ETV Bharat / state

বিজেপিয়ে বিপিএফক বিশ্বাসঘাটকতা কৰি ইউপিপিএলৰ সৈতে গোপন মিত্ৰতা কৰিছে

author img

By

Published : Sep 28, 2020, 5:05 PM IST

বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীৰে চিৰাঙত প্ৰতিখন জিলাৰ ব্লক সমিতিৰ মহিলাসকলে সমদল উলিয়াই জিলা উপায়ুক্তৰ জৰিয়তে নিৰ্বাচনী আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে । বিজেপিয়ে বিপিএফৰ সৈতে মিত্ৰতা বৰ্তাই ৰখাৰ পাচতো বিশ্বাসঘাটকতা কৰি ইউপিপিএলৰ সৈতে গোপনে মিত্ৰতা চলাই আছে বুলি বিপিএফৰ মহিলা কোষৰ কেন্দ্ৰীয় সভানেত্ৰী সুপ্ৰীয়া ৰাণী ব্ৰহ্মই এই কথা উল্লেখ কৰে ৷

BPF woman rally in Chirang
চিৰাঙত বিপিএফ মহিলা কোষৰ ৰেলী

চিৰাং, 28 ছেপ্তেম্বৰ: বিটিচিৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীৰে সোমবাৰে চিৰাঙত বিপিএফৰ মহিলা কোষে সমদল উলিওৱাৰ লগতে ৰাজ্যিক নিৰ্বাচন আয়োগলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ পুৱা 10 বজাত নিজ কাৰ্যালয়ৰ প্ৰাংগনৰ পৰা সমদল উলিয়াই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে বিপিএফৰ মহিলা সদস্যাসকলে ৷

প্ৰতিবাদত উই ৱান্ট ইলেক্চন,ইলেক্চন আমাক লাগিবই,বিপিএফ জিন্দাবাদ আদি শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷ কাৰ্যসূচীৰ অন্তত মহিলা কোষৰ কেন্দ্ৰীয় সভানেত্ৰী সুপ্ৰিয়াৰাণী ব্ৰহ্মই জিলা উপায়ুক্ত জৰিয়তে ৰাজ্যিক নিৰ্বাচন আয়োগলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

চিৰাঙত বিপিএফ মহিলা কোষৰ ৰেলী

কেন্দ্ৰীয় সভানেত্ৰী সুপ্ৰীয়া ৰাণী ব্ৰহ্মই কয় যে, ‘‘আজিৰ দিনত বিপিএফ-বিজেপিৰ মিত্ৰতা অপ্ৰাসংগিক হৈ পৰিছে । এয়া আন্তৰিকতাবিহীন মিত্ৰতা । বিজেপিয়ে বিপিএফৰ সৈতে মিত্ৰতা বাহাল ৰাখিছে ৷ কিন্তু বিজেপিয়ে বিপিএফক সহায় নকৰি ইউপিপিএল দলকহে সহায় কৰি আছে । বিপিএফে এতিয়াও বিজেপিৰ সৈতে মিত্ৰতাৰ সন্মান ৰক্ষা কৰি আছে’’ ।

‘‘বিটিচিত বিজেপিৰ অৱস্থা বহুত বেয়া হৈ আছে । তেওঁলোকে দুই তিনিখনো আসন নাপাব ৷ সেয়েহে কৌশলগতভাৱে নিৰ্বাচন পিচুৱাই বিজেপিৰ দলীয় স্থিতি মজবুত কৰাৰ চেষ্টা চলাই আছে’’ ৷ লগতে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিপিএফৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে মহিলা বিপিএফৰ কেন্দ্ৰীয় সভানেত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক: বিটিচি পৰিষদীয় নিৰ্বাচনৰ দাবীৰে বিপিএফৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.