চিৰাং, 8 মাৰ্চঃ দেওবাৰে চিৰাঙত সদৌ অসম চাওতাল মহিলা সন্থাৰ প্ৰতিষ্ঠা দিৱস আৰু নাৰী দিৱস উদযাপন কৰা হয় । এই অনুষ্ঠানত মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু বিটিচি উপমুখ্য খাম্পা বৰগয়াৰীৰ লগতে বিভিন্ন জনগোষ্ঠীৰ মহিলা সংগঠন তথা আদীবাসী জাতীয় দল সংগঠনৰ অংশগ্ৰহণ কৰে ।
অসমৰ চাওতাল জনগোষ্ঠীৰ লোক সকলে বঞ্চিত, শোষিত আৰু নিষ্পেষিত বুলি নিজকে কৈ অহা কথাটোৰ কিছু বাস্তৱতা আছে ৷ এই মন্তব্য অসম চৰকাৰৰ পৰ্যটন আৰু ভৈয়াম জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্মৰ ৷ চিৰাং জিলাৰ সুন্দৰীস্থিত সুন্দৰী এম ই বিদ্যালয় খেলপথাৰত অনুষ্ঠিত সদৌ অসম চাওতাল মহিলা সন্থাৰ ১৩ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে আয়োজিত মুকলি সভাত অংশ লৈ মন্ত্ৰী চন্দন ব্ৰহ্মই এদিন চাওতাল সকলৰ উন্নতি হ'ব বুলি মন্তব্য কৰে ৷
উক্ত সভাত বিপিএফৰ মহিলা গোটৰ কেন্দ্ৰীয় সভানেত্ৰী সুপ্ৰীয়া ৰাণী ব্ৰহ্ম, সদৌ কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী মালতী ৰায়, চাওতালী সাহিত্য সভাৰ সভাপতি মোছেৰাম মাৰাণ্ডী, সাধাৰণ সম্পাদক উইলিয়াম মুৰ্মূ, সদৌ চাওতাল ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰিমণ চৰেণ, আছাৰ সভাপতি ষ্টিফেন লাক্ৰা প্ৰমুখ্যে ভালেমান অতিথি উপস্থিত থাকে ৷ চিৰাং জিলা চাওতাল ছাত্ৰ সন্থাৰ সহযোগত দুদিনীয়াকৈ অনুষ্ঠিত সন্থাৰ প্ৰতিষ্ঠা দিৱস আৰু নাৰী দিৱসৰ মুকলি সভাত কেবাহাজাৰ লোকে অংশ গ্ৰহণ কৰে ৷