ETV Bharat / state

চিৰাঙত সদৌ অসম আশা কৰ্মী সন্থাৰ প্ৰতিবাদ

বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো আশা কৰ্মীৰ সমস্যাৰ প্ৰতি পিঠি দিছে চৰকাৰে । বুধবাৰে বিভিন্ন সমস্যা সমাধানৰ দাবীত চিৰাঙত আশা কৰ্মীৰ প্ৰতিবাদ । জিলা উপায়ুক্তৰ জড়িয়তে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে আশা কৰ্মীসকলে ।

author img

By

Published : Jan 20, 2021, 3:04 PM IST

সদৌ অসম আশা কৰ্মী সন্থাৰ প্ৰতিবাদত উত্তাল চিৰাং

চিৰাং, ২০ জানুৱাৰী: প্ৰতিকূল বতৰকো নেওচি চিৰাঙত ৰাজপথলৈ ওলাই আহিল আশা কৰ্মীসকল । মজুৰি বৃদ্ধি, পদ নিয়মীয়াকৰণকে ধৰি ৬টা সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । লগতে ২০১৩ চনৰ পৰা ২০১৭ চনলৈকে বকেয়া ধন আশা কৰ্মীসকলক মোকলাই দিয়া নাই বুলিও অভিযোগ উত্থাপন কৰে । শীঘ্ৰে এই বকেয়া ধন আদায় দিবলৈও দাবী জনায় । আশা কৰ্মীসকলক অটল অমৃত আৰু আয়ুস্মান ভাৰতৰ চিকিৎসাজনিত কাৰ্ড প্ৰদান কৰাৰো দাবী জনায় আশা কৰ্মীসকলে ।

চৰকাৰে আশা কৰ্মীসকলৰে আলোচনাত মিলিত নোহোৱা পৰ্যন্ত তেওঁলোকে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি যাব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে । বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত আশা কৰ্মীসকলে জিলা উপায়ুক্তৰ জড়িয়তে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণে ভাবুকি মাতিছে টীয়কৰ আবাসিক অঞ্চললৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.