰশাসন আৰু বি টি চিৰ পৰ্যটন বিভাগৰ উদ্যোগত পূৰ্ণগতিত চলিছে দৈজিং উৎসৱৰ কাম ৷ মাজত মাথো ৬ দিন বাকী থকা অৱস্থাত এই পৰ্যন্ত 80 শতাংশ কামেই সম্পূৰ্ণ হৈ উঠিছে ৷

CHIRANG DAIJING FESTIVAL PREPARATION IS GOING ON ETV BHARAT ASSAM
ডিচেম্বৰৰ 27ৰ পৰা 7 জানুৱাৰীলৈ চিৰাঙত দৈজিং উৎসৱ
চিৰাঙৰ হাগ্ৰামা দলঙৰ পাৰত,আই নদীৰ বালিচৰত বাৰ দিন কৈ চলিব লগা এই দৈজিং উৎসৱ স্থানীয় পৰ্যটনৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন কলা,কৃষ্টি আৰু জনগোষ্ঠীয় কল, সংস্কৃতি আদি ৰাইজৰ আগত দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে ৷ লগতে থাকিব ৰাজ্যৰ লগতে বাহিৰৰ পৰা অহা শিল্পীৰ সংগীতানুষ্ঠান ৷ উল্লেখ্য যে এই উৎসৱত থাকিব বিভিন্ন জাতি জনগোষ্ঠীৰ সাজ পোছাক পৰিধান কৰি ফটো উঠিব পৰা এক বিশেষ অনুষ্ঠান আৰু চেল্ফি জ'ন ৷
চিৰাঙত দৈজিং উৎসৱৰ যুদ্ধংদেহি প্ৰস্তুতি
এইবাৰ দৈজিঙ উৎসৱৰ বিশেষ আকৰ্ষণ হেলিকপ্তাৰ ৰাইডিং,হাতী চাফাৰী,জীপ চাফাৰী,চাইক্লিং,ব'টিং আদিৰ লগতে শ্বুটিংৰ ব্যৱস্থা ৷ লগতে থাকিব হট এয়াৰ বেলুন ৰাইড,পেৰাগ্লাইডিং আদি৷ দৈজিঙত পয়োভৰ হব জনগোষ্ঠীয় খাদ্যমেলা ,বিভিন্ন খাদ্যসম্ভাৰ৷ ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বাণিজ্য মেলা ৷ গ্ৰন্থ মেলাৰ লগতে বিভিন্ন চৰকাৰী বে চৰকাৰী বিভাগৰ প্ৰদৰ্শনী ৷

লগতে চাওকঃ বাক্সাত পোৱা যায় এবিধ বিশেষ শিল.

Intro: চিৰাঙত আই নদীৰ পাৰত দৈজিং ফেষ্টিভেলৰ যুদ্ধংদেহি প্ৰস্তুতি ৷ উখল মাখল পৰিৱেশ আই নদীৰ পাৰত ৷ বাৰ দিনীয়াকৈ অনুষ্ঠিত হব লগীয়া এই দৈজিং উৎসৱত কা বিৰোধি আন্দোলনৰ বাবে বিদেশী পৰ্যটক নথকাৰ সম্ভাৱনা ৷

Body:অহা ২৭ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰীলৈ অনুষ্টিত হব চিৰাঙত অসম পৰ্যটনৰ দৈজিং ফেষ্টিভেল। চিৰাঙৰ আই নদীৰ পাৰত দৈজিং ফেষ্টিভেল আৰম্ভ হব অহা 27 ডিচেম্বৰৰ পৰা ৷ চিৰাং জিলা প্ৰশাসন আৰু বি টি চিৰ পৰ্যটন বিভাগৰ উদ্যোগৰ লগতে অসম পৰ্যটন বিভাগৰ সহযোগত দৈজিং ফেষ্টিভেল বাবে পূৰ্ণগতিত চলিছে কাম ৷

মাজত মাথো ৬ দিন বাকি ৷ ছয় দিনৰ পাছতে চিৰাঙৰ আই নদীৰ বালিৰ চৰৰ মাজত ৰং বিৰঙেৰে ভৰি পৰিব নান্দনিক পৰিৱেশ ৷বিভিন্ন কলা কৃষ্টিৰ মহা আয়োজন চলিব লগা এই দৈজিং উৎসৱৰ বাবে দিনে নিশাই চলিছে কাম ৷

চিৰাঙৰ হাগ্ৰামা দলঙৰ পাৰত, আই নদীৰ বালিচৰত বাৰ দিন কৈ চলিব লগা এই দৈজিং উৎসৱৰ বাবে প্ৰতিটো বিভাগত চলিছে ব্যাপক আয়োজন৷

এয়া তাৰেই পৰিৱেশ ৷

স্থানীয় পৰ্যটনৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন কাল,কৃষ্টি আৰু জনগোষ্ঠীয় কলা, সংস্কৃতিত ৰাইজৰ আগত দাঙি ধৰাৰ প্ৰয়াসৰে চতুৰ্থ বৰ্ষৰ বাবে বৃহৎ আয়োজন দৈজিং ৷

বড়ো চিখলাৰ বাগৰুম্ব নৃত্য,চিফুঙৰ সুৰ,চেৰজা,খাম্বাৰ শব্দ মুখৰিত হব আই নদাৰ পাৰত ৷

এইবাৰ দৈজিঙত পৰ্যটকৰ বাবে বিশেষ আকৰ্শন হেলিকপ্তাৰ ৰাইডিং , হাতী চাফাৰী,জীপ চাফাৰী, চাইক্লিং, বটিং লগতে চুটিং৷ লগতে দৈজিঙত আকৰ্ষন হট এয়াৰ বেলুন ৰাইড,পেৰাগ্লাইডিং ৷

দৈজিঙত পয়োভৰ হব জনগোষ্ঠীয় খাদ্যমেলা ,বিভিন্ন খাদ্যসম্ভাৰ৷

ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বানিজ্য মেলা ৷গ্ৰন্থ মেলাৰ লগতে বিভিন্ন চৰকাৰী বে চৰকাৰী বিভাগৰ প্ৰদৰ্শনী ৷

1965 চনত ইন্দো,পাকিস্তান যুদ্ধৰ সময়ত আই নদীৰ এই স্থানতে ভাৰতীয় সেনাৰ এখন যুদ্ধ বিমান দূৰ্ঘটনা সংঘটিত হোৱাৰ এক ছৱি এই মহোৎসৱত আৰ্হি দেখুওৱা হব ৷

ইয়াৰ লগতে জন্মু কাস্মীৰৰ পুলবামাত সংঘটিত হোৱা ভাৰতীয় সেনা বাহিনীৰ ওপৰত আক্ৰমন ৰ এক ছৱি দাঙি ধৰি নিহত সেনা জোৱানৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা কৰা ছৱিত ফুটাই তোলা হব ৷

পিটিচি আৰু চাৰিটা বাইট দিলো ।

Conclusion:প্ৰতিবছৰে ২৭ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰিলৈ অনুষ্টিত হৈ অহা এই দৈজিং উৎসৱ এই বাৰ অসমত সাম্প্ৰতিক পৰিস্থিতিয়ে পেলাব প্ৰভাৱ । অসমৰ কা বিৰোধি আন্দোলনৰ বাবে বৰ্তমান অসম নাই কোনো এজন বিদেশী পৰ্য্যটক । বিশ্ব দৰবাৰত প্ৰতিষ্টাৰ বাবে চেষ্টা চলোৱা এই বাৰৰ দৈজিং উৎসৱে বিশেষ সফলতা লাভ নকৰিলেও ষষ্ট অনুসুচিৰ বিটিচিত এই আন্দোলনৰ কোনো প্ৰভাৱ নপৰাৰ ফলত আশাব্যাঞ্জক বুলি প্ৰকাশ কৰিছে আয়োজক সকলে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.