ETV Bharat / state

পৰিত্যক্ত চিকিৎসালয় পৰিদৰ্শন বিটিআৰ স্বাস্থ্য বিভাগৰ কাৰ্য্যবাহী সদস্যৰ - চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী

চিৰাঙৰ বাসুগাঁৱৰ পৰিত্যক্ত চিকিৎসালয়ত বিটিআৰ স্বাস্থ্য বিভাগৰ কাৰ্য্যবাহী সদস্য অৰূপ দে । চিকিৎসালয়খন ছমাহৰ ভিতৰতে কাৰ্য্যক্ষম কৰি তোলাৰ আশ্বাস অৰূপ দে’ৰ।

chirang-abandoned-hospital-visit-btr-em
পৰিত্যাক্ত চিকিৎসালয় পৰিদৰ্শন বিটিআৰ স্বাস্থ্য বিভাগৰ কাৰ্য্যবাহি সদস্যৰ
author img

By

Published : May 28, 2021, 10:15 PM IST

চিৰাং, 28 মে': চিৰাং জিলাৰ বাসুগাঁও পৌৰ সভাৰ ২নং ৱাৰ্ডৰ পৰিত্যক্ত চিকিৎসালয় ভ্ৰমন বিটিআৰ স্বাস্থ্য বিভাগৰ কাৰ্য্যবাহী সদস্য অৰূপ কুমাৰ দে’ৰ । এই খন ৩০ বিচনাৰ আদৰ্শ চিকিৎসালয় যোৱা ২০০৪ চনতে নিৰ্মান সম্পূৰ্ণ হৈছিল যদিও বিভাগীয় ভাৱে কাৰ্য্যক্ষম কৰি তোলা নাছিল ।

ফলত যোৱা ১৮ টা বছৰে পৰিত্যাক্ত অৱস্থাত আছিল চিকিৎসালয় খন । শেষতীয়াভাৱে গৰু-ছাগলীৰ জিৰণিচ’ৰাত পৰিণত হোৱা কেইবাকোটি টকাৰ চিকিৎসলয়খন জহি খহি গৈছিল । বাসুগাঁও বাসীয়ে চিকিৎসাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বিশেষকৈ ক’ভিডৰ এই সময়ছোৱাত ।

পৰিত্যাক্ত চিকিৎসালয় পৰিদৰ্শন বিটিআৰ স্বাস্থ্য বিভাগৰ কাৰ্য্যবাহি সদস্যৰ

বিগত সময়ত অসম চৰকাৰ বা বিটিচি চৰকাৰৰ কোনেও এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাছিল । ইউপিপিএলৰ নেতৃত্বত বিটিআৰ গঠনৰ পিচত বুধবাৰে চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে ভ্ৰমন কৰি চিকিৎসালয় খনৰ পৰিস্থিতি প্ৰত্যক্ষ কৰি দুখ প্ৰকাশ কৰাৰ লগতে মুখ্য মন্ত্ৰীৰে আলোচনা কৰি কাৰ্যক্ষম কৰি তোলাৰ প্ৰতিশ্ৰুতি দিছিল ।

তাৰ পিচতে শুকুৰবাৰে হঠাৎ বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্য্যবাহী সদস্য অৰূপ দে নিজে চিকিৎসালয়খন পৰিদৰ্শন কৰি দুখ প্ৰকাশ কৰাৰ লগতে কয় যে অহা ছমাহৰ ভিতৰতে এই খন চিকিৎসালয় কাৰ্যক্ষম কৰি তোলা হ’ব ।

চিকিৎসালয়ৰ প্ৰয়োজনীয় সকলো যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়ে সদস্য জনে । বিগত সময়ছোৱাত বিপিএফে চিকিৎসালয়খন কাৰ্যক্ষম নকৰাত সমালোচনা কৰি তেওঁ কয় যে পূৰ্বতে কি হৈছে সেয়া সকলোৱে জানে । ইউপিপিএলয়ে এতিয়া স্বাস্থ্য, কৃষি তথা অন্যান্য বিষয়ত গুৰুত্ব সহকাৰে কাম কৰিব আৰু বিটিআৰৰ উন্নয়ন কৰি যাব ।

তেওঁ লগতে কয় যে, বৰ্তমান বিটিআৰ চৰকাৰে ৰাইজৰ সহায় তথা সংবাদ মাধ্যমৰ পৰামৰ্শ লৈ উন্নয়নৰ কাম গুৰুত্ব সহকাৰে কৰি যাব বুলি স্পষ্ট কৰে বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্য্যবাহি সদস্য অৰূপ দে’ই ।

লগতে পঢ়ক : হাতত বেলছা-পাচি লৈ মথাউৰি নিৰ্মাণত ব্যস্ত বিধায়ক অমিয় কুমাৰ ভূঞা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.