ETV Bharat / state

বিটিচি নিৰ্বাচনত বিটিচিৰ ৪০ টা সমষ্টিতেই প্ৰাৰ্থীত্ব দিব বিজেপিয়ে - BJP meeting RTU on BTC election

চিৰাঙত বিটিচিৰ আগন্তুক নিৰ্বাচন সন্দৰ্ভত বিজেপিৰ মণ্ডল কমিটীৰ সাংগঠনিক সভা । বিটিচি নিৰ্বাচনত প্ৰতিটো সমষ্টীত প্ৰাৰ্থিত্ব দিব বিজেপিয়ে । বিটিচি দখলৰ কুচকাৱাজ বিজেপিৰ ভিতৰ চ'ৰাত ।

Chirang BTC election BJP meeting RTU
বিটিচি নিৰ্বাচনত বিটিচিৰ ৪০ টা সমষ্টিতেই প্ৰাৰ্থীত্ব দিব বিজেপিয়ে
author img

By

Published : Feb 20, 2020, 7:03 PM IST

চিৰাং,20 ফেব্ৰুৱাৰী: বিটিচি নিৰ্বাচন সমাগত । বিটিচি দখলৰ বাবে ব্যস্ত হৈ পৰিছে সকলো ৰাজনৈতিক দল । বৃহস্পতিবাৰে চিৰাং জিলাৰ বাসুগাঁওত অনুষ্টিত হয় বিজেপিৰ চিৰাং মণ্ডলৰ সাংগঠনিক সভা । দিনৰ ১১ বজাৰ পৰা মণ্ডল সভাপতি অলোক বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰাজ্যিক সম্পাদক শিৱ নাথ ব্ৰহ্মসহ গোলোকগঞ্জ সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ উপস্থিত থাকি দলীয় কৰ্মকৰ্তা সকলৰ মতামত গ্ৰহণ কৰে । সভাত নিজৰ ভাষন প্ৰসংগত বিধায়ক জনে কয় যে, অহা বিটিচি নিৰ্বাচনত বিজেপিয়ে বিটিচিৰ ৪০ টা সমষ্টিতেই প্ৰাৰ্থী আগবঢ়াব আৰু বিটিচি দখল কৰিব বুলি দাবী কৰে । যিহেতু পূৰ্বতকৈ বিটিচিত বিজেপিৰ দলীয় স্থিতি ভাল হৈছে আৰু দলটোত বড়ো-অবড়ো সকলো লোকেই আছে । সেয়ে আগন্তুক নিৰ্বাচনত বিটিচি বিজেপিয়ে দখল কৰিবলৈ সক্ষম হ'ব বুলি কয় বিধায়কগৰাকীয়ে ।

বিটিচি নিৰ্বাচনত বিটিচিৰ ৪০ টা সমষ্টিতেই প্ৰাৰ্থীত্ব দিব বিজেপিয়ে

এতিয়া প্ৰশ্ন উঠিছে বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক বিশ্বাসঘাতকতা কৰিব নেকি বিজেপিয়ে ! বিপিএফ দলে হেৰুৱাব নেকি বিটিচিৰ শাসন ব্যৱস্থা । উল্লেখ্য যে, বিটিচিৰ মূল বিৰোধী দল ইউপিপিএলৰ সমান্তৰালকৈ তৎপৰ হৈ পৰিছে বিজেপি দলেও । প্ৰথমেই বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে বিটিচি দখলৰ হুংকাৰ দিছিল কিছুদিন পূৰ্বে ৷ এতিয়া চিৰাঙৰ বাসুগাঁওত বিধায়ক অশ্বিনী ৰায় সৰকাৰৰ হুংকাৰ যে বিটিচিৰ সকলো সমষ্টিতেই প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু বিজেপিয়ে বিটিচিৰ শাসন ব্যৱস্থা হাতত ল'ব বুলি । বৰ্তমান বিজেপি দলে বিটিচি দখলৰ কুচকাৱাজ আৰম্ভ কৰিছে সেয়া নিশ্চিতৰূপত পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক:বিটিআৰ চুক্তিক লৈ অসন্তুষ্ট বিপিএফ!

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.