ETV Bharat / state

BTR Chief Pramod Boro: পৃথক কমতাপুৰ এটা অলীক সপোন: প্ৰমোদ বড়ো

চিৰাঙৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰ পৰিদৰ্শন বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ (BTR chief Pramod Boro visited BRPL) । পৃথক কমতাপুৰ ৰাজ্য সন্দৰ্ভত কে এল অ'ই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰমোদ বড়োৰ ।

author img

By

Published : Jan 3, 2023, 6:15 PM IST

Pramod Boro
Pramod Boro
পৃথক কমতাপুৰ এটা অলীক সপোন: প্ৰমোদ বড়ো

চিৰাং, ৩ জানুৱাৰী : চিৰাঙৰ ঢালিগাঁওস্থিত ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰ পৰিদৰ্শন বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ (BTR chief Pramod Boro visited BRPL) । বঙাইগাঁও শোধনাগাৰ এটা বৃহৎ উদ্যোগ আৰু বহু দিনৰ পৰাই শোধনাগাৰটো পৰিদৰ্শন কৰি ইয়াৰ বুজ লোৱাৰ ইচ্ছা আছিল যদিও সময় হৈ উঠা নাছিল (Bongaigaon Refinery and Petrochemicals Limited) । সেয়ে আজি সময় উলিয়াই শোধনাগাৰটো পৰিদৰ্শন কৰিবলৈ অহা বুলি জনায় প্ৰমোদ বড়োৱে ।

শোধনাগাৰটোৱে স্থানীয় বহু লোকক কৰ্মসংস্থাপন দিয়াৰ লগতে স্থানীয় উন্নয়নৰ কাম কৰা বুলিও কয় প্ৰমোদ বড়োৱে । আনহাতে, সোমবাৰে কমতাপুৰ ৰাজ্যৰ পুনৰ গঠন সন্দৰ্ভত কে এল অ'ৰ তৰফৰ পৰা দিয়া বাৰ্তাৰ ওপৰতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰমোদ বড়োৱে (Pramod Boro reacted on seperate Kamatapur demand) । তেওঁ কয় যে এয়া কে এল অ'ৰ (KLO) এটা সপোন হ'ব পাৰে । কিন্তু অসম চৰকাৰ আৰু ভাৰত চৰকাৰে সেয়া কেনেদৰে কৰিব বুলিও উল্লেখ কৰে তেওঁ । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় যে এয়া এটা তেনেই সৰু কথা নহয় ।

ৰাজ্য এখনৰ লগত সংলগ্ন অঞ্চল এটাক নতুন ৰাজ্য হিচাপে গঠন কৰাটো মুখৰ কথা নহয় বুলি তেওঁ কয় । লগতে কে এল অ'ৰ সমস্যা সমাধান হোৱাত তেওঁৰ ক'বলগীয়া নাই বুলি উল্লেখ কৰি লগতে কয় যে তেওঁলোকে কোৱাৰ দৰে সমস্যা সমাধান কৰাটো সম্ভৱ নহয় । কাৰণ এই অঞ্চলটোৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ আৰ্থ-সামাজিক পৰিচয়, জাতীয় অস্তিত্ব আদিৰ কথা আছে । যদি তেনেকুৱাই হয় তেন্তে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আমাৰ লগত কথা পাতিব লাগিব বুলিও প্ৰমোদ বড়োৱে উল্লেখ কৰে ।

আনহাতে, বঙাইগাঁও শোধনাগাৰত থলুৱা নিযুক্তিৰ সন্দৰ্ভতো মন্তব্য কৰে প্ৰমোদ বড়োৱে । বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে বঙাইগাঁও শোধনাগাৰত প্ৰৱেশ কৰি শোধনাগাৰৰ ভিতৰচ'ৰা পৰিদৰ্শন কৰে । তেওঁৰ লগত চিডলি সমষ্টীৰ বিধায়ক জয়ন্ত বসুমতাৰী, পাৰিষদ মাধৱ ছেত্ৰী আৰু বঙাইগাঁও শোধনাগাৰৰ বিভিন্ন বিষয়ববীয়াই সংগ দিয়ে ।

উল্লেখ্য, পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন, কোচ ৰাজবংশী জনগোষ্ঠীক ভৈয়াম জনজাতিকৰণ আৰু কে এল অ'ৰ লগত কেন্দ্ৰীয় চৰকাৰৰ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ দাবী বিভিন্ন সময়ত উত্থাপন হৈ আহিছে আৰু প্ৰতিবাদো সাব্যস্ত হৈছে । উল্লেখ্য যে ১৯৪৯ চনৰ ২৮ আগষ্টতে তদানীন্তন কেন্দ্ৰীয় চৰকাৰ আৰু কোচ ৰজাৰ লগত এক ঐতিহাসিক চুক্তি হৈছিল ।

সেই চুক্তিমতে কোচ ৰাজবংশীসকলে ৰাজ্য লাভ কৰিব লাগিছিল । কিন্তু বিভাজন নীতিৰে কোচ ৰাজবংশী জনগোষ্ঠীক প্ৰাপ্য মৰ্যাদা প্ৰদান নকৰা বুলি আক্ৰাছু নেতা বিশ্বজিৎ ৰয়ে অভিযোগ কৰে ৷ ইয়াৰ উপৰি ১৯৬২ চনৰ পৰা কোচ ৰাজবংশীসকলক ভৈয়াম জনজাতিকৰণৰ বাবে দাবী উত্থাপন কৰি আহিছে যদিও ১৯৯৬ চনত কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিও এবছৰ পাছত পুনৰ কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ পৰা বঞ্চিত কৰা বুলি উল্লেখ কৰি আক্ৰাছুৰ নেতা বিশ্বজিৎ ৰয়ে । নিজৰ প্ৰাপ্যৰ বাবে সুদীৰ্ঘকাল ধৰি কোচ ৰাজবংশীসকলে আন্দোলন কৰি আহিছে যদিও কেন্দ্ৰ আৰু ৰাজ্যত কংগ্ৰেছ আৰু বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছত আজিলৈকে কোচ ৰাজবংশীসকলৰ সমস্যা সমাধান নকৰাৰো অভিযোগ (Separate Kamatapur state demand) ।

লগতে পঢ়ক :Protest at Sivasagar : শান্তি প্ৰতিষ্ঠাৰ দাবীত অকলেই প্ৰতিবাদত বহিল প্ৰাঞ্জল ৰাজগুৰু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.