চিৰাং,25 ডিচেম্বৰ: আজি সমগ্ৰ বিশ্বতে উলহ-মালহেৰে পালন কৰা হৈছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ উৎসৱ বৰদিন ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ চিৰাঙৰ বামুনগাঁৱতো আয়োজন কৰা হৈছে বৰদিনৰ ৷ বামুনগাঁৱৰ বড়ো বাপ্তিষ্ট গীৰ্জাত সম্পূৰ্ণ বড়ো ভাষাত সকলো ধৰ্মীয় পুথিৰ লগতে ধৰ্মীয় শ্লোক পাঠ কৰা হয় ৷ বৰদিন উপলক্ষে পুৱাৰে পৰা গীৰ্জাটোত অনুষ্ঠিত কৰা হয় ধৰ্মীয় উপাসনা ৷
![Chirang Boro Baptist Christmas](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-03-chirangborobaptistchristmas-vis-10012_25122020160352_2512f_1608892432_148.jpg)