ETV Bharat / state

বিপিএফৰ পৰিষদীয় সদস্য অতিন হাজঙৰ মনোনয়ন পত্ৰ দাখিল

author img

By

Published : Mar 19, 2020, 10:14 AM IST

Updated : Mar 19, 2020, 11:16 AM IST

এসময়ৰ বিপিএফৰ পৰিষদীয় সদস্য অতিন হাজঙৰ মনোনয়ন দাখিল ৷ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিলে বিপি এফৰ প্ৰাক্তন পৰিষদীয় সদস্য অতিন হাজঙে ৷

বিপিএফৰ পৰিষদীয় সদস্য অতিন হাজঙৰ মনোনয়ন পত্ৰ দাখিল
বিপিএফৰ পৰিষদীয় সদস্য অতিন হাজঙৰ মনোনয়ন পত্ৰ দাখিল

চিৰাং,19 মাৰ্চঃ চিৰাং জিলাৰ বিজনী মহকুমাৰ অধীনৰ চাৰিটা পৰিষদীয় সমষ্টিত আজি অন্তিম দিনা মুঠ ১৬ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে | মহকুমাটোৰ চাৰি সমষ্টিত দুদিনত সৰ্বমুঠ ২৪ গৰাকী প্ৰাৰ্থীয়ে বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ত সহকাৰী নিৰ্বাচনী বিষয়াৰ ওচৰত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে | মহকুমাটোৰ চাৰি সমষ্টিত ২৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত তিনি গৰাকী মহিলা প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে | লক্ষণীয় যে ১৮ নম্বৰ মানাস ছেৰফাং জনজাতি সমষ্টিৰ পৰিষদীয় সদস্য, বিপিএফৰ নেতা অতিন হাজঙে নিৰ্দলীয় প্ৰাৰ্থী ৰূপে মনোনয়ন পত্ৰ দাখিল কৰে | সমষ্টিটোত এইবাৰ দলে ধনঞ্জয় বসুমতাৰীক প্ৰক্ষেপ কৰিছে | বিজনী মহকুমাৰ ১৯ নম্বৰ সকলোৰে মুকলি থুৰিবাৰী সমষ্টিত পূৰ্বে দুবাৰকৈ নিৰ্বাচিত হোৱা খলিলুৰ ৰহমানে এ আই ইউ ডি এফৰ প্ৰাৰ্থী হিচাপে আৰু কংগ্ৰেছ দলৰ সমৰ্থনত প্ৰাৰ্থীত্ব আগ বঢ়াবইছে | এই সমষ্টিত বিপিএফ সমৰ্থিত অগপ প্ৰাৰ্থী পাৰ্থজিত ৰায়ৰ লগতে ইউ পি পি এলৰ প্ৰাৰ্থী ৰূপে আবু চায়েদ আনচাৰী য়ে মনোনয়ন পত্ৰ দাখিল কৰে ।

লক্ষণীয়ভাৱে বিজনী মহকুমাৰ জনজাতি সংৰক্ষিত নিছিমা,মানাস ছেৰফাং জনজাতি আৰু সকলোৰে বাবে মুকলি ১৯ নম্বৰ থুৰিবাৰী সমষ্টিত একোগৰাকী মহিলা প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে | অন্তিম দিনা লৈ ১৬ নম্বৰ নিছিমা সমষ্টিত ৩ গৰাকী, আৰু ১৭ নম্বৰ সুবাইঝাৰ সমষ্টিত ৪ গৰাকী, ১৮ নম্বৰ মানাস ছেৰফাং সমষ্টিত ৭ গৰাকী আৰু ১৯ নম্বৰ সকলোৰে মুকলি থুৰিবাৰী সমষ্টিত সৰ্বাধিক ১১ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে | কাইলৈ ১৯ মাৰ্চত সকলো প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ সমূহ পৰীক্ষা কৰা হ'ব |লগতে চাওকঃ

গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত সংবাদমেলত অংশগ্ৰহণ অজিত কুমাৰ ভুঞাৰ

Last Updated : Mar 19, 2020, 11:16 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.