ETV Bharat / lifestyle

কোন হয় মা শৈলপুত্ৰী ? নৱৰাত্ৰিৰ প্ৰথম দিনা এনেদৰে কৰক দেৱীৰ আৰাধনা - Navratri 2024 - NAVRATRI 2024

Navratri 2024: নৱৰাত্ৰিৰ প্ৰথম দিনা মা শৈলপুত্ৰীক পূজা কৰাৰ পৰম্পৰা আছে । আজিৰ দিনটোতে কলহ বা ঘট প্ৰতিষ্ঠা হয় । মা শৈলপুত্ৰীৰ পূজাৰ সময়, পূজা পদ্ধতি, শুভ ৰং, মন্ত্ৰ আৰু ভোগকে ধৰি সকলো গুৰুত্বপূৰ্ণ তথ্য এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক -

Navratri 2024
কোন আছিল মা শৈলপুত্ৰী ? নৱৰাত্ৰিৰ প্ৰথম দিনা এনেদৰে কৰক দেৱীৰ আৰাধনা (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Oct 3, 2024, 11:03 AM IST

নৱৰাত্ৰি উৎসৱ হিন্দু ধৰ্মৰ অন্যতম এক প্ৰধান উৎসৱ, যিটো সম্পূৰ্ণৰূপে মা দুৰ্গাক উৎসৰ্গিত কৰা হয় ৷ এই সময়ছোৱাত ভক্তসকলে ৯ দিন ৯ ৰাতি দেৱী দুৰ্গাৰ আৰাধনা কৰে ৷ নৱৰাত্ৰিৰ সময়ছোৱাত মা দুৰ্গাৰ ৯টা অনন্য ৰূপৰ পূজা কৰা হয় ৷

নৱৰাত্ৰিৰ প্ৰথম দিন এইবাৰ আহিন মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথি অৰ্থাৎ ২০২৪ চনৰ ৩ অক্টোবৰত পৰিছে ৷ নৱৰাত্ৰিৰ প্ৰথম দিনা মা শৈলপুত্ৰীক পূজা কৰাৰ পৰম্পৰা আছে ৷ এই দিনটোত কলহ স্থাপন বা ঘট স্থাপনো কৰা হয় ৷ নৱৰাত্ৰিৰ প্ৰথম দিনা দেৱী শৈলপুত্ৰীৰ আৰাধনা কৰিলে শুভ ফল পোৱা যায় বুলি বিশ্বাস কৰা হয় ৷

Navratri First Day 2024: Let's learn about the puja timings and rituals for worshipping goddess Shailputri
কোন আছিল মা শৈলপুত্ৰী ? নৱৰাত্ৰিৰ প্ৰথম দিনা এনেদৰে কৰক দেৱীৰ আৰাধনা (ETV Bharat)
  • নৱৰাত্ৰিৰ প্ৰথম কৰা হয় কলহ স্থাপন বা ঘট প্ৰতিষ্ঠা

ভক্তসকলে প্ৰথমে নৱৰাত্ৰিৰ প্ৰথম দিনা অৰ্থাৎ প্ৰতিপদ তিথিত ঘট স্থাপন বা কলশ স্থাপন কৰে আৰু জীৱনত সুখ-শান্তি স্থাপনৰ বাবে মা দুৰ্গাৰ ওচৰত ভক্তসকলে প্ৰাৰ্থনা কৰে ৷

  • প্ৰতিপদ তিথি কেতিয়াৰ পৰা কেতিয়ালৈকে

ড্ৰিক পঞ্চাংগ অনুসৰি, প্ৰতিপদ তিথি ০৩ অক্টোবৰৰ পুৱা ১২:১৮ বজাত আৰম্ভ হৈ প্ৰতিপদ তিথি ০৪ অক্টোবৰ ২০২৪ তাৰিখে পুৱা ০২:৫৮ বজাত অন্ত পৰিব ৷

  • ঘট স্থাপনৰ শুভ মুহূৰ্ত

ঘট স্থাপনৰ শুভ মুহূৰ্ত পুৱা ০৬:১৪ বজাৰ পৰা পুৱা ০৭:২১ বজালৈ থাকিব ৷

  • মা শৈলপুত্ৰীৰ পূজা পদ্ধতি

নৱৰাত্ৰিৰ প্ৰথম দিনা মা শৈলপুত্ৰীৰ পূজা কৰা হয় ৷ মা শৈলপুত্ৰী হিমালয়ৰ কন্যা হোৱাৰ বাবেই এই নামেৰে পৰিচিত ৷ নৱৰাত্ৰিৰ প্ৰথম দিনাই পুৱা স্নান কৰাৰ পিচত পৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰিব লাগে ৷ এতিয়া এখন থাপনা বা য’ত আপুনি দেৱী দুৰ্গাৰ প্ৰতিমা বা ফটোৰ পূজা কৰিব বুলি ভাবিছে সেই স্থানত গংগাজল ছটিয়াই শুদ্ধিকৰণ কৰক ৷ এতিয়া মা দুৰ্গাৰ প্ৰতিমূৰ্তি বা মূৰ্তি স্থাপন কৰক ৷ মা দুৰ্গাৰ সন্মুখত ধূপ, চাকি আৰু দেশী ঘিউৰ চাকি জ্বলাব পাৰে ৷ মা শৈলপুত্ৰীক ভোগ আগবঢ়াওক ৷ ইয়াৰ পিচত মা শৈলপুত্ৰীৰ আৰতি কৰক ৷ তাৰ পিচত কথা আৰু দুৰ্গা চালিছা বা সপ্তশতী পাঠ কৰক ৷

  • নৱৰাত্ৰিৰ প্ৰথম দিনাৰ শুভ সময়
  1. ব্ৰহ্ম মুহূৰ্ত- পুৱা ০৪:৩৭ বজাৰ পৰা পুৱা ০৫:২৬ বজালৈ
  2. প্ৰাতঃ সন্ধ্যা- পুৱা ০৫:০১ বজাৰ পৰা পুৱা ০৬:১৪ বজালৈ
  3. অমৃত কাল- পুৱা ০৮:৪৫ বজাৰ পৰা ১০:৩৩ বজালৈ
  4. অভিজিৎ মুহূৰ্ত- পুৱা ১১:৪৫ বজাৰ পৰা নিশা ১২:৩৩ বজালৈ
  5. বিজয় মুহূৰ্ত- দুপৰীয়া ০২:০৭ বজাৰ পৰা দুপৰীয়া ০২:৫৪ বজালৈ
  • নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ শুভ ৰং

মা শৈলপুত্ৰী ৰঙা ৰঙৰ প্ৰতি বৰ আকৰ্ষিত ৷ সেয়েহে নৱৰাত্ৰিৰ প্ৰথম দিনাই পূজা-পাতলত ৰঙা ৰং ব্যৱহাৰ কৰিব পাৰে ৷

  • মা শৈলপুত্ৰী প্ৰসাদ ভোগ

মা শৈলপুত্ৰীৰ বাহন হৈছে গৰু ৷ সেয়েহে গৰুৰ গাখীৰৰ পৰা তৈয়াৰী বস্তু তেওঁক আগবঢ়োৱাটো শুভ বুলি গণ্য কৰা হয় ৷ মা শৈলপুত্ৰীক আপুনি গাখীৰৰ পৰা তৈয়াৰী খীৰ বা মিঠাই আগবঢ়াব পাৰে ৷

  • মা শৈলপুত্ৰী বীজ মন্ত্ৰ

या देवी सर्वभूतेषु मां शैलपुत्री रूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥

मां शैलपुत्री मंत्र- 1. ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ॐ शैलपुत्री देव्यै नम।

वन्देवांछितलाभाय चन्दार्धकृतशेखराम्। वृषारूढां शूलधरां शैलपुत्रीं यशस्विनीम्।।

এইসমূহ মন্ত্ৰ পাঠ কৰিব পাৰে ৷

  • মা শৈলপুত্ৰীৰ কাহিনী-

শৈলপুত্ৰীক দেৱী দুৰ্গাৰ ৯টা ৰূপৰ ভিতৰত প্ৰথম ৰূপ বুলি গণ্য কৰা হয় ৷ হিমালয়ৰ কন্যা হিচাপে জন্মগ্ৰহণ কৰাৰ বাবেই দেৱীৰ নাম শৈলপুত্ৰী ৰখা হৈছিল ৷ কাহিনী অনুসৰি দক্ষ প্ৰজাপতিয়ে যজ্ঞৰ আয়োজন কৰিছিল ৷ সকলো দেৱতাক নিমন্ত্ৰণ কৰা হৈছিল যদিও ভগৱান শিৱক নিমন্ত্ৰণ কৰা হোৱা নাছিল ৷ সতী যজ্ঞলৈ যাবলৈ আগ্ৰহী হৈ পৰিল ৷ ভগৱান শিৱই নিমন্ত্ৰণ অবিহনে যজ্ঞৰ ওচৰলৈ যাবলৈও অস্বীকাৰ কৰিলে যদিও সতীৰ প্ৰৱল জোৰত অনুমতি দিলে ৷ তালৈ যোৱাৰ সময়ত সতীক অপমান কৰা হৈছিল ৷ এই কথাত মৰ্মাহত হৈ সতীয়ে যজ্ঞৰ অগ্নিত নিজকে দহন কৰে ৷ তেতিয়া ভগৱান শিৱ ক্ৰোধিত হৈ গোটেই যজ্ঞক ধ্বংস কৰি পেলালে ৷ ইয়াৰ পিচত শৈলৰাজ হিমালয়ৰ কন্যা হিচাপে পুনৰ জন্মগ্ৰহণ কৰা একেই সতীক শৈলপুত্ৰী বুলি কোৱা হৈছিল ৷ কাশী খণ্ডত মা শৈলপুত্ৰীৰ স্থান মাঢ়িয়া ঘাট বুলি কোৱা হয় যিটো বৰ্তমান আলাইপুৰ অঞ্চলত আছে ৷

লগতে পঢ়ক: দোলাৰে আহি ঘোঁৰাত উভতিব দেৱী দুৰ্গা; জানি লওক কি হ’ব দেৱীৰ আগমন আৰু গমনৰ ফল - Durga Puja 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.