ETV Bharat / state

চিৰাঙত বোৱাৰীৰ শ্লীলতাহানিৰ চেষ্টা,যুৱকক আটক

author img

By

Published : Oct 31, 2019, 7:57 PM IST

চিৰাঙত চাঞ্চল্য ৷ চিদলী আৰক্ষীয়ে আটক কৰিলে যুৱকক ৷

chirang Attempt to molestaion one arrested

চিৰাং,31 অক্টোবৰ: চিৰাং জিলাত এগৰাকী বোৱাৰীৰ শ্লীলতাহানিৰ চেষ্টা কৰি আৰক্ষীৰ জালত পৰিল এজন যুৱক ৷ ভুক্তভোগী বোৱাৰীগৰাকীয়ে নিজৰ কন্যাক বিদ্যালয়ৰ পৰা আনিবলৈ যাওঁতেই বাটত এই ঘটনা সংঘটিত হয় ৷

অভিযোগ অনুসৰি, বোৱাৰীগৰাকীয়ে স্কুল অভিমুখে গৈ থকা অৱস্থাত বিপৰীত ফালৰ পৰা আহি থকা বিবেক কৰ্মকাৰ (২৬) নামৰ যুৱকজনে নিৰ্জনতাৰ সুযোগ লৈ বোৱাৰীগৰাকীৰ হাতত ধৰি জংঘললৈ লৈ যোৱাৰ চেষ্টা কৰে ৷ বোৱাৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত যুৱকজনে পলায়ন কৰে ৷ ইয়াৰ পাচতে বোৱাৰীগৰাকীয়ে নিজৰ মোবাইলেৰে আত্মীয়ক ফোন কৰে ৷ যুৱকজনক স্কুটী চলাই পলায়ন কৰি থকা অৱস্থাত ৰাইজে কৰায়ত্ত কৰে ,শেষত চিদলী আৰক্ষী আহি যুৱকগৰাকীক আটক কৰি লৈ যায় ৷ স্থানীয় গাওঁৰক্ষী বাহিনী, ভুক্তভোগী আৰু ৰাইজে যুৱকগৰাকীৰ উচিত শাস্তিৰ দাবী জনাইছে ৷ ঘটনাটোৱে অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

চিৰাঙত বোৱাৰীৰ শ্লীলতাহানিৰ চেষ্টা কৰি আৰক্ষীৰ হাতত আটক হ'ল যুৱক

লগতে পঢ়কঃ শিলচৰত পথ দুৰ্ঘটনাক লৈ উত্তেজনা

Intro:চিৰাঙৰ ভূটীয়াপাৰাত এগৰাকী বোৱাৰীৰ শ্লিলতা হানীৰ চেষ্টা। বিদ্যালয়ৰ পৰা নিজৰ সন্তান আনিব যাওতে এই ঘটনা । মহিলাৰ চিঞৰ বাখৰত পলাবলৈ চেষ্টা কৰোতে ৰাইজে আটক কৰিলে লম্পট বিবেক কৰ্মকাৰক।

Body:চিৰাং জিলাৰ ভূটীয়াপাৰাত এগৰাকী বোৱাৰীক ধৰ্ষণৰ অপচেষ্টা কৰে, বিবেক কৰ্মকাৰ (২৬) নামৰ লম্পট জনৰ এই কাণ্ড। বোৱাৰীগৰাকীৰ ভাষ্যৰ মতে তাই নিজৰ ছোৱালীজনীক স্কুলৰ পৰা আনিবলৈ চাম্পা কেনেলেৰে গৈ আছিল স্কুলমুখে আৰু বিপৰীত মুখী পথেৰে আহি থকা লম্পট বিবেক নামৰ যুৱক জনে এখন As 15- 8976 নম্বৰৰ স্কুটীৰে আহি আছিল। বোৱাৰীগৰাকীক অকলে দেখি সুযোগ বুজি প্ৰথমে ৰাস্তাৰ ঠিকনা বিচাৰে তাৰ পিছত লম্পট বিবেকে বোৱাৰী জনীক হাতত ধৰি জংঘললৈ টানিবলৈ ধৰে, লগে লগে বোৱাৰীগৰাকীয়ে চিঞৰ বাখৰ কৰে । বোৱাৰী গৰাকীয়ে চিঞৰ বাখৰ কৰাত লম্পট বিবেকে সেই স্থানৰ পৰা পলায়ন কৰে। বোৱাৰীগৰাকীয়ে নিজৰ মবাইলেৰে আত্মীয়ক ফোন কৰে আৰু অৱশেষত লম্পট বিবেকে স্কুটীৰে পলাই থকা অৱস্থাত স্থানীয় লোকে আটক কৰিবলৈ সক্ষম হয়।

বাইট -১ ভুক্তভোগী বোৱাৰী ২ লম্পট ৩ গাওঁৰক্ষী বাহিনী মংগল মুৰমু।

Conclusion:স্থানীয় গাওঁৰ গাওঁবুঢ়া পিৰু মুমুৰ ঘৰত স্থানীয় গাওঁৰক্ষী বাহিনীয়ে লম্পট বিবেকক আটক কৰি ৰাখে আৰু আৰক্ষীক খবৰ দিয়ে। অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাত ৰাইজে লম্পট বিবেকক আৰক্ষীক গতাই দিয়ে। স্থানীয় গাওঁৰক্ষী বাহিনী আৰু ভুক্তভোগীৰ দাবী লম্পট বিবেকক উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.