চিৰাং,11 মে’: সোমবাৰে জিলাখনত ঢালিগাঁও আৰক্ষীৰ অভিযানত জব্দ হয় ৭০ বস্তা চোৰাং চাউলসহ এখন বলেৰ’ পিক আপ ভান ৷ চৰকাৰী বিতৰণ ব্যৱস্থাৰ অধীনৰ চাউলৰ বস্তাসমূহ সুলভ মূল্যৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰা মতে চোৰাংকৈ বিক্ৰীৰ বাবে লৈ গৈছিল চাউলৰ বস্তাসমূহ ৷
ঘটনাৰ বিৱৰণী অনুসৰি, এএচ 26 চি 7603 নম্বৰৰ বলেৰ’ পিক আপ ভেনৰ সহায়ত প্ৰায় 35 কুইণ্টল চাউল কোনো নথিপত্ৰ অবিহনে চাপাগুৰীৰ এখন সমবায় সমিতিৰ পৰা বিলাসপুৰৰ দিশে নিয়া হৈছিল ৷ কিন্তু কাজলগাঁৱৰ মহকুমাধিপতি জয়ন্ত সৰকাৰে বিষয় সন্দৰ্ভত লাভ কৰা তথ্যৰ ভিত্তিত 31নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে চাউলসহ বাহনখন ৷
জানিব পৰা মতে, চাপাগুৰীৰ সুলভ মূল্যৰ ব্যৱসায়ী বনমালী সৰকাৰ আৰু গোলাপ মণ্ডলৰ তত্বাৱধানত থকা চাপাগুৰি ট্ৰেডিং কো-অপাৰেটিভ ছ’চাইটি লিমিটেডৰ পৰা এই বস্তাসমূহ বিলাসপুৰৰ মইনুদ্দিন আলীৰ ঘৰলৈ নিয়াৰ কথা আছিল ৷ আৰক্ষীয়ে ইতিমধ্যে বাহনখনৰ চালক ডেনিয়েল বসুমতাৰীক ঘটনা সন্দৰ্ভত আটক কৰি তদন্ত আৰম্ভ কৰে ৷ উল্লেখ্য যে, বিগত তিনিদিন পূৰ্বে বনমালী সৰকাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ভিত্তিত দুৰ্নীতিৰ খবৰ প্ৰকাশ হোৱাত জিলা প্ৰশাসনে তদন্তৰ নিৰ্দেশ দিছিল ৷
লগতে চাওকঃ জীৱন সংগ্ৰামঃ ঠেলাত শাক-পাচলি লৈ পদপথত এগৰাকী মহিলা