চিৰাং,২৩ ফেব্ৰুৱাৰী: চিৰাং জিলাৰ অন্যতম বাথৌ ধৰ্মীয় সমাৰোহ দুলাৰায় বাথৌ গৌথুমৰ ১৬ সংখ্যক অধিবেশন লগতে তিনিদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা ডাংতল শাখা দুলাৰায় বাথৌ গৌথুমৰ ২৮ সংখ্যক বাৰ্ষিক অধিবেশনৰ মঙলবাৰে অন্ত পৰে । পেটলাগাঁও-টিলাপাৰা ডাংতল বাথৌ থানশালি প্ৰাঙ্গনত অনুষ্ঠিত হোৱা অধিবেশনৰ অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি বিয়লি মুকলি সভাৰ আয়োজন কৰা হয় । এই মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বি টি আৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো, প্ৰাক্তন পৰিষদীয় সদস্য ৰৌণগৌৰা নাৰ্জাৰীসহ কেইবাগৰাকীসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি ।
আনহাতে সভাত সভাপতিত্ব কৰে আদৰণি সমিতিৰ সভাপতি চিৰাং জিলা দুলাৰায় বাথৌ গৌথুমৰ সভাপতি শ্যামাচৰণ ওৱাৰীয়ে । ধৰ্মীয় সমাৰোহত অঞ্চলটোৰ বহু লোকে অংশগ্ৰহণ কৰে । কাৰ্যসূচীত অংশ লৈ ইউপিপিএল দলৰ কাৰ্যকৰী সভাপতি ৰণগৌৰা নাৰ্জাৰীয়ে বাথৌ গৌথুমৰ বিষয়ে বৰ্ণনা কৰাৰ লগতে আগন্তুক বিধান সভা নিৰ্বাচনকলৈও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।
লগতে পঢ়ক:বিজনীত অসম জাতীয় পৰিষদৰ যোগদান সমাৰোহ