ETV Bharat / state

চিৰাঙৰ বাসুগাঁৱত ইউপিপিএলৰ পদযাত্ৰা আৰু সভা - উৰ্খাউ গৌৰা ব্ৰহ্ম

হাগ্ৰামা মহিলাৰী কোনো খেলুৱৈয়ে নহয় গ'ল দিব কিদৰে,ইউপিপিএলে সকলো দলক গ'ল দিব বিটিচি নিৰ্ব্বাচনত- উৰ্খাউ গৌৰা ব্ৰহ্ম ।

চিৰাঙৰ বাসুগাঁৱত ইউপিপিএলৰ পদযাত্ৰা আৰু সভা

author img

By

Published : Nov 5, 2020, 11:52 AM IST

Updated : Nov 5, 2020, 12:02 PM IST

চিৰাং, 5 নৱেম্বৰঃ চিৰাং জিলাৰ বাসুগাঁও এতিয়া বিটিচি নিৰ্বাচনৰ কেন্দ্ৰবিন্দু বৈ পৰিছে যেন । জিলাখনৰ ১৩নং চিৰাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বাসুগাঁৱত বুধবাৰে বিজেপিৰ ৰাজ‍্যিক সভাপতি ৰঞ্জিত দাস উপস্থিত হোৱাৰ পিচতে আজি ইউপিপিএল দলৰ পদযাত্ৰাত উপস্থিত হয় দলটোৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন সাংসদ উৰ্খাউ গৌৰা ব্ৰহ্ম । দলটোৰ সাধাৰণ সম্পাদক তথা সমষ্টিটোৰ প্ৰাৰ্থী মাউতি ব্ৰহ্মৰ হৈ ইউপিপিএল দলে বাসুগাঁও চহৰত পদযাত্ৰাৰ জড়িয়তে বিপিএফ দলৰ দুৰ্নীতি,অপশাসন,ভ্ৰষ্টাচাৰৰ পৰা পৰিত্ৰাণ বিচাৰি ভোটাৰক সজাগ কৰিবলৈ ঘৰে ঘৰে যায়। তাৰ পিচতে বাসুগাঁৱত পদযাত্ৰাত অংশগ্ৰহণ কৰা লোকসকলক লৈ অনুষ্ঠিত কৰে এক সভা । সভাত বিপিএফৰ প্ৰাক্তন এম চি এল এ লবেন বসুমতাৰীয়ে নিজৰ ভাষণত বিপিএফৰ পৰা ওলাই অহাৰ কাৰণ ব‍্যাখ‍্যা কৰি পৰিৱৰ্তনৰ স্বাৰ্থত ইউপিপিএল দলক ভোটদানৰ বাবে আহ্বান জনায়। সভাত ইউপিপিএল দলৰ প্ৰতিষ্ঠাপক সভাপতি উৰ্খাউ গৌৰা ব্ৰহ্মই কয় বিপিএফৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ‍্য হাগ্ৰামা মহিলাৰী আৰু বিজেপিৰ ৰাজ‍্যিক সভাপতি ৰঞ্জিত দাসক কটাক্ষ কৰি কয় যে গ'ল দিয়াটো ফুটবল খেলৰ হে শব্দ ই ৰাজনীতিৰ সৈতে কেতিয়া যুক্ত হ'ল । যদি তেনে হৈছেই তেন্তে হাগ্ৰামা মহিলাৰী কোনো দিনেই ফুটবল খেলুৱৈ নাছিল গল দিব কেনেকৈ ।

চিৰাঙৰ বাসুগাঁৱত ইউপিপিএলৰ পদযাত্ৰা আৰু সভা

ইউপিপিএল দলে এইবাৰ সকলো ৰাজনৈতিক দলকে বিটিচি নিৰ্বাচনত গল দিব । বিগত ১৭ বছৰে হাগ্ৰামাই প্ৰতাৰণা কৰা ভোটাৰে এতিয়া ইউপিপিএল দলক সমৰ্থন জনাইছে । গতিকে বিপিএফ ৪০ টা সমষ্টিতেই হাৰিব । ভাগ‍্যৰ বলত দুই এটাত পাব পাৰে একে দৰে বিজেপিয়েও দুই এটাত পাব পাৰে বুলি দাবী কৰি তেওঁ আৰু কয় যে নৱ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টীয়ে শূন‍্যত থাকিব এটাও আসন লাভ নকৰে। উৰ্খাউ গৌৰা ব্ৰহ্মই আৰু কয় যে এইবাৰ বিটিচিবাসীয়ে বিটিচিত সকলো দিশতে পৰিৱৰ্তন বিচাৰিছে। গতিকে ৰাইজে ইউপিপিএল দলৰ নীতিক আওকাণ কৰাৰ কোনো প্ৰশ্নই নাহে । হাগ্ৰামাই কোনো পধ‍্যেই বিটিআৰ চুক্তিৰ দফা সংশোধন কৰিব নোৱাৰে । বিপিএফৰ কোনো সভাতে বিটিআৰ চুক্তিৰ সংশোধনৰ বিষয়ে আলোচনা হোৱা নাই । নিজক ৰখাৰ বাবে এনেই নিজাববীয়াকৈ ৰাইজক ভুলপথে পৰিচালনা কৰিবলৈ এনেবোৰ কথা কোৱা বুলি অভিযোগ কৰে । ইউপিপিএলৰ এই সভাত দলটোৰ বহুকেইজন নেতাৰ লগতে প্ৰায় দুহেজাৰ লোকে অংশগ্ৰহণ কৰে চিৰাঙৰ বাসুগাঁৱত ।

লগতে চাওকঃ লক্ষ্য 2021 : দেওবাৰে কৰিমগঞ্জলৈ যাব বদৰুদ্দিন আজমল

Last Updated : Nov 5, 2020, 12:02 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.