ETV Bharat / state

বিটিচিলৈ কেন্দ্ৰই পঠোৱা কোটি কোটি টকা কি কৰিলে হাগ্ৰামাইঃ প্ৰশ্ন হিমন্তৰ

author img

By

Published : Nov 18, 2020, 11:19 AM IST

মঙলবাৰে চিৰাঙ জিলাৰ বিজনীৰ বিদ্যাপীঠ খেলপথাৰত বিজেপিৰ বিশাল জনসভাত অশংগ্ৰহণ কৰি ড৹ হিমন্ত বিশ্ব শৰ্মাই আক্ৰমণৰ লক্ষ্য কৰি লয় বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু মন্ত্ৰী চন্দন ব্ৰহ্মক ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিত্ৰ দল বিপিএফক আক্ৰমণ কৰি কয় যে, আমি বিগত সময়ছোৱাত বিটিচিৰ উন্নয়নৰ বাবে সকলো প্ৰকাৰেই সহায় সহযোগিতা কৰিলো । প্ৰতিবছৰে কোটি কোটি টকা দিয়া হ’ল বিটিচিলৈ। কিন্ত সেই অনুসৰি ক’ত কি উন্নয়ন হ’ল বুলি প্ৰশ্ন কৰে হাগ্ৰামাক ।

Chirang BJP meeting at Bijni
বিটিচিলৈ কেন্দ্ৰীয় চৰকাৰে পঠোৱা কোটি কোটি টকা কি কৰিলে হাগ্ৰামাইঃ হিমন্ত বিশ্ব শৰ্মা

চিৰাং,18 নৱেম্বৰঃ প্ৰসংগ বিটিচি পৰিষদিয় নিৰ্বাচন ৷ ক্ৰমাত হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰী আৰু বিপিএফক আক্ৰমণৰ মূল লক্ষ্য কৰি লৈছে ৷ বহু প্ৰত্যাশীত বিটিচিৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচনী আয়োগে ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন 7 ডিচেম্বৰ আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন 10 ডিচেম্বৰত হোৱাৰ বিপৰীতে 12 ডিচেম্বৰত ভোট গণননা হ’ব বুলি নিৰ্বাচনী আয়োগে সময়সূচী ঘোষণা কৰিছে ৷ সম্প্ৰতি ইউপিপিএল, বিপিএফ, বিজেপিয়ে দিনৰাতি একাকৰ কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত বিটিচিৰ গাদী দখল কৰিবলৈ ৷

Chirang BJP meeting at Bijni
বিটিচিলৈ কেন্দ্ৰই পঠোৱা কোটি কোটি টকা কি কৰিলে হাগ্ৰামাইঃ প্ৰশ্ন হিমন্তৰ

তাৰ মাজতে মঙলবাৰে চিৰাঙৰ বিজনীৰ বিদ্যাপীঠ খেলপথাৰত বিজেপিৰ বিশাল জনসভাত অংশ গ্ৰহণ কৰি ড৹ হিমন্ত বিশ্ব শৰ্মাই আক্ৰমণৰ মূল লক্ষ্য কৰি লয় বিএফ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু মন্ত্ৰী চন্দন ব্ৰহ্মক ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিত্ৰ দল বিপিএফক আক্ৰমণ কৰি কয় যে, আমি বিগত সময়ছোৱাত বিটিচিৰ উন্নয়নৰ বাবে সকলো প্ৰকাৰেই সহায় সহযোগিতা কৰিলো । প্ৰতিবছৰে কোটি কোটি টকা দিয়া হ’ল বিটিচিলৈ। কিন্ত সেই অনুসৰি কত কি উন্নয়ন হ’ল বুলি প্ৰশ্ন কৰে হাগ্ৰাম বাহিনীক । যোৱা তিনিটা বছৰৰ পৰা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক বাৰে বাৰে অৱগত কৰি আহিছিল যে, বিটিচিৰ লোক সকলে কি দৰে জীৱন নিৰ্বাহ কৰি আছে । এতিয়া আমি বিটিচিত সোমাইহে সকলো কথা জানিব পাৰিছো । বিপিএফ দলে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰতি বছৰে উন্নয়নৰ নামত কোটি কোটি টকা লৈ কি কৰিলে তাৰ কোনো হিচাপ নায় । বাট পথৰ কামকে আদি কৰি সকলো আঁচনিৰ ধন আমি দিব লগীয়া হৈছে; কিন্তু বিটিচিলৈ অহা ধনেৰে কি কৰিলে হাগ্ৰামা নেতৃত্বাধীন চৰকাৰে ? সকলো ক্ষেত্ৰতে বিপিএফক টকা দিব লাগে, টকা নিদিলে কোনো কামেই নহয়। এতিয়া জানিব পাৰিছো, কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ আঁচনিৰ নামতো ঘোচ দিব লাগে বিপিএফক ৷ সেয়ে মই বিপিএফক মেকুৰী পাৰ্টী নাম দিছো বুলি ক’লে মন্ত্ৰী হিমন্তই ।

আনহাতে চলিত মাহৰ ২০ বা ২২ তাৰিখেই বিটিচিলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰদান কৰা টকাৰ হিচাপ ৰাজহুৱা কৰি দিম বুলিও কয় হিমন্তই । হাগ্ৰামা বাহিনীয়ে ৰাইজক সকলো টকাৰ হিচাপ দিব লাগিব । এইবাৰ নিৰ্বাচনত ৰাইজে হিচাপ বিচৰাৰ লগতে ইয়াৰ জবাব দিব বিপিএফক । হাগ্ৰামাই কয়, হিমন্ত আৰু ৰঞ্জিত দাসক বিটিচিত সোমাব দিব নালাগে । এই বিটিচি তেওঁৰ বাবাৰ বিটিচি নেকি ! বিটিচি ভাৰতৰ, বিটিচি অসমৰ । ইয়াত সকলোৰে অধিকাৰ আছে আৰু থাকিব । ইপিনেই চন্দন ব্ৰহ্মই দেজিং উৎসৱ পাতিলে । মই দিনত আহি দেখিলো হেলিকপ্টাৰ, নাচ গান । নিশা ঘৰত গৈ দেখো, মদ আৰু জুৱাৰ আড্ডা পাতিছে চন্দনে । দেজিং পাতিবলৈ অসম চৰকাৰে ১৫ কোটি টকা দিছিল বুলি স্পষ্ট ভাৱে কয় বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই ১৫ কোটি টকাৰে চন্দন ব্ৰহ্মই দেজিং পতা নায় ৷ পাতিলে মদ আৰু জুৱাৰ আড্ডা ৷ এনেদৰে বিপিএপক কতাক্ষ্য কৰে মন্ত্ৰী হিমন্তই।

একেদৰে আমাৰ যুৱচামকো টিলটিলকৈ ধ্বংসৰ গৰাহলৈ থেলি দিছে বুলি বিপএফক কটাক্ষ কৰে হিমন্ত বিশ্ব শৰ্মাই । যিখন বিটিচিত লৰাছোৱালীয়ে মেধাৰ ভিত্তিত চাকৰি নাপায় তাত পঢ়িশুনি কি লাভ হ’ব বুলি সমালোচনা কৰে বিপিএফক । হাগ্ৰামাৰ পকেটত থকা তালিকাৰ মতেহে চাকৰি হয় বুলি ক‘লে হিমন্ত বিশ্ব শৰ্মাই । হাগ্ৰামাৰ পকেটৰ তালিকা মতে নচলিব এতিয়াৰ পৰা ৷ এতিয়াৰ পৰা বিজেপিয়ে এই সকলো ঠিক কৰিব বুলি হিমন্ত বিশ্ব শমাই ৰাইজক প্ৰতিশ্ৰুতি দিয়া পৰিলক্ষিত হ’ল ।

লগতে পঢ়কঃ অগপলৈ যাব নেকি প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.