ETV Bharat / state

কেৱল এশিঙীয়া গঁড়েই নহয়; এতিয়াৰে পৰা কাজিৰঙালৈ আহিলে দেখা পাব ভিনটেজ কাৰ-বাইকো - Vintage Car Museum at Kaziranga

author img

By ETV Bharat Assamese Team

Published : 4 hours ago

Vintage Car and bike: কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰত সংযোজন এক নতুন অধ্যায়ৰ । পৰ্যটকৰ বাবে মুকলি হ’ল শ বছৰ পুৰণি যান-বাহনৰ সংগ্ৰহালয় । এতিয়া আপুনিও নষ্টালজিক হ'ব পাৰে এই পুৰণি গাড়ীৰ জগতখনত প্ৰৱেশ কৰি । চাওক সবিশেষ...

Vintage Car Museum
পুৰণি গাড়ীৰ প্ৰতি আকৰ্ষণ আছে ? কাজিৰঙালৈ আহক (ETV Bharat Assam)

কাজিৰঙা, ৩ অক্টোবৰ : আপুনি যদি ইচ্ছা প্ৰকাশ কৰে, তেন্তে পুৰণি দিনৰ গাড়ী, বাইক চাবলৈ আহক কাজিৰঙালৈ । আপোনাৰ ককা-আজোককাৰ সময়ৰ গাড়ী-মটৰচাইকেল চলাবলৈ আপুনি আহিব লাগিব কাজিৰঙাৰ কাষৰ গেলেকীলৈ ৷ বহু বছৰ ধৰি ভিণ্টেজ কাৰ সংগ্ৰহ কৰি অহা পিকলু ডেকাই কাজিৰঙাত 'Treasured Wheels' নামেৰে এটা ‘ভিণ্টেজ কাৰ সংগ্ৰহালয়’ স্থাপন কৰিছে । দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ চাৰিচকীয়া বাহন, দুচকীয়া বাহন আদি বিভিন্ন সামগ্ৰী ইয়াত প্ৰত্যক্ষ কৰিব পাৰিব আপুনি ।

চাৰিকুৰি বছৰ গৰকা কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰত এতিয়াৰে পৰা সংযোজন হ’ল এক নতুন অধ্যায়ৰ ৷ ৰাষ্ট্ৰীয় উদ্যানৰ নৈসৰ্গিক পৰিৱেশত সময় কটোৱাৰ লগতে কাজিৰঙালৈ আগমন ঘটা পৰ্যটকে চাব পাৰিব শ শ বছৰ পুৰণি বাহন ৷

কাজিৰঙালৈ আহিলে দেখা পাব ভিনটেজ কাৰ-বাইক (ETV Bharat)

এটা খৰ্গ থকা গঁড়, ঢেকীয়াপতীয়া, বিভিন্ন পশু-পক্ষী, সৰীসৃপক নিজৰ বুকুত আশ্ৰয় দি বিশ্বৰ মানচিত্ৰত স্থান লাভ কৰিবলৈ সক্ষম হোৱা কাজিৰঙাত মুকলি হয় এই আন্তৰ্জাতিক মানৰ সংগ্ৰহালয়টো ৷ কাজিৰঙাৰ গেলেকীত পিকলু ডেকা নামৰ লোকজনৰ নিজা প্ৰচেষ্টাত স্থাপন কৰা এই সংগ্ৰহালয়টিত থকা ১৯০১ চনৰ এখন মটৰচাইকেল চলোৱাৰ লগতে ভিনটেজ কাৰত উঠি মন্ত্ৰী অতুল বৰাই আনুষ্ঠানিকভাৱে মুকলি কৰে সংগ্ৰহালয়টো ৷

আনহাতে, সংগ্ৰহালয়টো মুকলিৰ পিচতেই ট্ৰেজাৰ হুইলছৰ তৰফৰ পৰা এক ভিনটেজ কাৰ ৰেলীও উলিওৱা হয় ৷ এই ৰেলীত দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহাৰ হোৱা এম ২০ বাইক চলাই অংশগ্ৰহণ কৰে কৃষি মন্ত্ৰী অতুল বৰাই ৷ ৰাজপথৰ এই ভিনটেজ কাৰ ৰেলীত ভক্স ৱেগন মিনিভেন, দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহৃত দুখন জীপ, ১৯৪৮ চনৰ ইটালিয়ান ফিয়েট, ১৯৬২ চনৰ এম্বেছেডৰৰ লগতে কেইবাখনো পুৰণি মডেলৰ বাহন, দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহাৰ হোৱা ৬ খন বাইক, ৪ খন পেৰাট্ৰুপাৰ চাইকেল চলে ৷

কাজিৰঙাত ৰাজ্যখনৰ প্ৰথমখন ভিনটেজ কাৰৰ মিউজিয়ামটো আনুষ্ঠানিকভাৱে ফিটা কাটি বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাই পৰ্যটকৰ বাবে মুকলি কৰে । সংগ্ৰহালয়টি মুকলিৰ পাচতেই পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই সংগ্ৰহালয় পৰিদৰ্শন কৰি সংগ্ৰহকাৰী পিকলু ডেকাৰ প্ৰচেষ্টাৰ শলাগ লয় ৷

মন্ত্ৰী অতুল বৰাই ভিনটেজ কাৰ মিউজিয়ামত উপস্থিত হৈ আপ্লুত হোৱাৰ লগতে সংগ্ৰহালয়টোৰ স্বত্বাধিকাৰী পিকলু ডেকাৰ এনে কাৰ্যৰ প্ৰতি শলাগ লয় ।

উল্লেখ্য যে এসময়ৰ সুদক্ষ ফুটবল খেলুৱৈ পিকলু ডেকাই একক প্ৰচেষ্টাৰে সুদীৰ্ঘ ৩০ বছৰ কাল এই বাহনসমূহ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰি এই আপুৰুগীয়া সংগ্ৰহালয়টো প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে । ইয়াৰ লগতে কাজিৰঙাৰ ৰাজপথত চলাবৰ বাবে ভিনটেজ কাৰ আৰু বাইকসমূহ সাজু কৰি উলিয়াইছে পিকলু ডেকাই ।

নিশ্চিতভাৱে কাজিৰঙা দৰ্শন কৰিবলৈ অহা দেশী-বিদেশী পৰ্যটকৰ বাবে এতিয়াৰে পৰা অন্যতম আকৰ্ষণ হ'ব এই ভিনটেজ কাৰকসমূহ । স্বত্বাধিকাৰী পিকলু ডেকাই জনোৱা মতে, পৰ্যটকে কাজিৰঙাৰ ৰাজপথত এই ভিনটেজ কাৰসমূহ নিজেই চলাব পাৰিব ।

আনহাতে, এই সংগ্ৰহালয়টোত দৰ্শনাৰ্থীয়ে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ ট্ৰাক, জীপকে আদি কৰি অৰ্ধ শতাধিক পুৰণি গাড়ী, ৭০ খনমান বাইক, ৩০-৩৫ খন চাইকেল, পুৰণি গ্ৰেণ্ড পিয়ানো, ১০০ বছৰ পুৰণি কুঠাৰ, ৰেডিঅ’, ফ্ৰীজ আদি প্ৰত্যক্ষ কৰিব পাৰিব ৷

সংগ্ৰহালয়টো মুকলি অনুষ্ঠানত সংগ্ৰহকাৰী পিকলু ডেকাৰ লগতে তেখেতৰ পৰিবাৰ আৰু দিল্লী ইউনিভাৰ্ছিটীত মিউজিঅ’ল’জী বিভাগত অধ্যয়নৰত কন্যা কাব্যা ডেকাও উপস্থিত থাকে ৷

লগতে পঢ়ক :দুৰ্গা পূজাৰ প্ৰাকক্ষণত ভাল খবৰ: অসমৰ আঠবিধ সামগ্রী আৰু পানীয়ই লাভ কৰিলে জি আই টেগ - GI TAG
লগতে পঢ়ক :আঠবিধকৈ নতুন সামগ্ৰীয়ে জি আই টেগ লাভ কৰা বতৰাত উৎফুল্লিত ভূমিপুত্ৰ বড়ো ৰাইজ - GI TAG

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.