চিৰাং,19 জুলাইঃ এফালে যদি কৰ'ণাৰ আতংক আনফালে আকৌ বানপানীৰ প্ৰভাৱ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বানপানীয়ে চিৰাং জিলাতো যথেষ্ট প্ৰভাৱ পেলাইছে কিন্তু সম্প্ৰতি পূৰ্বৰ তুলনাত কিছু সুস্থিৰ হৈছে চিৰাঙৰ বান পৰিস্থিতি ৷
![Chirang Bijni flood situation](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-04-chirangbijnifloodsitiation-vis-10012_19072020184905_1907f_1595164745_880.jpg)
দেওবাৰে চিৰাঙৰ বিজনী দোলানি নদীত বিজনী ৰাজহ চক্ৰ বিষয়াৰ তত্বাৱধানত বান পৰিস্থিতিৰ পৰ্যবেক্ষণ চলে ৷ বান পৰিস্থিতি উন্নত হৈছিল যদিও শনিবাৰৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ জিলাখনত বানপানীৰ আশংকা কৰা হৈছে । ইতিমধ্যে বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত ১৮ খন গাঁও ক্ষতিগ্ৰস্ত হৈছে বুলি জনায় বিজনী ৰাজহ চক্ৰ বিষয়া দৰদী দেৱৰয়ে ।
নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ বানপানীৰ আশংকা কৰি বিজনী ৰাজহ চক্ৰ বিষয়া দৰদী দেৱৰয়ে এচ ডি আৰ এফৰ সৈতে বিজনীৰ দোলানী নৈৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে এচ ডি আৰ এফৰ নাওখনো পৰীক্ষা কৰে । যাতে বিপদৰ সময়ত তৎকালীন ভাৱে বন্যাৰ্তক উদ্ধাৰ কৰিব পৰা যায় ।
লগতে পঢ়কঃজলমগ্ন কাজিৰঙাত দিশহাৰা জীৱকূল