ETV Bharat / state

বিটিআৰ চুক্তিৰ কোনো আইনী বা সাংবিধানিক বৈধতা নাইঃ চন্দন ব্ৰহ্ম - BPF

বিটিআৰ চুক্তিৰ কোনো আইনী বা সাংবিধানিক বৈধতা নাই ৷ দেওবাৰে চিৰাঙৰ কাজলগাঁৱত বিপিএফৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি এনেদৰে মন্তব্য কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই ৷ বিটিচি চুক্তিৰহে আইনী আৰু সাংবিধানিক বৈধতা আছে । ইউপিপিএল দলে বিটিআৰ চুক্তিলৈ ৰাজনীতি কৰি আছে । যি চুক্তিৰ সাংবিধানিক আৰু আইনী বৈধতা নাই সেই চুক্তিলৈ বিটিচি চুক্তি নস্যাৎ কৰিব বিচাৰিছে প্ৰমোদ বড়োই, বুলিও মন্তব্য কৰে চন্দন ব্ৰহ্মই ।

বিটিআৰ চুক্তি
বিটিআৰ চুক্তিৰ কোনো আইনী বা সাংবিধানিক বৈধতা নাইঃ চন্দন ব্ৰহ্ম
author img

By

Published : Mar 15, 2020, 6:06 PM IST

চিৰাং, 15 মাৰ্চঃ তুংগত উঠিছে বিটিচি নিৰ্বাচনৰ প্ৰস্তুতি । সকলো ৰাজনৈতিক দল তৎপৰ হৈ পৰিছে । আৰম্ভ হৈছে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া । বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপি দলে অকলে প্ৰতিদন্দিতা কৰাৰ কথা কৈ অহাৰ বিপৰিতে বিপিএফ দলৰ বিষয়ববীয়া সকলেও সভাই সমিতিয়ে কোৱা পৰিলক্ষিত হৈছে ‌বিজেপিৰ লগত মিত্ৰতা বাহাল থাকিব বুলি । দেওবাৰে চিৰাং জিলাৰ সদৰ কাজলগাঁৱত বিপিএফ দলৰ নিৰ্বাচনী কাৰ্যালয় উদ্ধোধন কৰি চন্দন ব্ৰহ্মই কয় যে, বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপি,অগপ আৰু বিপিএফ দলৰ মিত্ৰতা বাহাল থাকিব । মন্ত্ৰীজনে সভাত কয় যে, বিটিআৰ চুক্তিৰ কোনো আইনী বা সাংবিধানিক বৈধতা নাই । বিটিচি চুক্তিৰহে আইনী আৰু সাংবিধানিক বৈধতা আছে । ইউপিপিএল দলে বিটিআৰ চুক্তিলৈ ৰাজনীতি কৰি আছে । যি চুক্তিৰ সাংবিধানিক আৰু আইনী বৈধতা নাই সেই চুক্তিলৈ বিটিচি চুক্তি নস্যাৎ কৰিব বিচাৰিছে প্ৰমোদ বড়োই ।

বিটিআৰ চুক্তি
বিটিআৰ চুক্তিৰ কোনো আইনী বা সাংবিধানিক বৈধতা নাইঃ চন্দন ব্ৰহ্ম

ব্ৰহ্মই প্ৰমোদ বড়োক সমালোচনা কৰি কয় যে, প্ৰমোদ বড়ো মানসিকভাৱে অসুস্থ, এবছুৰ সভাপতি হৈ থকাৰে পৰা সদায় মিছা কথা কোৱা প্ৰমোদ বড়ো এবছুৰ নেতৃত্ব দিছিল । কোনে অধিকাৰ দিছিল প্ৰমোদ বড়োক এই চুক্তি কৰিবলৈ বুলি প্ৰশ্ন কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই । বিটিআৰ চুক্তিৰ বাবে যদি বিটিচিৰ সালসলনি হয় সেয়া ভাৱিবলগীয়া কথা ৷ কাৰণ সাংবিধানিক আৰু আইনী বৈধতা থকা বিটিচি চুক্তি নস্যাৎ হোৱাটো আমি নিবিচাৰো । বিটিআৰ চুক্তিৰ ৰাজ্যচৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট অনুমোদন নাই । এই চুক্তিলৈ আমাৰ মাজত কোনো বিভ্ৰান্ত হ'ব নালাগে বুলি কয় । ব্ৰহ্ প্ৰমোদ বড়োক সমালোচনা কৰি কয় যে, ইউপিপিএল দলৰ সভাপতি উৰ্খাউ গৌৰা ব্ৰহ্মৰ হাতে ভৰিয়ে ধৰি দীৰ্ঘদিন এবছুৰ সভাপতি হৈ আছিল । প্ৰমোদ বড়োৰ চৰিত্ৰ আমাৰ লোকে বুজিবলৈ বাকী নাই । এবছুৰ পৰা ওলাই আহি লগে লগেই কাৰ্যকৰী সভাপতি হ'ল । কিন্তু তাতো ক্ষান্ত নাথাকি যাৰ হাত ধৰি ডাঙৰ হ'ল তেওঁক ওফৰাই সভাপতি হ'ল প্ৰমোদ বড়ো । এতিয়া উৰ্খাউ গৌৰা নস্যাৎ কৰিব পৰা লোক প্ৰমোদ বড়োই সাধাৰন লোকক নস্যাৎ কৰাৰ সময় নালাগিব বুলিও কয় । গতিকে যিমানেই নাটক নকৰক বা ভাষন নিদিয়ক তেওঁৰ কথাত কান নিদিব বুলিও কয় মন্ত্ৰীজনে ৷ সমাগত বিটিচি পৰিষদীয় নিৰ্বাচনত ১৫ নম্বৰ কাজলগাঁও পৰিষদীয় সমষ্টিৰ পৰা পানীৰাম ব্ৰহ্মই বিপুল ভোটৰ ব্যৱধানত জয়ী হ'ব ।

আজি চিৰাং জিলাৰ ‌সদৰ কাজলগাঁৱস্থিত বজাৰ এলেকাত কাজলগাঁও সমষ্টি ভিত্তিত স্থাপন কৰা নিৰ্বাচনী কাৰ্যালয় উদ্বোধন আৰু প্ৰাৰ্থী সম্বৰ্ধনা সভাত উপস্থিত অংশ লৈ এইদৰে মন্তব্য কৰে মন্ত্ৰী ব্ৰহ্মই । 14 মাৰ্চত ওডালগুৰিত বিপিএফৰ সভাপতি আৰু সম্পাদক বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰা দ্বিতীয়খন তালিকাত ১৫ নম্বৰ কাজলগাঁও পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থীৰূপে পানীৰাম ব্ৰহ্মক প্ৰাৰ্থীত্ব প্ৰদান কৰাত দেওবাৰে কাজলগাঁৱত দলৰ নেতা-কৰ্মী পানীৰাম ব্ৰহ্মক প্ৰাৰ্থী হিচাপে নিৰ্বাচনী কাৰ্যালয়ত বিপুল আদৰণি জনায় । ইয়াৰ পূৰ্বে কাজলগাঁও সমষ্টি নিৰ্বাচনী সমিতিৰ কাৰ্যালয় মুকলি কৰে ৰাজ্যৰ পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্মই । কাজলগাঁও সমষ্টি নিৰ্বাচনী সমিতিৰ সভাপতি ভৱেন্দ্ৰ ব্ৰহ্মৰ পৌৰহিত্যত অনুষ্ঠিত কাৰ্যালয় মুকলি আৰু সম্বৰ্ধনা অনুষ্ঠানত মন্ত্ৰী চন্দন ব্ৰহ্মই ৰাইজৰ মাজত পুনৰবাৰ বিটিচি পৰিষদ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত গঠন হ'ব বুলি উল্লেখ কৰে । ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োই বিটিআৰ চুক্তিৰ দোহাই দি ৰাইজৰ মাজত মিছা কথা কৈ অহা বুলি উল্লেখ কৰে ।ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়ো এবছুৰ সভাপতি হৈ ক্ষমতা লাভৰ বাবে ইউপিপিএলক আহি সভাপতিৰ আসন গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে । মন্ত্ৰীজনে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰনীয়াক সমালোচনা কৰি কয় যে এতিয়া বড়ো-অবড়োৰ ৰাজনীতিও মানুহে বুজি উঠিছে । গতিকে তেওঁৰো ভাত মৰিল দেখিয়ে নাম সলাই গণ সুৰক্ষা দল নাম দি নতুন সংগঠন কৰিলেও ৰাইজ বুজাবলৈ বাকী নাই । নাম সলালেও ৰাইজে সকলো জানে ।

আনহাতে, সোমবাৰে অৰ্থাৎ 16 মাৰ্চত চিৰাং জিলাৰ কাজলগাঁও মহকুমাৰ অন্তৰ্গত ১৩ নং চিৰাং পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী অমৰ বসুমতাৰী, ১৪ নং চিৰাং দুৱাৰ সমষ্টিৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰী (বিটিচি উপমুখ‍্য) আৰু ১৫ নং কাজলগাঁও সমষ্টিৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্ম (বিটিচিৰ প্ৰাক্তন অধ‍্যক্ষ)ই মনোনয়ন দাখিল কৰিব বুলিও জনায় ।

আৰু পঢ়কঃ চৰকাৰী চিকিৎসালয়ৰ ঘোচখোৰ ডাক্তৰঃ গোপন কেমেৰৰ EXCLUSIVE দৃশ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.