ETV Bharat / state

চিৰাঙত এমাহৰ ভিতৰতে চুৰি ২২ টাকৈ গৰুঃ অসহায় কৃষক

চিৰাঙৰ ঢালিগাঁৱত গৰু চোৰৰ সন্ত্ৰাস ! ৰাতিৰ আন্ধাৰটো বাদেই দিনৰ পোহৰতো গৰু চুৰিৰ ঘটনা ।

চিৰাঙত এমাহৰ ভিতৰতে চুৰি ২২ টাকৈ বলধ গৰু
author img

By

Published : Jun 9, 2019, 3:11 PM IST

চিৰাং,৯ জুনঃ চিৰাঙত এমাহৰ ভিতৰতে চুৰি হৈছে ২২ টাকৈ বলধ গৰু । এমাহ ধৰি চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত গয়বাৰী, লাউজুৰীপাৰা,শুকানীপাৰা আৰু ভীৰহানগাঁও ওচৰা-ওচৰিকৈ চাৰিখনকৈ গাঁৱত সংঘটিত হৈছে এটাৰ পিছত এটাকৈ গৰু চুৰিৰ ঘটনা । ৰাতিৰ ভাগত গৃহস্থৰ গোহালিৰ পৰা গৰু চুৰি হোৱা বাদেই এতিয়া দিনৰ পোহৰতেও পথাৰৰ পৰা গৃহস্থৰ গৰু উধাও হৈছে । গৰু চোৰৰ এই ধাৰাবাহিক সন্ত্ৰাসত এতিয়া দিকবিদিক হেৰুৱাইছে খেতিয়কসকলে । শেহতীয়াকৈ ফনিল মুছাহাৰী নামৰ এজন দৰিদ্ৰ খেতিয়কৰ এহাল গৰু দিন দুপৰতে পথাৰত এৰাল দিয়া অৱস্থাতে চুৰি হয় । কেৱল তেওঁৰে নহয় চাৰিদিন আগতে ,উমানন্দ দৈমাৰী নামৰ এজন ব্যক্তিৰ পৰা গোহালিৰ পৰা চুৰি হৈছে এহাল বলধ। ফলত এতিয়া মূৰে-কপালে হাত দিছে দৰিদ্ৰ কৃষকসকলে ।

চিৰাঙত এমাহৰ ভিতৰতে চুৰি ২২ টাকৈ বলধ গৰু

উল্লেখ্য যে,বিগত এমাহৰ ভিতৰত ঢালিগাঁও থানাত অন্তৰ্গত গয়বাৰী গাঁৱৰ পৰা ৭ টা গৰু,লাউজুৰীপাৰাত ৬ টা, শুকানীপাৰাত ৫ টা , বিৰহানগাঁৱত ৪টাকৈ গৰু চুৰি হৈছে । প্ৰথম অৱস্থাত গাঁওবাসীয়ে গৰু চুৰৰ বিষয়টো ইমান গুৰুত্ব সহকাৰে লোৱা নাছিল কিন্তু পৰৱৰ্তী সময়ত এটাৰ পিছত এটাকৈ গৰু চুৰৰ ঘটনা সংঘটিত হোৱাৰ পিছত সমগ্ৰ বিষয়টো আৰক্ষীক অৱগত কৰে যদিও আৰক্ষীৰ নাকৰ সন্মুখতে এটাৰ পিছত এটি গৰু চুৰিৰ ঘটনা সংঘটিত হৈয়ে আছে । কিন্তু বৰ্তমানলৈকে চুৰি হোৱা গৰু বা চোৰৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে । ইফালে এই সন্দৰ্ভত আৰক্ষীৰ ভূমিকাক লৈ অসন্তুষ্ট হৈ পৰিছে অঞ্চলবাসী ।

Slug : As_Chg_9th jun_801_Chirang cow thief _viz & byte_Abdul Maleque Ahmed.

Send by ftp. 

চিৰাঙৰ ঢালিগাঁৱত গৰু চোৰৰ সন্ত্ৰাস ।  এমাহত  ২২ টাকৈ  হালুৱা গৰু চুৰি  । খেতিয়কৰ একমাত্ৰ ভৰসা হালুৱা গৰু হেৰুৱাই কৃষকৰ মাজত হাহাকাৰ । আৰক্ষীৰ ভূমিকাত অসন্তুষ্ট ভূক্তভোগী । । 

এমাহ ধৰি  চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত গয়বাৰী, লাউজুৰীপাৰা,  শুকানীপাৰা আৰু ভীৰহানগাঁও ওচৰা ওচৰি চাৰিখনকৈ গাঁৱত অপ্ৰত্যাশিতভাবে  সংঘটিত হৈছে এটাৰ পিছত এটাকৈ গৰু চুৰিৰ ঘটনা । পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে ৰাতিৰ ভাগত গৃহস্থৰ গোহালিৰ পৰা  গৰু  চুৰি হোৱা বাদেই এতিয়া  দিনৰ পোহৰতেও পথাৰৰ পৰা গৃহস্থৰ গৰুলৈ উধাও হৈছে ।  গৰু চোৰৰ এই ধাৰাবাহিক সন্ত্ৰাসত এতিয়া  দিকবিদিক হেৰুৱাইছে  বড়ো জনগোষ্ঠী অধ্যুষিত গাঁৱৰ ৰাইজ তথা খেতিয়ক সকল । কেৱল কৃষি কৰ্মৰ ওপৰতে নিৰ্ভৰশীল  গয়বাৰীৰ খেতিয়ক   গাৰ্লা ব্ৰহ্মৰ একমাত্ৰ ভৰসা আছিল তেওঁৰ  এহাল হালুৱা গৰু । কিন্তু চাৰিদিন আগত তেখেতৰ গোহালিৰ পৰাই  নিশা ৰছী কাটি হালুৱা বলদ দুটা লৈ গৈছে । অনুৰূপ ভাবে  এসপ্তাহ আগত উক্ত গাঁৱৰে আন এজন খেতিয়ক উমানন্দ দৈমাৰীৰ গোহালিৰ পৰাও নিশাৰ ভাগত  এহাল হালুৱা  গৰু চোৰে চুৰি কৰি লৈ যায় । বাকি সকলৰ যদি নিশাৰ ভাগত চুৰি হৈছে,  গয়বাৰী গাঁৱৰ আনৰ মাটিত খেতিবাতি  কৰি পৰিয়াল পোহপাল দিয়া আন এজন  দুখীয়া খেতিয়ক ফনিল মুছাহাৰীৰ পৰিয়ালৰ একমাত্ৰ ভৰসা হালুৱা বলদ দুটা দিনৰ পোহৰতে পথাৰত এৰাল দিয়া অবস্থাতে অন্তৰ্ধান হৈ গৈছে ।  এতিয়া খেতি পথাৰত কেনেকৈ হাল বোৱাব তাৰ বিকল্প বিচাৰি পোৱা নাই কৃষক সকলে । ফলত খেতিয়ক সকলে এতিয়া মুৰে কপালে হাত দিব লগা অৱস্থা ।  উল্লেখ্য যে  বিগত এমাহৰ ভিতৰত ঢালিগাঁও থানাত অন্তৰ্গত গয়বাৰী গাঁৱৰ পৰা ৭ টা গৰু  লাউজুৰীপাৰাত ৬ টা, শুকানীপাৰাত ৫ টা , বিৰহানগাঁৱত ৪টাকৈ গৰু চুৰি হৈছে । ইয়াৰে অধিকাংশই হৈছে  হালুৱা গৰু ।  প্ৰথম অৱস্থাত গাঁওবাসী গৰু চুৰৰ বিষয়টো ইমান গুৰুত্ব সহকাৰে লোৱা নাছিল কিন্তু পৰবৰ্তী সময়ত এটাৰ পিছত এটাকৈ গৰু চুৰৰ ঘটনা সংঘটিত হোৱাৰ পিছত সমগ্ৰ বিষয়টো আৰক্ষীক অৱগত কৰে যদিও আৰক্ষীৰ নাকৰ সন্মূখতে এটাৰ পিছত এটি গৰু চুৰিৰ ঘটনা সংঘটিত হৈয়ে আছে । কিন্তু আজিলৈকে চুৰি হোৱা গৰু বা চোৰৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। এই সন্দৰ্ভত  আৰক্ষীৰ ভূমিকাক লৈ অসন্তুষ্ট হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । 

বাইট দিলো । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.