ETV Bharat / international

চাকৰিৰ নামত প্ৰৱঞ্চনা; কম্বোডিয়াত আবদ্ধ ভাৰতীয়ক স্বদেশলৈ পঠালে ভাৰতীয় দূতাবাসে - Indians Trapped in Cambodia

author img

By ANI

Published : 3 hours ago

Fraudulent Job Scams : 2022 চনৰ জানুৱাৰীৰ পৰা বৰ্তমানলৈকে নম পেনত থকা এহেজাৰৰো অধিক ভাৰতীয় নাগৰিকক প্ৰত্যাৱৰ্তনৰ সুবিধা প্ৰদান কৰিছে ভাৰতীয় দূতাবাসে । লগতে ভাৰতীয় নাগৰিকসকলক সন্দেহজনক এজেণ্ট আৰু ছ'চিয়েল মিডিয়া বিজ্ঞাপনৰ জৰিয়তে কম্বোডিয়া আৰু অন্যান্য দক্ষিণ-পূব এছিয়াৰ দেশসমূহত চাকৰিৰ সুযোগ গ্ৰহণ কৰাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে ।

Fraudulent Job Scams
প্ৰতিনিধিত্বমূলক ছবি (ANI Photo)

নিউজ ডেস্ক, ৩ অক্টোবৰ : কম্বোডিয়াৰ আভ্যন্তৰীণ মন্ত্ৰণালয়ৰ সহযোগত প্ৰৱঞ্চনামূলক চাকৰি কেলেংকাৰীৰ বলি হৈ দেশখনত আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক ভাৰতীয় দূতাবাসে সফলতাৰে উদ্ধাৰ কৰি স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰাইছে । কম্বোডিয়াৰ ভাৰতীয় দূতাবাসে এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে ।

দূতাবাসে লগতে চাকৰি প্ৰত্যাশীসকলক ভুৱা এজেণ্টৰ পৰা সাৱধান হ'বলৈও সতৰ্ক কৰি দিয়ে । এক্সৰ এটা পোষ্টত দূতাবাসে কয়, "কম্বোডিয়াৰ আভ্যন্তৰীণ মন্ত্ৰণালয়ৰ সহযোগত কম্বোডিয়াৰ ভাৰতীয় দূতাবাসে প্ৰৱঞ্চনামূলক চাকৰি কেলেংকাৰীত আবদ্ধ ভাৰতীয় নাগৰিকসকলক সফলতাৰে উদ্ধাৰ আৰু প্ৰত্যাৱৰ্তন কৰাইছে ! সাৱধান : চাকৰি প্ৰত্যাশীসকল, ভুৱা এজেণ্টৰ পৰা সাৱধান হওক ! সহায়ৰ প্ৰয়োজন থাকিলে যোগাযোগ কৰক : +85592881676 বা cons.phnompenh@mea.gov.in ।"

বিবৃতিটোত লগতে কোৱা হৈছে যে কম্বোডিয়াৰ নম পেনত থকা ভাৰতীয় দূতাবাসে এজেণ্টৰ জৰিয়তে লাভ কৰা চাকৰিৰ প্ৰৱঞ্চনাত আবদ্ধ ভাৰতীয় নাগৰিকসকলক উদ্ধাৰ আৰু প্ৰত্যাৱৰ্তনত সক্ৰিয়ভাৱে নিয়োজিত হৈ আছে । লগতে কয় যে এজেণ্টসকলে ইয়াৰ দ্বাৰা তেওঁলোকক চাইবাৰ অপৰাধলৈও প্ৰলোভিত কৰে ।

উল্লেখ্য যে ২২ ছেপ্টেম্বৰত দূতাবাসৰ বিশেষ নেতৃত্বত কম্বোডিয়াৰ আৰক্ষীয়ে এনে ৬৭ গৰাকী ভাৰতীয় নাগৰিকক পইপেটৰ পৰা উদ্ধাৰ কৰে । কম্বোডিয়াৰ আৰক্ষীৰে ঘনিষ্ঠ সহযোগিতাত ভাৰতীয় দূতাবাসে বৰ্তমানলৈকে ৬৭ গৰাকী ভাৰতীয় নাগৰিকক দলীয়ভাৱে প্ৰত্যাৱৰ্তন কৰোৱাত সহায় কৰিছে ।

আনহাতে, দূতাবাসৰ বিষয়াসকলৰ এটা দলে বৰ্তমান প্ৰত্যাৱৰ্তন প্ৰক্ৰিয়াৰ তদাৰক কৰি আছে আৰু তেওঁলোকক বিদায় জনাবলৈ বিমানবন্দৰত উপস্থিত হৈছে ৷ "আমাৰ ১৫ গৰাকী নাগৰিক ইতিমধ্যে ৩০ ছেপ্টেম্বৰত ভাৰতলৈ ৰাওনা হৈছে আৰু ২৪ গৰাকী অক্টোবৰৰ ১ তাৰিখে ৰাওনা হৈছে ৷ বাকী ২৮ গৰাকী আগন্তুক কেইদিনমানৰ ভিতৰত ভাৰতত উপস্থিত হ'ব ।" দূতাবাসে কয় ।

আনহাতে, ভাৰতৰ দূতাবাসে এই পৰিস্থিতি অতি গম্ভীৰভাৱে নিৰীক্ষণ কৰি আছে আৰু চাইবাৰ অপৰাধত আবদ্ধ দেশৰ নাগৰিকসকলক সহায় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে । ইফালে, ভাৰতীয় নাগৰিকসকলক সন্দেহজনক এজেণ্ট আৰু ছ'চিয়েল মিডিয়া বিজ্ঞাপনৰ জৰিয়তে কম্বোডিয়া আৰু অন্যান্য দক্ষিণ-পূব এছিয়াৰ দেশসমূহত চাকৰিৰ সুযোগ গ্ৰহণ কৰাৰ ক্ষেত্ৰত অতি সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়াৰ লগতে সতৰ্ক কৰি দিয়া হৈছে ।

"বৰ্তমান এনে কাৰ্যকলাপত আবদ্ধ হৈ থকা আৰু ভাৰতলৈ উভতি আহিব বিচৰা ভাৰতীয় নাগৰিকসকলে জৰুৰীকালীন যোগাযোগ নম্বৰ +85592881676 আৰু ইমেইল : cons.phnompenh@mea.gov.invisa.phnompenh@mea.gov.in-ৰ জৰিয়তে ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰিব পাৰে । লগতে কম্বোডিয়াৰ হটলাইন নং +85592686969-তো যোগাযোগ কৰিব পাৰে ।

উল্লেখ্য যে 2022 চনৰ জানুৱাৰীৰ পৰা বৰ্তমানলৈকে নম পেনত থকা ভাৰতীয় দূতাবাসে এহেজাৰৰো অধিক ভাৰতীয় নাগৰিকক প্ৰত্যাৱৰ্তনৰ সুবিধা প্ৰদান কৰিছে । 2024 চনৰ প্ৰথম ন মাহত এই সংখ্যা হৈছে প্ৰায় 770 গৰাকী । আনহাতে, কম্বোডিয়াৰ কৰ্তৃপক্ষই ভাৰতৰ দূতাবাসলৈ আগবঢ়োৱা সহযোগিতাৰ দ্বাৰা এইটো সম্ভৱ হোৱা বুলিও বিবৃতিটোত কোৱা হৈছে ।

লগতে পঢ়ক :যুদ্ধ নিবিচাৰিলেও ইজৰাইলক প্ৰত্যাক্ৰমণৰ বাবে সাজু ইৰাণ; ৰাষ্ট্ৰপতি পেজেস্কিয়ান - Israel Iran War
লগতে পঢ়ক :আন্তৰ্জাতিক অহিংসা দিৱস; গান্ধীজীৰ অহিংস নীতি প্ৰতি সন্মানসূচক এটা দিন - International Day of Non Violence

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.